অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বিভূ কুমাৰ দেৱী

বিভু কুমাৰী দেৱী (Bibhu Kumari Devi, জন্ম ২৮ জুন ১৯৪৪) হৈছে ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ বৰ্তমানৰ মুৰব্বী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ আৰু দশম লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ ত্ৰিপুৰাৰ প্ৰথম মহিলা সংসদ সদস্য।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বিভু কুমাৰী দেৱী (Bibhu Kumari Devi, জন্ম ২৮ জুন ১৯৪৪) হৈছে ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ বৰ্তমানৰ মুৰব্বী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ আৰু দশম লোকসভাৰ প্ৰাক্তন সদস্য। তেওঁ ত্ৰিপুৰাৰ প্ৰথম মহিলা সংসদ সদস্য।১

প্ৰাথমিক জীৱন

ৰাজা লাভ শ্বাহৰ কন্যা বিভু কুমাৰীৰ ১৯৪৪ চনৰ ২৮ জুনত মুছুৰীত জন্ম হৈছিল(তেতিয়াৰ সংযুক্ত প্ৰদেশত)।২৩ তেওঁ বীৰ বিক্ৰম কিশোৰ দেববৰ্মাৰ বোৱাৰী৷ বিভূ কুমাৰ দেৱীয়ে লক্ষ্ণৌৰ ইছাবেলা থ'বাৰ্ন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।২২

ৰাজনৈতিক জীৱন

তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য৷ ১৯৮৩ চনত ত্ৰিপুৰা বিধানসভাত প্ৰৱেশ কৰা দেৱী একে বছৰতে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীত অন্তৰ্ভুক্ত হয়। ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে ত্ৰিপুৰা ৰাজ্য চৰকাৰৰ ৰাজহ আৰু স্থানীয় স্বশাসন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, যেতিয়া অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ত্ৰিপুৰা পূব সমষ্টিৰ পৰা ১৯৯১ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে আই এন চিয়ে তেওঁক প্ৰাৰ্থী হিচাপে নিযুক্তি দিছিল। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ বাজু বান ৰিয়ানক পৰাস্ত কৰি দশম লোকসভাৰ সদস্য হয়।২

১৯৯৮ চনত আইএনচিয়ে মাতাবাৰী আসনৰ পৰা দেৱীয়ে ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ অস্বীকাৰ কৰে।৪

ব্যক্তিগত জীৱন

দেৱীয়ে ত্ৰিপুৰাৰ শেষৰজন ৰজা কিৰিত বিক্ৰম কিশোৰ দেৱ বৰ্মনক বিয়া কৰায়৷ তেওঁলোকৰ এজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান জন্ম হয়।২ তেওঁৰ স্বামী আৰু পুত্ৰ কিৰিত প্ৰদ্যুৎ দেৱ বৰ্মনও আইএনচিৰ সদস্য আছিল।৫ বৰ্তমান তেওঁৰ পুত্ৰ প্ৰদ্যুৎ মাণিক্য দেৱ বৰমা টিপ্ৰা মোঠা পাৰ্টিৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ। কন্যা কৃতি দেৱী দেৱবৰ্মন ত্ৰিপুৰা পূব লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সংসদ লোকসভাৰ সদস্য।৬

২০১৫ চনত ত্ৰিপুৰাৰ স্থানীয় আদালতে ৰাজ্য চৰকাৰক নীৰমহল ৰাজপ্ৰসাদ আৰু ৰুদ্ৰসাগৰ হ্ৰদ দেৱীক গতাই দিবলৈ নিৰ্দেশ দিয়ে।৭

তথ্যসূত্ৰ

  1. ↑ (2019-05-25). Northeast India sends 3 women to Lok Sabha, one more than 2014. India Today
  2. ↑ Members Bioprofile: Bibhu Kumari Devi, Maharani. লোকসভা
  3. ↑ Prakash, Ved. (2007). Encyclopaedia of North-East India. Atlantic Publishers & Dist. পৃ. 2281. ISBN 978-81-269-0707-6
  4. ↑ United News of India. (29 January 1998). Congress changes candidates. Rediff.com
  5. ↑ (10 December 2012). Tripura: Cong leader quits citing mistreatment. News18
  6. ↑ Today, North East. (2024-06-04). Tripura: BJP's Candidate Maharani Kriti Devi Singh Debbarma Secures Landslide Victory in East Tripura Lok Sabha Seat. Northeast Today
  7. ↑ (15 January 2015). Tripura royal property. The Statesman

সম্পৰ্কিত শ্ৰেণী

লোকসভাৰ সাংসদভাৰতৰ মহিলা সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিভূ কুমাৰ দেৱী” প্ৰবন্ধৰ সংশোধন ৪৭৪৭৮৬ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।