বোধগত পক্ষপাতিতা (Cognitive bias) হৈছে পৰিচিত আচৰণ, যুক্তিবাদ আৰু বিবেচনাৰ লগত ঘটা বিচ্যুতিৰ এক পদ্ধতিগত বিন্যাস।১ ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা ব্যক্তি এজনে প্ৰবিষ্টি (input) এটাৰ উপলব্ধি হিচাপে নিজাববীয়াকৈ এটা “বিষয়গত বাস্তৱতা”ৰ সৃষ্টি কৰে। বস্তুনিষ্ঠ প্ৰবিষ্টিৰ পৰিৱৰ্তে সেইজন ব্যক্তিৰ আচৰণ তেওঁ গঢ়ি তোলা বাস্তৱৰ নিৰ্মাণে পৰিচালিত কৰে। সেয়েহে, বোধগত পক্ষপাতিতাই কেতিয়াবা উপলব্ধিগত বৈষম্য, অশুদ্ধ বিবেচনা, যুক্তিহীন ব্যাখ্যা আৰু বহল অৰ্থত ক'বলৈ গ'লে যুক্তিহীনতাৰ সৃষ্টি কৰে।২৩৪
সাৰাংশ
বোধগত পক্ষপাতিতাৰ ধাৰণাটো প্ৰথমবাৰৰ বাবে দাঙি ধৰিছিল এম'ছ ভাৰ্চস্কি আৰু ডেনিয়েল কাহনেমেনে ১৯৭২ চনত।৫ তেওঁলোক দুজন আৰু তেওঁলোকৰ কেইগৰাকীমান সতীৰ্থই মিলি অনুকৃতিযোগ্য কেইবাটাও বিকল্প বা আৰ্হি দেখুৱাইছিল, য'ত মানুহৰ বিবেচনা আৰু সিদ্ধান্তবোৰে “যুক্তিবাদী নিৰ্বাচন তত্ত্ব”ৰ পৰা ফালৰি কাটি আহে। বিবেচনা আৰু সিদ্ধান্ত-নিৰ্মাণৰ ক্ষেত্ৰত দৃষ্টিগোচৰ হোৱা তেনেবোৰ বৈসাদৃশ্যক ভাৰ্চস্কি আৰু কাহনেমেনে heuristicৰ জৰিয়তে দেখুৱাই দিছিল। heuristicত কিছুমান মানসিক চমুপথ সম্পৃক্ত হৈ থাকে যিবোৰে অনিশ্চিত পৰিণতিৰ সম্ভাৱনা সম্বন্ধে কিছুমান তৎকালীন অনুমান তৈয়াৰ কৰে।৬ মগজুৰ বাবে এই চমু বাটসমূহ তৈয়াৰ কৰাটো সহজ যদিও কোনো কোনো ক্ষেত্ৰত এইসমূহে “বিষম প্ৰণালীগত ত্ৰুটি”ৰ সৃষ্টি কৰে।৭
প্ৰকাৰ
পক্ষপাতিতা এক বৃহৎ পৰিসৰ আছে। তলত কেইটামান উল্লেখযোগ্য পক্ষপাতিতাৰ বিষয়ে উল্লেখ কৰা হ'ল:
- দলৰ লগত জড়িত পক্ষপাতিতা (যেনে: risky shift) বনাম ব্যক্তিগত পৰ্যায়ত পক্ষপাতিতা।
- সিদ্ধান্ত-নিৰ্মাণক প্ৰভাৱিত কৰা পক্ষপাত, য'ত বিকল্পৰ প্ৰতি থকা প্ৰত্যাশাক বিবেচনা কৰা হয়। উদাহৰণ-sunk costs fallacy
- স্মৃতিশক্তিক প্ৰভাৱিত কৰা পক্ষপাত,৮ যেনে-consistency bias (কাৰোবাৰ অতীতৰ দৃষ্টিভংগীকো বৰ্তমানৰ দৰেই বুলি মনত ৰখা)
- অভিৰোচনাক প্ৰভাৱান্বিত কৰা পক্ষপাত,৯ উদাহৰণস্বৰূপে, যোগাত্মক নিজস্ব-ভাৱমূৰ্তিয়ে ইগোকেন্দ্ৰিক পক্ষপাতৰ সৃষ্টি কৰে (egocentric bias) আৰু অপ্ৰীতিকৰ বোধগত বৈষম্যক (cognitive dissonance) আওকাণ কৰা।১০
মগজুৱে কিদৰে বিশেষ ঘটনা এটাক গ্ৰহণ কৰে, তাৰ ওপৰতো কিছুমান পক্ষপাত নিৰ্ভৰশীল। ইয়াৰ ফলত স্মৃতি আৰু সিদ্ধান্ত নিৰ্মাণ হয়। এই বিবিধতাক কেতিয়াবা “hot cognition” বনাম “cold cognition” বুলি কোৱা হয়, যিহেতু অভিৰোচিত যুক্তিবাদে (motivated reasoning) এক বিশেষ উদ্দীপনাময় অৱস্থাৰ সৃষ্টি কৰিব পাৰে। শীতল অথবা “cold” পক্ষপাতৰ ভিতৰত,
- প্ৰাসংগিক তথ্য অৱহেলা কৰাৰ ফলত হোৱা (যেনে: সম্ভাৱিতাক আওকান (neglect of probability)),
- অপ্ৰাসংগিক তথ্যৰ দ্বাৰা প্ৰভাৱিত হৈ কিছুমানে সিদ্ধান্ত নিৰ্মাণ কৰে, উদাহৰণস্বৰূপে কাঠামোবদ্ধ প্ৰভাৱ ইত্যাদি।
তথ্যসূত্ৰ
- ↑ (2005). The Handbook of Evolutionary Psychology. John Wiley & Sons Inc. পৃ. 724–746
- ↑ (1972). Subjective probability: A judgment of representativeness. Cognitive Psychology. পৃ. 430–454
- ↑ (2007). Thinking and Deciding. Cambridge University Press
- ↑ Ariely, Dan. (2008). Predictably Irrational: The Hidden Forces That Shape Our Decisions. HarperCollins. ISBN 978-0-06-135323-9
- ↑ (2002). Heuristics and Biases: The Psychology of Intuitive Judgment. Cambridge University Press. পৃ. 51–52. ISBN 978-0-521-79679-8
- ↑ (2010). Social psychology and human nature: International Edition. Wadsworth. পৃ. 141
- ↑ (September 1974). Judgment under Uncertainty: Heuristics and Biases. Science. পৃ. 1124–31
- ↑ (March 1999). The seven sins of memory. Insights from psychology and cognitive neuroscience. The American Psychologist. পৃ. 182–203
- ↑ (November 1990). The case for motivated reasoning. Psychological Bulletin. পৃ. 480–98
- ↑ Stroebe, W.. (1993). European Review of Social Psychology 4. Wiley
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বোধগত পক্ষপাতিতা” প্ৰবন্ধৰ সংশোধন ৬৩২১৭১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।