অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

জিংক

জিংক হৈছে এবিধ ৰাসায়নিক মৌল। ইয়াৰ সংকেত আৰু আনৱিক সংখ্যা ৩০। ই পৰ্যাবৃত্ত তালিকাৰ ১২ নং বৰ্গৰ প্ৰথম মৌল। ৰাসায়নিকভাৱে মেগনেছিয়ামৰ লগত ইয়াৰ কিছু সাদৃশ্য আছে: দুয়োৰে মাত্ৰ এটা জাৰণ অৱস্থা আছে (+২), আৰু Zn২+ আৰু Mg২+ আয়ন দুটাৰ আকাৰ সমান।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

জিংক হৈছে এবিধ ৰাসায়নিক মৌল। ইয়াৰ সংকেত আৰু আনৱিক সংখ্যা ৩০। ই পৰ্যাবৃত্ত তালিকাৰ ১২ নং বৰ্গৰ প্ৰথম মৌল। ৰাসায়নিকভাৱে মেগনেছিয়ামৰ লগত ইয়াৰ কিছু সাদৃশ্য আছে: দুয়োৰে মাত্ৰ এটা জাৰণ অৱস্থা আছে (+২), আৰু Zn২+ আৰু Mg২+ আয়ন দুটাৰ আকাৰ সমান। ই হৈছে পৃথিৱী পৃষ্ঠৰ ২৪তম সৰ্বাধিক প্ৰকাৰভেদ থকা মৌল আৰু ইয়াৰ পাঁচটা সুস্থিৰ আইছ'টপ আছে। ইয়াৰ প্ৰধান আকৰিক হৈছে ষ্ফালেৰাইট (জিংক ব্লেণ্ড), এক প্ৰকাৰৰ জিংক ছালফাইড লৱণ।

প্ৰায় ১২শ শতিকালৈকে ভাৰতত প্ৰচুৰ পৰিমাণে জিংকৰ উৎপাদন কৰা হোৱা নাছিল আৰু প্ৰায় ১৬শ শতিকাৰ শেষ ভাগলৈকে ইয়াৰ বিষয়ে ইউৰোপীয় দেশসমূহে জনা নাছিল। খ্ৰীষ্টপূৰ্ব প্ৰায় ৬শ শতিকাতেই ৰাজস্থানৰ খনিৰ পৰা জিংক আহৰণ কৰাৰ প্ৰমাণ পোৱা গৈছে।১ বৰ্তমান, আটাইতকৈ পুৰণি প্ৰায় ৯শ শতিকাত বিশুদ্ধকৰণ প্ৰক্ৰিয়া ব্যৱহাৰ কৰি বিশুদ্ধ জিংক ৰাজস্থানৰ জাৱাৰৰ পৰা আহৰণ কৰাৰ প্ৰমাণ আছে।২ আলকেমিষ্টসকলে "ফিল'ছফাৰছ ঊল" (দাৰ্শনিকৰ ঊণ) বা "হোৱাইট স্ন'" (শুকুলা বৰফ) প্ৰস্তুত কৰিবলৈ জিংকক বায়ুত দহন ঘটায়।

উন্নয়নশীল দেশত জিংকহীনতাই প্ৰায় দুই নিযুত লোকক প্ৰভাৱিত কৰিছে আৰু বহু ৰোগৰ সৃষ্টি কৰিছে। জিংকৰ অভাৱত শিশুৰ বৃদ্ধি বাধাগ্ৰস্থ, প্ৰজনন বয়স্কতা মন্থৰ কৰে আৰু ডায়েৰিয়াৰ দৰে সংক্ৰমন হয়। অত্যধিক জিংক সেৱনৰ ফলত এটাক্সিয়া, লেথাৰ্জি আৰু কপাৰহীনতা হ'ব পাৰে।

তথ্যসূত্ৰ

  1. ↑ India Was the First to Smelt Zinc by Distillation Process. Infinityfoundation.com
  2. ↑ Kharakwal, J. S.; Gurjar, L. K. (December 1, 2006). Zinc and Brass in Archaeological Perspective. Ancient Asia. পৃ. 139–159

সম্পৰ্কিত শ্ৰেণী

ৰাসায়নিক মৌল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিংক” প্ৰবন্ধৰ সংশোধন ৬২৪৩৫২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।