প্ৰীতি (प्रीति; Priti) এগৰাকী হিন্দু দেৱী, যাক কৰ্ণোৎপল নামেৰেও জনা যায়।১ প্ৰেমৰ দেৱতা কামদেৱৰ দুগৰাকী পত্নী ৰতি আৰু প্ৰীতি।২
প্ৰীতিয়ে মৰমলগা প্ৰেমৰ প্ৰতিনিধিত্ব কৰা বুলি গণ্য কৰা হয়, আনহাতে তেওঁৰ সহপত্নী বা সতিনী ৰতিয়ে কামুক আনন্দক প্ৰতিনিধিত্ব কৰে।৩ আন আন ব্যাখ্যাত প্ৰীতিক কেৱল ৰতিৰ উপনাম বুলি গণ্য কৰা হয়।৪
কিংবদন্তী
কিংবদন্তি অনুসৰি, নিজ পিতৃৰ সৈতে লগহৈ বসয় উকলি যোৱাৰ পিছতো যাতে এজন উপযুক্ত পতি পায়, সেই উদ্দেশ্যেৰ পাৰ্বতীক প্ৰসন্ন কৰিবলৈ কঠোৰ সাধনা কৰিছিল। দেৱী প্ৰসন্ন হৈ প্ৰীতিৰ আগত উপস্থিত হৈ এক অনুষ্ঠান আয়োজন কৰাৰ নিৰ্দেশ দিয়ে, যাতে তেওঁ যৌৱন পুনৰ ঘূৰাই পায় আৰু এজন স্বামী লাভ কৰে। প্ৰীতিয়ে অনুষ্ঠানটো সম্পাদন কৰাৰ লগে লগে পাৰ্বতীয়ে কামদেৱক নতুনকৈ যৌৱনপ্ৰাপ্ত প্ৰীতিক লগ কৰিবলৈ উৎসাহিত কৰে, যাৰ ফলত কামদেৱ প্ৰীতিৰ প্ৰেমত প্ৰেমত পৰিল। প্ৰীতিয়ে কামদেৱক বিয়া কৰাই দ্বিতীয় পত্নীৰ স্থান লয়।৫
তথ্যসূত্ৰ
- ↑ Benton, Catherine. (2006-06-01). God of Desire: Tales of Kāmadeva in Sanskrit Story Literature. SUNY Press. পৃ. 34–35. ISBN 978-0-7914-6566-0
- ↑ Chandra, Suresh. (1998). Encyclopaedia of Hindu Gods and Goddesses. Sarup & Sons. পৃ. 168. ISBN 978-81-7625-039-9
- ↑ Benton, Catherine. (2006-06-01). God of Desire: Tales of Kamadeva in Sanskrit Story Literature. State University of New York Press. পৃ. 35. ISBN 978-0-7914-8261-2
- ↑ Dowson, John. (2013-11-05). A Classical Dictionary of Hindu Mythology and Religion, Geography, History and Literature. Routledge. পৃ. 263. ISBN 978-1-136-39029-6
- ↑ Benton, Catherine. (2006-06-01). God of Desire: Tales of Kāmadeva in Sanskrit Story Literature. SUNY Press. পৃ. 35. ISBN 978-0-7914-6566-0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰীতি (দেৱী)” প্ৰবন্ধৰ সংশোধন ৪৭৮৬১৭ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।