ভলাগুৰি সত্ৰ (Bholaguri Satra) কলিয়াবৰ মহকুমা মহকুমাৰ ছঅঁৰা সত্ৰৰ ভিতৰৰ এখন উল্লেখযোগ্য সত্ৰ। আহোম ৰজা চুতাম্লাৰ দিনতে ১৬৭১ চনত এই সত্ৰখন প্ৰতিষ্ঠা কৰা হয়। ভলাগুৰি সত্ৰৰ পূৰ্বৰ নাম আছিল ভেদেলী ভাণ্ডাৰ বা ভেদেলী ভঁৰাল।১
ইতিহাস
১৬৬৭ খৃ:ত লাচিত বৰফুকন মোগলৰ হাতৰ পৰা পাণ্ডু আৰু গুৱাহাটী উদ্ধাৰ কৰি কলিয়াবৰৰ দোপদৰত জিৰণি লয়। তাতেই কালঝাল সত্ৰৰ পৰা উজাই অহা ৰামানন্দ দেৱ বাহৰ পতি আছিল। লাচিত বৰফুকনে তেওঁৰ ওচৰত শৰণ লৈ ভেদেলীৰ ভাণ্ডাৰতে সত্ৰ পাতি থাকিবলৈ কয়। (ৰজাৰ ভঁৰালীৰ নাম আছিল ভেদেলী আৰু তেওঁ ভঁৰালটোকে ভেদেলী ভাণ্ডাৰ বোলা হৈছিল। সেই ভাণ্ডাৰটো আছিল ভলাগুৰি গাঁৱত।)২
লাচিত বৰফুকনৰ মৃত্যুৰ পিছত ৰামানন্দ দেৱ উজনিলৈ গৈ ডেৰবছৰমান থাকি পুনৰ ভলাগুৰিলৈ আহে আৰু তেওঁৰ শিষ্য শতাধিপ জগন্নাথ আৰু তেওঁৰ ভায়েক সনাতনেৰে আলচ কৰি ভেদেলী ভাণ্ডাৰৰ পূবে এজোপা বৃহৎ ভলাগছ কটাই কলীয়া গোঁসাই স্থাপন কৰি ১৬৭১ চনত সত্ৰ প্ৰতিষ্ঠা কৰে।৩২
অৱস্থান
ভলাগুৰি সত্ৰখন নগাঁও জিলাৰ পৰা পূবে প্ৰায় ৪৮ কিলোমিটাৰ দূৰত আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাওঁফালে অৱস্থিত। সত্ৰলৈ সোমাই যোৱা বাটৰ বিপৰীতে বৰ্তমান এটা পেট্ৰ’ল ডিপো কাৰ্যক্ষম হৈ আছে।
প্ৰতিষ্ঠা
ভলাগুৰি সত্ৰ কলিয়াবৰৰ পূৱথৰীয়া মৌজাৰ পূৱথৰীয়া গাঁৱত। সত্ৰৰ প্ৰতিষ্ঠাতা ৰামানন্দ দেৱ। ১৫৯৩ শকত প্ৰতিষ্ঠা কৰা সত্ৰৰ উপাস্য দেৱতা কলীয়া গোঁসাই।১ ৰামানন্দ দেৱ শ্ৰীৰাম আতাৰ প্ৰথমা পত্নী গংগা দেৱীৰ পুত্ৰ।৩ ভলাগুৰি সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ ৰামগোবিন্দ দেৱ।২
সত্ৰৰ সম্পদ
সত্ৰত কেইবাখনো সাঁচিপতীয়া পুথি সংৰক্ষিত হৈ আছে। ইয়াৰ ভিতৰত মহাপুৰুষীয়া বৈষ্ণৱ ভক্ত শ্ৰীৰাম আতাৰ হস্তলিপিৰে লিখা কীৰ্তন-ঘোষা পুথিখন আৰু গোপাল আতা চৰিতখন উল্লেখযোগ্য। ১ ১৯৩৪ চনত ভলাগুৰি সত্ৰত তেতিয়াৰ ডেকা সত্ৰাধিকাৰ যোগেশ্বৰ দেৱ আতাই দান দিয়া ১২ লোচা মাটিত পুথিভঁৰাল স্থাপন কৰা হয়। ইয়েই কলিয়াবৰৰ প্ৰথম পুথিভঁৰাল বুলি জনা যায়।২
নাট
মহাপুৰুষীয়া পৰম্পৰা অনুসৰি সত্ৰৰ অধিকাৰসকলে বহুকেইখন নাট ৰচনা কৰিছিল। তাৰ ভিতৰত:২
| লেখকৰ নাম | নাটৰ নাম |
|---|---|
| ৰামগোবিন্দদেৱ | কালযৱন বধ |
| বাসুদেৱ | পাষণ্ড মৰ্দন |
| জগন্নাথ দেৱ | বঘাসুৰ বধ |
| কৃষ্ণনাথ দেৱ | বলিছলন, দম্ভাসুৰ বধ |
| নৰনাথ দেৱ | ভীষ্ম নিৰ্য্যাণ |
| থিৰেশ্বৰ দেৱ | ধ্ৰুৱ চৰিত্ৰ |
| ঈশ্বৰ চন্দ্ৰ | দাতাকৰ্ণ, পাতালীকাণ্ড ৰামায়ণ |
| জয়ানন্দ দেৱ | অশ্বকৰ্ণ-জংঘাসুৰ বধ, হৰিশ্চন্দ্ৰ উপাখ্যান, নৃসিংহ যাত্ৰা, নহুষৰ ৰাজ্য লাভ, প্ৰহ্লাদ চৰিত্ৰ |
| দামোদৰ দেৱ | বিৰাট পৰ্ব, কংসবধ, ৰামৰ অশ্বমেধ যজ্ঞ, পাণ্ডৱৰ অশ্বমেধ যজ্ঞ ৰামৰ স্বৰ্গাৰোহণ, অমৃত মন্থন, কুলাচল বধ, হৰমোহন, কূৰ্মাৱলী বধ, দ্ৰোণ পৰ্ব, সীতা সয়ম্বৰ, বিৰাট পৰ্ব |
| মোহন চন্দ্ৰ দেৱ | ৰাধা হৰণ, অজামিল উপাখ্যান, সীতাৰ পাতাল প্ৰৱেশ, মহীৰাৱণ বধ, ৰাম নিৰ্য্যাণ, কুলাচল বধ |
| মদন চন্দ্ৰ দেৱ | জটাসুৰ বধ, দ্ৰৌপদী সয়ম্বৰ, সিন্ধুৰা পৰ্ব, ভীষ্মৰ দিগ্বিজয় |
| কেশৱচন্দ্ৰ | বাণ পৰাজয় |
| তিখৰ চন্দ্ৰ দেৱ | ৰাৱণ বধ, বালী বধ, ৰামৰ বনবাস |
| জয়দেৱ | কৰ্ণপৰ্ব |
| কণ্ঠভূষণ দেৱ | খটাসুৰ বধ, কীচক বধ |
| লক্ষ্মীনাথ | জয়ন্ত বিজয়, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ, ক্ষেত্ৰবাহু বধ, হয়গ্ৰীৱ ৰজাৰ ধৰ্ম পৰীক্ষা গয়াসুৰৰ তীৰ্থ যাত্ৰা, তাপস মুনিৰ অভিশাপ, কুৰুক্ষেত্ৰ |
| পদ্মকান্ত দেৱ | সীতাহৰণ বালীবধ, অভিমন্যু বধ, ৰাম পৰাজয়, হিড়িম্বাসুৰ বধ, বকাসুৰ বধ, লৱকুশৰ যুদ্ধ, নল-দময়ন্তী |
তিথি-পাৰ্বন
ভলাগুৰি সত্ৰত বিভিন্ন উৎসৱ পতা হয়। সত্ৰৰ প্ৰতিষ্ঠাতা ৰামগোবিন্দ দেৱৰ মৃত্যু তিথি, শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, জন্মাষ্টমী, জেঠৰ তিথি, দেউল অনুষ্ঠিত কৰা হয়। মাধবদেৱৰ তিথিত “লৱণুখোৱা’’ ভাওনা পতা হয়। অন্যান্য তিথি উৎসৱতো ভাওনা অনুষ্ঠিত কৰা হয়। ১
অন্যান্য
ভলাগুৰি সত্ৰৰ আন এক উল্লেখযোগ্য দিশ হ’ল, ভাৰতৰ স্বাধীনতাৰ পূৰ্বেই ১৯২০ চনৰ ১৭ ছেপ্তেম্বৰত পঞ্জীয়ন হোৱা ভলাগুৰি সত্ৰ গাঁৱলীয়া বেংকৰ প্ৰতিষ্ঠা। ইয়াৰ গুৰি ধৰিছিল ভলাগুৰি সত্ৰৰ খগেশ্বৰ গোস্বামীয়ে। পিছলৈ ১৩-০৭-১৯৫৬ “তাৰিখে ভলাগুৰি সত্ৰ সমবায় ঋণদান সমিতি’’ নামে পুনৰ পঞ্জীয়ন কৰা হয়। ১৯৬৬ চনত ই ভলাগুৰি সত্ৰ সমবায় সমিতি লিমিটেড নামেৰে নামকৰণ হৈ বৰ্তমানলৈ সক্ৰিয় হৈ আছে।৪ এই সমবায় সমিতিখনে ক’ভিদ অতিমাৰীৰ পিছত যোৱা ২০২২ চনত শতবৰ্ষীয় উৎসৱ পালন কৰে।৫
তথ্যসূত্ৰ
- ↑ মহন্ত, চয়নিকা. (২০১৫). মনপুৰ মৌচন্দা. অসম সাহিত্য সভাৰ ত্ৰি-সপ্ততিতম্ কলিয়াবৰ অধিৱেশনৰ স্মাৰক গ্ৰন্থ. পৃ. ৮৯
- ↑ গোস্বামী, খগেশ্বৰ. (২০১৩). ভলাগুৰি সত্ৰ. গকুল গোস্বামী. পৃ. ১৬
- ↑ ভট্টাচাৰ্য্য, বিপুল চন্দ্ৰ. (২০১২). কৃষ্ণবটগ্ৰাম. কামধেনু প্ৰকাশন. পৃ. ৬০
- ↑ শইকীয়া, প্ৰশান্ত কুমাৰ. (২০১৫). মনপুৰ মৌচন্দা. অসম সাহিত্য সভাৰ ত্ৰি-সপ্ততিতম্ কলিয়াবৰ অধিৱেশনৰ স্মাৰক গ্ৰন্থ. পৃ. ২৫১
- ↑ সোমবাৰৰ পৰা ভলাগুৰি সত্ৰ সমবায় সমিতিৰ শতবৰ্ষীয় উদযাপন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভলাগুৰি সত্ৰ (কলিয়াবৰ)” প্ৰবন্ধৰ সংশোধন ৪৬৭৩৫৫ (৩১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।