অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

মহানাদ

মহানাদ (Big Bang) ব্ৰহ্মাণ্ডৰ আটাইতকৈ আগৰ কালৰ আৰু ব্যাপক বিস্তাৰৰ বৰ্তমান ব্যৱহৃত ব্ৰহ্মাণ্ডতাত্ত্বিক শাস্ত্ৰ। এই শাস্ত্ৰৰ মতে আগতে ব্ৰহ্মাণ্ডৰ ঘনত্ব অতি অধিক আছিল আৰু পিছলৈ ব্ৰহ্মাণ্ড বিস্তাৰিত হ'ল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৫৭ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

মহানাদ (Big Bang) ব্ৰহ্মাণ্ডৰ আটাইতকৈ আগৰ কালৰ আৰু ব্যাপক বিস্তাৰৰ বৰ্তমান ব্যৱহৃত ব্ৰহ্মাণ্ডতাত্ত্বিক শাস্ত্ৰ।১২৩ এই শাস্ত্ৰৰ মতে আগতে ব্ৰহ্মাণ্ডৰ ঘনত্ব অতি অধিক আছিল আৰু পিছলৈ ব্ৰহ্মাণ্ড বিস্তাৰিত হ'ল।৪৫ আধুনিক বিজ্ঞানীয়ে এই ঘটনাৰ সময় প্ৰায় ১৩.৮ বিলিয়ন বছৰ পূৰ্বৰ বুলি কয়, যাক ব্ৰহ্মাণ্ডৰ বয়স বুলি গ্ৰহণ কৰা হৈছে।৬ প্ৰথম বিস্ফোৰণৰ পিছত ব্ৰহ্মাণ্ডৰ তাপমাত্ৰা তীব্ৰ বেগেৰে কমি আহিল আৰু উপ-পৰমাণৱিক কণা আৰু পিছলৈ সাধাৰণ পৰমাণুৰ সৃষ্টি হ'ল। এই তত্ত্বসমূহৰ ডাঙৰ ডাঙৰ ডাৱৰে পিছলৈ মাধ্যাকৰ্ষণৰ বাবে তৰা আৰু হাটিপটি সৃষ্টি কৰিলে। মহানাদৰ শাস্ত্ৰই ব্ৰহ্মাণ্ডৰ অভ্যন্তৰীণ অৱস্থাসমূহ নুবুজাই, বৰঞ্চ সাধাৰণ বিবৰ্তনহে বুজায়।৪

১৯২৭ত জৰ্জেচ লেমাইটাৰে কৈছিল যে সম্প্ৰসাৰণ হৈ গৈ থকা ব্ৰহ্মাণ্ডৰ আৰম্ভণি এটি বিন্দুৰ পৰা হ'ব পাৰে। বিজ্ঞানীসকলে সেই চিন্তাক গ্ৰহণ কৰিলে। মাজতে বিজ্ঞানীসকল দুটা ফৈদত বিভক্ত হৈছিল – সম্প্ৰসাৰণ হৈ থকা ব্ৰহ্মাণ্ডত বিশ্বাস কৰা আৰু ৰৈ থকা ব্ৰহ্মাণ্ডত বিশ্বাস কৰা। পিছে বিভিন্ন প্ৰমাণে ব্ৰহ্মাণ্ড যে সম্প্ৰসাৰণ হৈ গৈ আছে, সেই কথাকহে দেখুৱাইছে।৭ ১৯২৯ চনত এডুইন হাবলে লক্ষ কৰিলে যে তাৰকাপুঞ্জসমূহ পৰস্পৰৰ পৰা আঁতৰি গৈ আছে। এই কথাই সম্প্ৰসাৰণ হৈ গৈ থকা ব্ৰহ্মাণ্ডৰ ধাৰণাকেই সমৰ্থন কৰিলে। ১৯৬৪ চনৰ কস্মিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েচন আৱিষ্কাৰ হ'ল, যিয়ে মহানাদ আৰ্হিকেই সমৰ্থন কৰিলে। এই শাস্ত্ৰই আৱিষ্কাৰৰ আগতে ব্ৰহ্মাণ্ডব্যাপী বেকগ্ৰাউণ্ড ৰেডিয়েচন থকাৰ কথা কয়। তাৰো পিছত, চুপাৰ্নভেৰ ৰেডচিফ্টৰ জোখ-মাখে কয় যে ব্ৰহ্মাণ্ডৰ বহলীকৰণত ত্বৰণ দেখা গৈছে।৮ জনা পদাৰ্থ বিজ্ঞানৰ নিয়ম ব্যৱহাৰ কৰি আগৰ সময়ৰ ব্ৰহ্মাণ্ডৰ গুণাগুণ চাব পাৰি।৯১০১১

অৱলোকন

, an expansion just after the Big Bang.]]

হাবালে লক্ষ কৰিলে যে দুৰৰ তাৰকামণ্ডলসমূহৰ দূৰত্ব আৰু সিহঁতৰ ৰেডচিফ্টৰ মাজত বিশেষ সম্পৰ্ক আছে। বুজা গ'ল যে দূৰৰ তাৰকামণ্ডললবোৰ আমাৰ পৰা দূৰলৈ গৈ আছে, সিহঁতৰ দূৰত্বৰ সৈতে সমানুপাতিক গতিত, অৰ্থাৎ গেলেক্সিটো আমাৰ পৰা যিমান দূৰত আছে, সিমানেই বেগেৰে আমাৰ পৰা দূৰলৈ গৈ আছে।১২ কপাৰ্নিচিয়ান নীতিৰ মতে সকলো দেখি পোৱা প্ৰান্ত পৰস্পৰৰ পৰা আঁতৰি গৈ আছে, অৰ্থাৎ আগতে ব্ৰহ্মাণ্ড অধিক ঘণ আৰু উষ্ণ আছিল। বৃহৎ পাৰ্টিক্ল এক্সেলেৰেটৰসমূহে ব্ৰহ্মাণ্ডৰ আৰম্ভণিৰ ক্ষণৰ নকল কৰিব পাৰে, যিয়ে মহানাদ শাস্ত্ৰকে সমৰ্থন কৰে।

প্ৰথম প্ৰটন, নিউট্ৰন আৰু ইলেক্ট্ৰন সৃষ্টি হ'ল। সাধাৰণ হ'লেও প্ৰথম পৰমাণু মহানাদৰ ৩ মিনিটৰ ভিতৰত সৃষ্টি হ'ল। বৈদ্যুতিকভাৱে নিউট্ৰেল পৰমাণু সৃষ্টি হ'বলৈ কেইবাহাজাৰ বছৰ লাগিলে। মহানাদত সৃষ্ট এটমৰ প্ৰায়বোৰ হাইড্ৰজেন, হিলিয়াম আৰু লিথিয়াম আছিল। এই তত্ত্বসমূহৰ ডাঙৰ ডাঙৰ ডাৱৰে মধ্যাকৰ্ষণৰ ফলত তৰা, তাৰকামণ্ডল সৃষ্টি কৰিলে। গধূৰ তত্ত্ব তৰাত অথবা চুপাৰ্নভেত থাকিলে।

মহানাদ শাস্ত্ৰই বিভিন্ন পৰিঘটনা বুজাত সহায় কৰে, যেন পাতল তত্ত্ব বিপুল পৰিমাণে পোৱা, কস্মিক মাইকক্ৰৱেভ বেকগ্ৰাউণ্ড, ডাঙৰ স্কেল ষ্ট্ৰাক্সাৰ আদি।১৩ মহানাদৰ আৰ্হি এলবাৰ্ট আইনষ্টাইনৰ ৰিলেটিভিটি, আৰু ভৌতিক বিজ্ঞানৰ সৰলীকৃত হ'ম'জীনটি, আইচ'ট্ৰফি আদিৰ ওপৰত নিৰ্ভৰশীল। এলেক্সেণ্ডাৰ ফ্ৰাইডমেনে মুখ্য ইকুৱেচনসমূহ দিলে আৰু ৱিলেম দে চিটাৰেও বৰঙনি আগ বঢ়ালে। তাৰ পিছতো কেইবাজনো বিজ্ঞানীয়ে নতুন নতুন কথা যোগ কৰিলে। লাম্ব্দা-চিএমডি আৰ্হি মহানাদৰ প্ৰধান আৰু আতাইতকৈ সৰল আৰ্হি।

তথ্যসূত্ৰ

  1. ↑ Joseph Silk. (2009). Horizons of Cosmology. Templeton Press. পৃ. 208
  2. ↑ Simon Singh. (2005). Big Bang: The Origin of the Universe. Harper Perennial. পৃ. 560
  3. ↑ Wollack, E. J. (10 December 2010). Cosmology: The Study of the Universe. Universe 101: Big Bang Theory. NASA
  4. ↑ (2014). ((How the Universe Works|How The Universe Works 3))
  5. ↑ Big-bang model. Encyclopedia Britannica
  6. ↑ (2013-03-21). Planck reveals an almost perfect universe. Planck. ESA
  7. ↑ Kragh, H. (1996). Cosmology and Controversy. Princeton University Press. পৃ. 318. ISBN 0-691-02623-8
  8. ↑ Peebles, P. J. E. and Ratra, Bharat. (2003). The cosmological constant and dark energy. Reviews of Modern Physics. পৃ. 559–606
  9. ↑ Gibson, C. H. (2001). The First Turbulent Mixing and Combustion. IUTAM Turbulent Mixing and Combustion
  10. ↑ Gibson, C. H. (2001). Turbulence And Mixing In The Early Universe
  11. ↑ Gibson, C. H. (2005). The First Turbulent Combustion
  12. ↑ Hubble, E. (1929). A Relation Between Distance and Radial Velocity Among Extra-Galactic Nebulae. Proceedings of the National Academy of Sciences. পৃ. 168–73
  13. ↑ Wright, E. L. (9 May 2009). What is the evidence for the Big Bang?. Frequently Asked Questions in Cosmology. UCLA, Division of Astronomy and Astrophysics

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহানাদ” প্ৰবন্ধৰ সংশোধন ৬৩১০৮৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।