ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
প্ৰ'ন' (শ্ৰুতিকথা)
প্ৰ'ন (প্ৰাচীন গ্ৰীক: Προνόη, ইংৰাজী: Pronoe; আক্ষৰিক অৰ্থ: 'পূৰ্বচিন্তা') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
প্ৰীতি (দেৱী)
প্ৰীতি (प्रीति; Priti) এগৰাকী হিন্দু দেৱী, যাক কৰ্ণোৎপল নামেৰেও জনা যায়। প্ৰেমৰ দেৱতা কামদেৱৰ দুগৰাকী পত্নী ৰতি আৰু প্ৰীতি। প্ৰীতিয়ে মৰমলগা প্ৰেমৰ প্ৰতিনিধিত্ব কৰা বুলি গণ্য কৰা হয়, আনহাতে তেওঁৰ সহপত্নী বা সতিনী ৰতিয়ে কামুক আনন্দক প্ৰতিনিধিত্ব কৰে।
-
প্ৰ′ট′মেডিয়া (শ্ৰুতিকথা)
প্ৰ′ট′মেডিয়া (প্ৰাচীন গ্ৰীক: Πρωτομέδεια, ইংৰাজী: Protomedea বা Protomedia; আক্ষৰিক অৰ্থ: 'প্ৰথম শাসক' বা 'প্ৰথম ৰাণী, প্ৰথম পৰামৰ্শদাতা') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী…
-
ফিল′ড'চ (শ্ৰুতিকথা)
ফিল′ড'চ (ইংৰাজী: Phyllodoce) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
ফুল মাতা
ফুল মাতা হিন্দু ৰোগৰ দেৱী, একে ধৰণৰ সংগতি থকা সাতগৰাকী ভগ্নী দেৱীৰ এটা দলৰ ভিতৰত অন্যতম। তেওঁৰ ভগ্নীসকল আছিল শীতলা মাতা, চামৰীয়া মাতা, দুৰ্গা কালী, মহা কালী, ভদ্ৰ কালী আৰু কালীকা ভৱনী। এটা গোট হিচাপে উত্তৰ ভাৰতত তেওঁলোক সুপৰিচিত আছিল, আৰু প্ৰায়ে মাটিৰ বলেৰে প্ৰতিনিধিত্ব কৰা হৈছিল।
-
ফেনাৰণ
ফেনাৰণ (গ্ৰীক φανερός phaneros "যাক চাব পাৰি" বা "যাক দেখুৱাব পাৰি") হ'ল আমাৰ জ্ঞানেন্দ্ৰীয়সমূহে (দেখা, শুনা আদিৰ দ্বাৰা) আমাক দেখুৱা বাস্তৱ বিশ্বৰ ৰূপ।
-
ফৌ-অইবি, ধানৰ দেৱী
ফৌ-অইবি, ধানৰ দেৱী হৈছে ২০১৩ চনৰ মেইতেই ভাষাৰ বেলাড অপেৰা। ই দেৱী ফৌ-অইবিৰ কাহিনীৰ আধাৰত, মেইতেই পৌৰাণিক কাহিনী আৰু লোককথাৰ পৰা অভিযোজিত, তথা ভাৰতৰ মণিপুৰৰ পৰা Laihui Ensemble দ্বাৰা পৰিবেশিত অপেৰা। ই "Tapestry of Sacred Music 2013" কাৰ্যসূচীৰ অংশ হিচাপে ছিংগাপুৰৰ Esplanadeত অনুষ্ঠিত হয়।
-
বল্লী
বল্লী ( Vaḷḷi; வள்ளி; আক্ষৰিক অৰ্থ: লতা, মিঠাআলুৰ গছ) হিন্দু সহানুভূতিৰ দেৱী আৰু দেৱতা মুৰুগানৰ দ্বিতীয় পত্নী; বিষ্ণুৰ কন্যা সুন্দৰৱল্লী দেৱীৰ অৱতাৰ। বল্লীৰ জন্ম পৃথিৱীত চিকাৰীৰ জীৱন যাপন কৰা এজন চৰ্দাৰৰ কন্যা হিচাপে হৈছিল।
-
বাউক (পৌৰাণিক কাহিনী)
বাউক (চাৰ্বিয়ান: Баук, চাৰ্বিয়ান উচ্চাৰণ: bauk) হৈছে চাৰ্বিয়ান লোককথাৰ অন্তৰ্গত এটা জন্তুসদৃশ কাল্পনিক জীৱ। বাউকে অন্ধকাৰ ঠাই, গাঁত বা পৰিত্যক্ত ঘৰসমূহত লুকাই থাকে আৰু সুযোগ পালে চিকাৰ কৰাৰ চেষ্টা কৰে; কিন্তু ই পোহৰ আৰু শব্দৰ পৰা ভয় কৰে। ই দপদপাই খোজ কাঢ়ে আৰু আৰু ইয়াৰ মাতৰ শব্দ হৈছে বাউ।
-
বাখচিছাৰাই গুহা মঠ
বাখচিছাৰাই গুহা মঠ( Bakhchysarai Cave Monastery), ডৰ্মিচন মঠৰ গুহা বা উচপেনস্কি গুহা মঠ বুলিও জনাজাত, ই ক্ৰিমিয়াৰ বাখচিছাৰাই চহৰৰ ওচৰত অৱস্থিত। ই এটা শিলৰ পৰা খোদিত কৰা গুহাৰ মঠ, যিটো অষ্টম শতিকাত প্ৰতিষ্ঠা হোৱা বুলি বিশ্বাস কৰা হয়।
-
বালেশ্বৰ মন্দিৰ
বালেশ্বৰ মন্দিৰ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ চম্পাৱত চহৰত অৱস্থিত এটা প্ৰাচীন শিৱ মন্দিৰ৷ চন্দ বংশৰ দ্বাৰা নিৰ্মিত এই মন্দিৰটো শিলৰে খোদিত বাবে বিখ্যাত। বালেশ্বৰ মন্দিৰৰ বিষয়ে কোনো ঐতিহাসিক তথ্য পোৱা নাযায়।
-
বাস্তৱতা
বাস্তৱতা হৈছে কল্পনাৰ বিপৰীতে বাস্তৱিক সকলো বস্তুৰ সৰ্বমুঠতা। লগতে এই শব্দটোৱে অন্তৰ্নিহিত বস্তুৰ অৱস্থা আৰু অস্তিত্বক বুজায়। প্ৰকৃত বাস্তৱ বা অস্তিত্ব বা সত্তাৰ বিষয়ে দাৰ্শনিক প্ৰশ্নসমূহ অন্তৰ্নিহিততাবাদৰ অধীনত বিবেচনা কৰা হয়, যিটো পশ্চিমীয়া দাৰ্শনিকসকলৰ মতে আধ্যাত্মিকতাবিজ্ঞানৰ এটা প্ৰধান…
-
বিনায়কী
বিনায়কী হৈছে হাতীৰ মস্তকযুক্ত এগৰাকী হিন্দু দেৱী। তেওঁৰ আখ্যান আৰু প্ৰতীকিকৰণৰ স্পষ্টভাৱে সংজ্ঞাবদ্ধ কৰা হোৱা নাই। হিন্দু শাস্ত্ৰসমূহত তেওঁৰ বিষয়ে খুব কম কথা উল্লেখ আছে। তেওঁৰ বৰ কমসংখ্যক চিত্ৰহে বিদ্যমান। হাতীৰ মস্তকধাৰী হোৱাৰ বাবে দেৱীগৰাকী সাধাৰণতে জ্ঞানৰ দেৱতা গজানন গণেশৰ সৈতে সম্পৰ্কিত।
-
বিবি দালাইৰ কৌৰ
বিবি দালাইৰ কৌৰ (১৮ শতিকাৰ আৰম্ভণি) আছিল এগৰাকী শিখ মহিলা যিয়ে মোগলৰ বিৰুদ্ধে যুঁজিছিল। ১৭০৪ চনৰ ৬ ডিচেম্বৰত চামকৌৰ যুদ্ধত তেওঁ ১০০ গৰাকী শিখ মহিলাক মোগলৰ বিৰুদ্ধে একত্ৰিত কৰে। তেওঁক হত্যা কৰা হৈছিল আৰু শিখসকলৰ মাজত শ্বহীদ বুলি গণ্য কৰা হয়।
-
বিবেক তীৰ্থ
বিবেক তীৰ্থ (ইংৰাজী: Vivek Pilgrimage) বা ৰামকৃষ্ণ মিছন বিবেকানন্দ চেণ্টাৰ ফৰ হিউমেন এক্সেলেন্স এণ্ড ছ’চিয়েল চাইন্সেছ হৈছে ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ নিউ টাউনত স্বামী বিবেকানন্দৰ প্ৰতি উৎসৰ্গিত আগন্তুক সাংস্কৃতিক আৰু শিক্ষা কেন্দ্ৰ।
-
বিভূ কুমাৰ দেৱী
বিভু কুমাৰী দেৱী (Bibhu Kumari Devi, জন্ম ২৮ জুন ১৯৪৪) হৈছে ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ বৰ্তমানৰ মুৰব্বী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ আৰু দশম লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ ত্ৰিপুৰাৰ প্ৰথম মহিলা সংসদ সদস্য।
-
বিশ্ব শান্তি পেগোডা, লুম্বিনি
বিশ্ব শান্তি পেগোডা, ইয়াক নিপ্পনজান শান্তি পেগোডা বুলিও কোৱা হয়, নেপালৰ লুম্বিনিত থকা বৌদ্ধ ধৰ্মৰ স্মৃতিসৌধ। ইয়াৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণত জাপানী বৌদ্ধসকলে প্ৰায় এক মিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰিছিল।
-
বু লুৱ'টুৱ'
বু লুৱ'টুৱ হৈছে ঝুৱাং জনগোষ্ঠীৰ পৌৰাণিক কাহিনী আৰু ম' ধৰ্মৰ সৰ্বোচ্চ দেৱতা আৰু সৃষ্টিকৰ্তা। তেওঁ পৃথিৱীৰ সৃষ্টি আৰু নিয়মৰ গঠনৰ সৈতে জড়িত। ঝুৱাং পৌৰাণিক সাহিত্যত, বু লুৱ'টুৱ' তিনিজন ৰজাৰ ভিতৰত এজন, যাৰ প্ৰত্যেকেই বিশ্বৰ এটা দিশ প্ৰতিনিধিত্ব কৰে।
-
বুঞ্জি
বুঞ্জি হৈছে পৰম্পৰাগত কংগো ধৰ্মৰ এগৰাকী সৰ্প জল আত্মা আৰু বৰষুণৰ দেৱী যাক প্ৰথমে এংগোয় ৰাজ্যৰ ৱোয়ো লোকসকলে পূজা কৰিছিল।
-
বুদ্ধদত্ত
বুদ্ধদত্ত থেৰা দক্ষিণ ভাৰতৰ চোলা ৰাজ্যৰ উৰাগাপুৰা চহৰৰ পঞ্চম শতিকাৰ থেৰাবাদ বৌদ্ধ সাহিত্যিক। তেওঁৰ বহুতো গ্ৰন্থ ভূতমংগলগাম মঠত ৰচনা কৰিছিল আৰু তেওঁৰ পৃষ্ঠপোষক আছিল কলম্ব বংশৰ অক্কুটাবিক্কান্ত (কলম্ভকুলবংশ জাতে আক্কুটাভিক্কমনামে কোলাৰাজিনি কলৰাথম সমানুসন্তে)।
-
বুদ্ধভদ্ৰ
ধ্যান গুৰু বুদ্ধভদ্ৰ বা বাটুও শ্বাওলিন মঠৰ প্ৰথম সন্যাসী ভিক্ষু। তেওঁৰ পূৰ্বপুৰুষৰ ঐতিহ্য ৰেচম পথৰ মাজেৰে ইৰাণী বংশৰ পৰা আহিছিল। প্ৰাক্তন পণ্ডিতসকলে মাউণ্ট শ্বুয়াং-ফেং ষ্টুপত গোট খায় আৰু প্ৰত্যেকেই ডাৰ্ক প্ৰিন্সিপলৰ কথা কয়ত তেওঁৰ বিষয়ে তলত দিয়া উল্লেখ আছে: "ধ্যান গুৰু বুদ্ধই কৈছে: "চৰম নীতি…
-
বোধিৰুচি
বোধিৰুচি উত্তৰ ভাৰতৰ (খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকা) এজন বৌদ্ধ সন্ন্যাসী আছিল, যিয়ে চীনৰ লুওয়াং অঞ্চলত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ কাম কৰিছিল। উত্তৰ ৱেইৰ সম্ৰাট জুয়ানউৱে তেওঁক ইয়ংনিং মঠত প্ৰধান অনুবাদক হিচাপে নিযুক্তি দিয়ে। এই অনুবাদ কৰ্মত বোধিৰুচিক ভাৰতীয় সন্ন্যাসী ৰত্নমতীয়ে সহায় কৰিছিল।
-
ভলাগুৰি সত্ৰ (কলিয়াবৰ)
ভলাগুৰি সত্ৰ (Bholaguri Satra) কলিয়াবৰ মহকুমাৰ ছঅঁৰা সত্ৰৰ ভিতৰৰ এখন উল্লেখযোগ্য সত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনতে ১৬৭১ চনত এই সত্ৰখন প্ৰতিষ্ঠা কৰা হয়। ভলাগুৰি সত্ৰৰ পূৰ্বৰ নাম আছিল ভেদেলী ভাণ্ডাৰ বা ভেদেলী ভঁৰাল।
-
ভূতমাতা
হিন্দু ধৰ্মত, ভূতমাতা (Bhutamata ) হৈছে এক ভয়ানক আৰু দুৰ্লভ দেৱী যি দেৱীৰে এক ৰূপ। ভূতমাতাৰ সৈতে এটা সিংহ থাকে আৰু তেওঁ মূৰত এটা লিঙ্গ পিন্ধে। ভূতমাতাৰ উৎপত্তিৰ কাহিনী ভৱিষ্য পুৰাণত পোৱা যায়। শ্ৰীকৃষ্ণই কাহিনীটো বৰ্ণনা কৰিছে।
-
মংগোলীয় সন্ন্যাসী
মংগোলীয় সন্ন্যাসীসকল মংগোলিয়াত বৌদ্ধ ধৰ্মৰ মঠীয়া অনুশীলনকাৰী। মংগোলীয় সন্ন্যাসীসকলে সমগ্ৰ মংগোলিয়া আৰু অন্যান্য দেশৰ বৌদ্ধ মঠ আৰু মন্দিৰত কাম কৰে আৰু বাস কৰে।
-
মাছাই ধৰ্ম
মাছাই ধৰ্মই কেনিয়া আৰু তাঞ্জানিয়াৰ মাছাই জনগোষ্ঠীৰ পৰম্পৰাগত বিশ্বাসক সামৰি লৈছে।
-
মাণ্ডে বুৰুং
মাণ্ডে বুৰুং (ইংৰাজী: Mande Burung)ভাৰতীয় লোককথাত বৰ্ণনা কৰা এবিধ বান্দৰ সদৃশ কিংবদন্তিমূলক জীৱ। এই জীৱবোৰ উত্তৰ-পূব ভাৰতৰ দুৰ্গম গাৰো পাহাৰৰ মেঘালয় উপক্ৰান্তীয় অৰণ্যত বাস কৰে বুলি বিশ্বাস কৰা হয়৷ মেঘালয়ৰ স্থানীয় ভাষাত মাণ্ডে বুৰুং মানে হৈছে “অৰণ্য মানৱ”৷ লোককথাত এই জীৱবোৰ সাধাৰণতে বৃহৎ,…
-
মাতা চাহিব কৌৰ
মাতা চাহাব দেৱান ( Mata Sahib Devan) জন্ম: ১ নৱেম্বৰ ১৬৮১ চন আৰু মৃত্যু: ১৭৪৭ চন৷ তেওঁ মাতা চাহিব কৌৰ নামেৰেও জনাজাত আৰু গুৰু গোবিন্দ সিংহৰ পত্নী আছিল।
-
মানো (পৌৰাণিক কাহিনী)
মানো, মান্নো, আস্কে বা মান্না হৈছে ছামি পৌৰাণিক কাহিনীত চন্দ্ৰৰ দেৱী ৰূপ। ছামি জাতিৰ বিশ্ব দৃষ্টিভঙ্গি আনিমিজম বা আনিমিষ্টিক স্বভাৱৰ, য’ত ছামানবাদী বৈশিষ্ট্য থকা দেখা যায়। সেই বিশ্বদৃষ্টিত দেৱ-দেৱীসকলে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে।
-
মান্দা (দেৱী)
মান্দা (मान्दा, ) বা ধমিনী (धामिनी, ) হ'ল হিন্দু ধৰ্ম মতে শনিৰ দ্বিতীয় পত্নী আৰু মান্দীৰ মাতৃ। তাই এগৰাকী গন্ধৰ্ব কন্যা আৰু ৰাজকুমাৰী। তাই হ'ল কলৰ দেৱী। তাইৰ নৃত্যই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো ব্যক্তিক আকৰ্ষণ কৰিব পাৰে।