হিন্দু ধৰ্মত, ভূতমাতা (Bhutamata ) হৈছে এক ভয়ানক আৰু দুৰ্লভ দেৱী যি দেৱীৰে এক ৰূপ। ভূতমাতাৰ সৈতে এটা সিংহ থাকে আৰু তেওঁ মূৰত এটা লিঙ্গ পিন্ধে।১ ভূতমাতাৰ উৎপত্তিৰ কাহিনী ভৱিষ্য পুৰাণত পোৱা যায়। শ্ৰীকৃষ্ণই কাহিনীটো বৰ্ণনা কৰিছে।২ কিংবদন্তি মতে, দেৱী পাৰ্বতীয়ে শিৱৰ সৈতে বাৰ্তালাপ কৰি আছিল আৰু তেওঁ বাৰ্তালাপৰ সৈতে ইমানেই জড়িত আছিল যে, পৃথিৱীৰ জীৱবোৰে কষ্ট পাবলৈ আৰম্ভ কৰিছিল। কিয়নো তেওঁলোকক পুষ্টি প্ৰদান কৰিবলৈ কোনো নাছিল। তাৰ পিছত হঠাতে দেৱী পাৰ্বতীৰ শৰীৰৰ পৰা এগৰাকী দেৱী দেখা গ'ল আৰু সেয়াই হ’ল ভূতমাতা।২ ভূতমাতাক বহুতো নামৰে উপাসনা কৰা হয়। এইটো বিশ্বাস কৰা হয় যে, তেওঁ তেওঁৰ ভক্তসকলক যেনে- শিশু, খাদ্য, গৰু আদিক সুস্বাস্থ্যৰ বাবে আশীৰ্বাদ দিয়ে আৰু শিশুসকলক ৰোগৰ পৰা সুৰক্ষিত কৰে।২
তথ্যসূত্ৰ
- ↑ BHUTAMATA. Hindu Mythology
- ↑ Rajendran, Abhilash. (28 August 2019). Story of origin of Bhutamata. Hindu-blog.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূতমাতা” প্ৰবন্ধৰ সংশোধন ২৬১৯৪৮ (৭ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।