অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

গতি

পদাৰ্থ বিজ্ঞানৰ সূত্ৰ অনুসৰি গতি বা চলনৰ (Motion) অৰ্থ হ'ল কোনো এক বস্তুৱে সময়ৰ সৈতে স্থান সলনি কৰা।

হালনাগাদ: ২০ জুন ২০২৫ ৫৭২ শব্দ · ৩ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

পদাৰ্থ বিজ্ঞানৰ সূত্ৰ অনুসৰি গতি বা চলনৰ (Motion) অৰ্থ হ'ল কোনো এক বস্তুৱে সময়ৰ সৈতে স্থান সলনি কৰা।১

দ্ৰুতি

মূল প্ৰবন্ধ: দ্ৰুতি

দ্ৰুতি হ'ল কোনো বিন্দুৰ প্ৰতি একক সময়ত হোৱা স্থানৰ পৰিবৰ্তনৰ হাৰৰ এক অদিশ ৰাশি। অৰ্থাৎ এটি বস্তুৰ গতিৰ হাৰক দ্ৰুতি বোলা হয়।২ যিহেতু গতিশীল বস্তু এটাৰ দ্ৰুতি সাধাৰণতে সমান হৈ নাথাকে, সেয়েহে গড় দ্ৰুতি উলিওৱা হয়। গড় দ্ৰুতি = মুঠ দূৰত্ব / মুঠ সময়৩

বেগ

মূল প্ৰবন্ধ: বেগ

বেগ হ'ল যিকোনো এটা গৈ থকা বস্তুৱে কিমান জোৰে গতি কৰিছে তাৰ পৰিমাণ বুজোৱা এটা ধ্ৰুৱক, যাৰ দিশ বস্তুটোৱে গতি কৰা দিশৰ সৈতে একে। দ্ৰুতিৰ দৰে এটি বস্তুৰ গতিৰ সময়ত বেগো সলনি হয়, সেয়েহে, গড় বেগ উলিওৱা হয়। গড় বেগ = সৰণ / মুঠ সময়৪

ত্বৰণ

মূল প্ৰবন্ধ: ত্বৰণ

গতিবেগ সলনি হোৱাৰ হাৰকে ত্বৰণ বোলে। ত্বৰণ = (অন্তিম বেগ - প্ৰাৰম্ভিক বেগ) / সময়।৫

গতিৰ ৩ বিধান

প্ৰথম বিধান

গতিৰ ১ম বিধানৰ মতে সকলো বস্তুৱে তাৰ চলনৰ অৱস্থাত অহা যিকোনো সালসলনিৰ বিৰোধিতা কৰে। অৰ্থাৎ বাহিৰা বলে ক্ৰিয়া নকৰিলে গতিশীল বস্তু একে গতিতে বা স্থিতিশীল বস্তু একে স্থিতিতে থাকিবলৈ প্ৰয়াস কৰে৬।

কোনো বস্তুৰ স্থান পৰিবৰ্তনৰ জোখক সৰণ বোলে। গাণিতিকভাবে, সুষম বেগত (v) গৈ থকা বস্তু এটাৰ বাবে

সৰণ ⟨s = vt⟩ য'ত v = বস্তুটোৰ বেগ আৰু t = সময়।

দ্বিতীয় বিধান

গতিৰ ২য় বিধানৰ মতে যেতিয়া কোনো বলে এটি বস্তুত কাম কৰে, বস্তুটোৰ গতিত ত্বৰণ দেখা যায়, আৰু বস্তুটোৰ ভৰ যিমানেই বেছি হ'ব, বস্তুটোৰ গতিত ত্বৰণ আনিবলৈ সিমানেই বল দিব লাগিব।৭ ২য় বিধানে আমাক বলৰ পৰিমাণ জনাত সহায় কৰে। ২য় বিধানে কয় যে, ৰৈখিক ভৰবেগৰ সলনিৰ হাৰ, বস্তুটোত প্ৰয়োগ কৰা বাহ্যিক বলৰ সমানুপতিক।৮ যদি F বল প্ৰয়োগ কৰি m ভৰৰ বস্তু এটাৰ বেগ t সময়ত uৰ পৰা vলৈ সলোৱা হ'ল ত্বৰণ a ৰে,

⟨F \propto {mv - mu \over t}⟩

⟨\rArr F \propto {m (v-u) \over t}⟩

⟨\rArr F \propto ma⟩ কাৰণ ত্বৰণ ⟨a = {v-u \over t}⟩

⟨\rArr F = kma⟩ য'ত k এটা সমানুপাতিক ধ্ৰুবক

এতিয়া যদি আমি এক একক ভৰ (m) -অৰ ওপৰত ক্ৰিয়া কৰি এক একক ত্বৰণ (a) উৎপন্ন কৰা বলকে (F) একক বল বুলি লওঁ অৰ্থাৎ F = m = a = 1 ধৰোঁ যাতে k = 1 হৈ পৰে, তেন্তে বলৰ সংজ্ঞা হ'ব

⟨F = ma⟩

উদাহৰণ স্বৰূপে MKS পদ্ধতিত বলৰ একক হৈছে "নিউটন।" সেয়ে এক নিউটন বলৰ সংজ্ঞা হ'ব যে ১ কিলোগ্ৰাম ভৰৰ কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰি ১ মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড ত্বৰণ উৎপন্ন কৰা বলকে ১ নিউটন বল বুলি কোৱা হয়'। ৯১০

দ্বিতীয় বিধানৰ পৰা প্ৰথম বিধান উলিওৱা

২য় বিধানৰ মতে, F=ma। ১ম বিধানৰ মতে যদি

⟨F=0⟩

⟨\rArr⟩⟨ma=0⟩

⟨\therefore a=0⟩

অৰ্থাৎ যদি মুঠ বল=০, কোনো ত্বৰণ দেখা নাযায়, ৰৈ থকা বস্তু ৰৈ থাকিব, আৰু গৈ থকা বস্তু সমান বেগেৰে গৈ থাকিব।১১

তৃতীয় বিধান

৩য় বিধানৰ মতে, যদি কোনো বস্তুৱে দ্বিতীয় বস্তুৰ ওপৰত বল দিয়ে, ২য় বস্তুটোৱেও ১ম বস্তুটোৰ ওপৰত সমানেই বল দিয়ে, কিন্তু বলৰ দিশ সদায় ওলোটা হয়।১২

গতিৰ ৩ সমীকৰণ

যদি কোনো বস্তুৰ 't' সময়ত 'a' ত্বৰণৰে 's' দূৰত্ব অতিক্ৰম কৰোঁতে (সৰণ) বেগ, 'u'ৰ পৰা 'v'লৈ সলনি হয় ( ⟨v_a⟩ হ'ল গড় বেগ) তেন্তে গতিৰ সমীকৰণ ৩টা হব১৩---------

⟨\begin{array}{lcr} 1) v=u+at \\ ( a={v-u \over t} \\ \rArr at=v-u \\ \rArr at+u=v \\ \rArr v=at+u ) \end{array}⟩ ⟨\begin{array}{lcr} 2) s=u+ {1 \over 2}at^2 \\ ( v_a={u+u+at \over 2}, \because v=u+at \\ \rArr v_a={2u+at \over 2} \\ \rArr v_a={2u \over 2}+{at \over 2} \\ \rArr v_a=u+{1 \over 2}at \cdots [1] \\ s=v_a \cdot t \\ \rArr s=u+{1 \over 2}at \cdot t \\ \rArr s=u+{1 \over 2}at^2 ) \end{array}⟩ ⟨\begin{array}{lcr} 3) 2as=v^2-u^2 \\ ( v=u+at \\ \rArr at=v-u \\ \rArr t={v-u \over a} \cdots [1] \\ s=v_a \cdot t \\ \rArr s={u+v \over 2} \times {v-u \over a} \\ \rArr 2as=(v+u)(v-u) \\ \rArr 2as=v^2-u^2 ) \end{array}⟩

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ www.thefreedictionary.com/speed
  3. ↑ আৰ্কাইভ কপি
  4. ↑ www.physicsclassroom.com/class/1DKin/Lesson-1/Sp
  5. ↑ www.physicsclassroom.com/class/1DKin/Lesson-1/Ac
  6. ↑ আৰ্কাইভ কপি
  7. ↑ আৰ্কাইভ কপি
  8. ↑ www.etutorphysics.com/tutorial_1.html
  9. ↑ edurev.in/studytube/Additional-Ncert-(Cbse)-ques
  10. ↑ আৰ্কাইভ কপি
  11. ↑ www.meritnation.com/ask-answer/question/prove-th
  12. ↑ আৰ্কাইভ কপি
  13. ↑ physics.info/motion-equations/

সম্পৰ্কিত শ্ৰেণী

গতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গতি” প্ৰবন্ধৰ সংশোধন ৫১৯৫৯৪ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।