অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

বিশ্বকোষ

বিশ্বকোষ (ইংৰাজী: Encyclopedia) এক উদ্ধৃতি কাৰ্য বা সংগ্ৰহ য'ত সকলো বিষয় বা কোনো বিশেষ বিষয়ৰ সাৰাংশ পোৱা যায়। বিশ্বকোষত প্ৰায় কেইবাটাও প্ৰবন্ধ থাকে যি সাধাৰণতে বৰ্ণমালাৰ ক্ৰমত শৃংখলিত কৰা হয়। কেতিয়াবা বিষয়গত বৰ্গীকৰণো দেখা যায়। বিশ্বকোষত যিকোনো বিষয়ৰ তথ্য সাধাৰণতে অভিধানতকৈ অধিক থাকে।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৬ ৪১৩ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ
১৫৪১ৰ "ল্যুকুব্ৰেশ্যনেচ"ৰ বেটুপাত
১৫৪১ৰ "ল্যুকুব্ৰেশ্যনেচ"ৰ বেটুপাতছবি: Joachim Sterck van Ringelbergh · Public domain

বিশ্বকোষ (ইংৰাজী ভাষা: Encyclopedia) এক উদ্ধৃতি কাৰ্য বা সংগ্ৰহ য'ত সকলো বিষয় বা কোনো বিশেষ বিষয়ৰ সাৰাংশ পোৱা যায়। বিশ্বকোষত প্ৰায় কেইবাটাও প্ৰবন্ধ থাকে যি সাধাৰণতে বৰ্ণমালাৰ ক্ৰমত শৃংখলিত কৰা হয়।১ কেতিয়াবা বিষয়গত বৰ্গীকৰণো দেখা যায়। বিশ্বকোষত যিকোনো বিষয়ৰ তথ্য সাধাৰণতে অভিধানতকৈ অধিক থাকে।১ অভিধানৰ বিপৰীতে বিশ্বকোষত ভাষিক গুণাগুণ যেনে শব্দোদ্ভৱ, ব্যাকৰণগত ব্যৱহাৰ আদি নাথাকে, বৰং সাধাৰণ তথ্য সমৃদ্ধ জ্ঞান প্ৰদান কৰা হয়। ২৩৪৫

বিশ্বকোষৰ ইতিহাস

প্ৰায় দুহাজাৰ বৰ্ষৰপৰা বিশ্বকোষ অস্তিত্বত আছে। পলিনি দ্য এল্ডাৰৰ প্ৰথম শতিকাৰ নেচুৰেলিচ হিষ্টৰিয়া এক প্ৰাচীন বিশ্বকোষ যি ৰ'ম সাম্ৰাজ্যত লিখা হৈছিল। এটিম'লজিয়ে মধ্যযুগৰ প্ৰথম বিশ্বকোষ বুলি গণ্য কৰা হয় যি ৰাইচ'দ'ৰ অৱ চেভাইলৰ সৃষ্টি।

অসমীয়া বিশ্বকোষ

অসম সাহিত্য সভাই অসমীয়া ভাষাত ১০টা খণ্ডৰ বিশ্বকোষ প্ৰস্তুত কৰি প্ৰকাশ কৰিছে আৰু শেহতীয়াভাৱে দুটা খণ্ডৰ পুনৰ প্ৰকাশ কৰিছে৷ অসম সাহিত্য সভাত হোমেন বৰগোহাঞি সভাপতি হৈ থাকোঁতে এই বিশ্বকোষৰ প্ৰকল্পৰ শুভাৰম্ভ হয়৷ অসমৰ ৰাইজৰ অৰ্থ সাহাৰ্যত এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে৷

আৰু চাওক

তথ্য সংগ্ৰহ আৰু উদ্ধৃতি

তথ্যসূত্ৰ

  1. ↑ Dictionary of Lexicography
  2. ↑ Béjoint, Henri (2000). Modern Lexicography, pp. 30–31. Oxford University Press
  3. ↑ Encyclopaedia
  4. ↑ Dictionary of Lexicography
  5. ↑ The Oxford History of English Lexicography, Volume I

সম্পৰ্কিত শ্ৰেণী

সাহিত্যবিশ্বকোষ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বকোষ” প্ৰবন্ধৰ সংশোধন ৬৩৮২৫২ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।