অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

চেপেটা কৃমি

চেপেটা কৃমি শব্দটো গ্ৰীক শব্দ Platys অৰ্থাৎ Flat বা চেপেটা আৰু Helminths অৰ্থাৎ Worm বা কৃমি বা কীটৰ পৰা আহৰণ কৰা হৈছে। ই হৈছে অমেৰুদণ্ডী প্ৰাণীৰ এটা পৰ্ব।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪৩৭ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

চেপেটা কৃমি শব্দটো গ্ৰীক শব্দ Platys অৰ্থাৎ Flat বা চেপেটা আৰু Helminths অৰ্থাৎ Worm বা কৃমি বা কীটৰ পৰা আহৰণ কৰা হৈছে। ই হৈছে অমেৰুদণ্ডী প্ৰাণীৰ এটা পৰ্ব।

সাধাৰণ বৈশিষ্ট্য

  • ইয়াৰ দেহ অখণ্ডিত, দ্বিপাৰ্শ্বীয় প্ৰতিসম আৰু ওপৰে-তলে (Dorso-ventrally) চেপেটা।
  • দেহটো ফিতা, পত্ৰাকাৰ বা ফলকাকাৰৰ দৰে।
  • ই এবিধ ত্ৰিস্তৰ বিশিষ্ট (Triplobalstic) প্ৰাণী অৰ্থাৎ ইয়াৰ ভ্ৰূণত তিনিটা অংকুৰণ (Germinal) স্তৰ দেখিবলৈ পোৱা যায়।
  • দেহ-গহ্বৰ বা চিলম (Coelom) অনুপস্থিত আৰু অভ্যন্তৰীণ অঙ্গসমূহৰ মধ্যৱৰ্তী স্থান মেছেনকাইম (Mesenchyme) নামৰ কলাৰে গঠিত।
  • দেহ ছিনছিটিয়েল পৰ্দাৰ দ্বাৰা আবৃত।
  • ৰেচন অঙ্গ প্ৰ'ট'নেফ্ৰিডিয়াম আৰু ইয়াত বহুতো শিখা-কোষ (Flame cell) থাকে যি ৰেচন ক্ৰিয়াত অংশগ্ৰহণ কৰে।
  • অধিকাংশ প্ৰাণীৰ সম্মুখ প্ৰান্তত অৱস্থিত হুকৰ (Hook) দৰে শোষক অঙ্গ পোষকদেহৰ পৰা খাদ্য আহৰণত ব্যৱহৃত হয়।
  • পৌষ্টিকতন্ত্ৰ অসম্পূৰ্ণ বা নাথাকে।
  • শ্বসনতন্ত্ৰ আৰু সংবহনতন্ত্ৰ নাথাকে।
  • স্নায়ুতন্ত্ৰ মূৰত পুঞ্জীকৃত হৈ থাকে।
  • অযৌন আৰু যৌন পদ্ধতিত প্ৰজনন কৰে।
  • জীৱনচক্ৰ এটা বা দুটা পোষকৰ দ্বাৰা সম্পূৰ্ণ হয় আৰু একাধিক পলু পৰ্যায় থাকে।১

শ্ৰেণী বিভাজন

প্লেটিহেলমিনথিছ পৰ্বৰ মুঠ ৩ টা শ্ৰেণী আছে।২

চেপেটা কৃমিৰ জীৱন চক্ৰ
চেপেটা কৃমিৰ জীৱন চক্ৰছবি: CDC/Alexander J. da Silva, PhD/Melanie Moser, Courtesy: Public Health Image Libr · Public domain

টাৰবেলাৰিয়া (Turbellaria)

লেটিন শব্দ Turbella অৰ্থ Stirringৰ পৰা টাৰবেলাৰিয়া শব্দটো আহিছে। পাতৰ দৰে দেহত কিউটিকল নাথাকে, এপিডাৰ্মিছ (Epidermis) চিলিয়েটেড (Ciliated) আৰু ৰেব্দাইট (Rhabdite) থাকে। চোষক অঙ্গ উপস্থিত অথবা অনুপস্থিত। মুখছিদ্ৰ অঙ্কীয় দিশত উন্মুক্ত আৰু পেশীযুক্ত খাদ্যনলীৰ (Muscular pharynx) মাধ্যমত অন্ত্ৰৰ (Intestine) সৈতে সংযুক্ত। অধিকাংশই উভয় লিঙ্গী (Hermaphrodite) অৰ্থাৎ একেই প্ৰাণী দেহত পুৰুষ আৰু স্ত্ৰী দুয়োটা প্ৰজনন অঙ্গ থাকে, বহুতে অযৌন পদ্ধতিত বংশ বিস্তাৰ কৰে। শোষক (Sucker) নাথাকে। মুক্তজীৱী আৰু পলু (Larva) পৰ্যায় নাথাকে। স্থলচৰ (Terrestrial) বা জলচৰ (Aquatic), সামুদ্ৰিক বা অগভীৰ পানীত বসবাস কৰে। সাধাৰণভাৱে ইহঁত এডিৱৰ্ম (Eddyworm) নামে পৰিচিত। উদাহৰণ: Dugesia tigrina (প্লানেৰিয়া)

ট্ৰিমাট'ডা (Trematoda)

গ্ৰীক শব্দ Trema অৰ্থ Hole বা গৰ্ত বা বিবৰ বা কোটৰ আৰু Eidos অৰ্থাৎ Form বা আকাৰৰ পৰা ট্ৰিমাট'ডা শব্দটি আহিছে। নলাকাৰ বা চেপেটা পাতৰ দৰে দেহত কিউটিকলৰ স্তৰ থাকে আৰু চিলিয়া নাথাকে। মুখছিদ্ৰত বৃহৎ শোষক অঙ্গ থাকে আৰু অনেক সময়ত হুক (Hook) দেখিবলৈ পোৱা যায়। ইহঁতৰ মুখছিদ্ৰ আৰু দুই শাখাত বিভক্ত খাদ্যনালী থাকে কিন্তু পায়ু (Anus) নাথাকে। একাধিক পলু (Larva) পৰ্যায় থাকে। সকলো পৰজীবী (বহিঃ অথবা অন্তঃ) আৰু জীবনচক্ৰ সম্পন্ন কৰোঁতে পৰ্যায়ক্ৰমে মেৰুদণ্ডী আৰু অমেৰুদণ্ডী পোষকদেহত অৱস্থান কৰে। অধিকাংশই উভয় লিঙ্গী (Monoecious) প্ৰাণী। সাধাৰণভাৱে ফ্লুক (Fluke) নামে পৰিচিত। উদাহৰণ: Fasciola hepatica (যকৃৎ কৃমি)

ছিষ্ট'ডা (Cestoda)

গ্ৰীক শব্দ Kestos অৰ্থ Girdle বা কটিবন্ধ আৰু Eidos অৰ্থ Form বা আকাৰৰ পৰা ছিষ্ট'ডা শব্দটো আহিছে। ইয়াৰ দেহ দীৰ্ঘ আৰু চেপেটা ফিটাৰ দৰে। দেহত কিউটিকলৰ স্তৰ থাকে। চিলিয়া নাথাকে আৰু ৮০০-৯০০টা প্ৰ'গ্ল'টিড (Proglottid) নামক খণ্ডাংশৰ দ্বাৰা গঠিত। প্ৰতিটো খণ্ডাংশত এক বা দুই পুৰুষ অথবা স্ত্ৰী প্ৰজনন অঙ্গৰ গোট থাকে। দেহৰ অগ্ৰ প্ৰান্তত শোষক অঙ্গ (Sucker) আৰু বেকা হুক (Hook) বিশিষ্ট স্ক'লেক্স (Scolex) থাকে। মুখছিদ্ৰ আৰু খাদ্যনালী নাথাকে। সংবেদী অঙ্গ (Sense organ) নাথাকে। একাধিক পলুৰ (Larva) পৰ্যায় থাকে। সকলো অন্তঃপৰজীবী আৰু জীবনচক্ৰ সম্পন্ন কৰোঁতে এক বা একাধিক পোষকদেহত অৱস্থান কৰে। সাধাৰণভাৱে ইহঁত টেপৱৰ্ম (Tapeworm) নামে পৰিচিত। উদাহৰণ: Taenia solium (ফিটা কৃমি) ৷

তথ্যসূত্ৰ

  1. ↑ ৰছিদ, মঃ মামুনুৰ. প্লাটিহেলমিনথিস,অ্যানিলিডা,নেমাটোডা (শ্ৰেণী-৭ম). জাতীয় ই-তথ্যকোষ
  2. ↑ আজমল, গাজী; আছমত. জীববিজ্ঞান-২য় পত্ৰ. গাজী পাবলিসাৰ্স

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেপেটা কৃমি” প্ৰবন্ধৰ সংশোধন ৩৮০৮৭৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।