অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বোধিৰুচি

বোধিৰুচি উত্তৰ ভাৰতৰ (খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকা) এজন বৌদ্ধ সন্ন্যাসী আছিল, যিয়ে চীনৰ লুওয়াং অঞ্চলত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ কাম কৰিছিল। উত্তৰ ৱেইৰ সম্ৰাট জুয়ানউৱে তেওঁক ইয়ংনিং মঠত প্ৰধান অনুবাদক হিচাপে নিযুক্তি দিয়ে। এই অনুবাদ কৰ্মত বোধিৰুচিক ভাৰতীয় সন্ন্যাসী ৰত্নমতীয়ে সহায় কৰিছিল।

হালনাগাদ: ১৬ ডিচেম্বৰ ২০২৫ ৫৭ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

বোধিৰুচি উত্তৰ ভাৰতৰ (খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকা) এজন বৌদ্ধ সন্ন্যাসী আছিল, যিয়ে চীনৰ লুওয়াং অঞ্চলত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ কাম কৰিছিল।১ উত্তৰ ৱেইৰ সম্ৰাট জুয়ানউৱে তেওঁক ইয়ংনিং মঠত প্ৰধান অনুবাদক হিচাপে নিযুক্তি দিয়ে।১ এই অনুবাদ কৰ্মত বোধিৰুচিক ভাৰতীয় সন্ন্যাসী ৰত্নমতীয়ে সহায় কৰিছিল।১

বোধিৰুচিয়ে দহ পৰ্যায়ৰ সূত্ৰ আৰু বসুবন্ধুৰ এই সূত্ৰগ্ৰন্থৰ টীকাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ গ্ৰন্থ অনুবাদ কৰিছিল। তেওঁ সুখাৱতীব্যুহ সূত্ৰৰ লগতে [বুদ্ধৰ] অসীম জীৱন সূত্ৰত [বিশুদ্ধ দেশত] পুনৰ জন্ম লোৱাৰ ব্ৰতৰ স্তৱক (Wuliangshou jing youbotishe yuansheng jie) শীৰ্ষক বসুবন্ধুৰ টীকা অনুবাদ কৰিছিল। তেওঁ Sūtra of the descent to Laṅka (Ru lengqie jing) আৰু বুদ্ধ নামৰ সূত্ৰ (Foming jing) অনুবাদ কৰে।১

মৃত্যুৰ সময়লৈকে বোধিৰুচিয়ে ২০ৰ পৰা ৩০টখন গ্ৰন্থ অনুবাদ কৰিছিল।১

বোধিৰুচিক দশভূমিকা বিদ্যালয়ৰ পিতৃপুৰুষ হিচাপে গণ্য কৰা হয়, যিয়ে তেওঁৰ দহ পৰ্যায়ৰ সূত্ৰ আৰু বসুবন্ধুৰ টীকাক অধ্যয়নৰ মূল বস্তু হিচাপে ব্যৱহাৰ কৰিছিল।২

বোধিৰুচিৰ শিষ্য দাওচং, উত্তৰ দিলুন শাখাৰ প্ৰতিষ্ঠা কৰিছিল যিয়ে বুদ্ধসকলৰ নাম আবৃত্তিৰ অভ্যাসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। বধিৰুচি বিশুদ্ধ ভূমি পৰম্পৰাৰ অন্যতম পিতৃপুৰুষ তানলুয়ানৰ গুৰু আছিল।১

তথ্যসূত্ৰ

  1. ↑ Sylvie Hureau. 'Bodhiruci' († ca. 534 et 537): Moine bouddhiste indien, traducteur. Dictionnaire biographique du haut Moyen Âge chinois. Culture, politique et religion de la fin des Han à la veille des Tang (IIIe-VIe siècles), 2020, pp.52. hal-02502087
  2. ↑ OVERVIEW Bodhiruci. Oxford Reference

সম্পৰ্কিত শ্ৰেণী

বৌদ্ধ ভিক্ষুু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বোধিৰুচি” প্ৰবন্ধৰ সংশোধন ৫৬৪৯১০ (১৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।