অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বিশ্ব শান্তি পেগোডা, লুম্বিনি

বিশ্ব শান্তি পেগোডা, ইয়াক নিপ্পনজান শান্তি পেগোডা বুলিও কোৱা হয়, নেপালৰ লুম্বিনিত থকা বৌদ্ধ ধৰ্মৰ স্মৃতিসৌধ। ইয়াৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণত জাপানী বৌদ্ধসকলে প্ৰায় এক মিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰিছিল।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৬ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বিশ্ব শান্তি পেগোডা, ইয়াক নিপ্পনজান শান্তি পেগোডা বুলিও কোৱা হয়, নেপালৰ লুম্বিনিত থকা বৌদ্ধ ধৰ্মৰ স্মৃতিসৌধ। ইয়াৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণত জাপানী বৌদ্ধসকলে প্ৰায় এক মিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰিছিল।১ পেগোডাটো লুম্বিনী মাষ্টাৰ প্লেনৰ কেন্দ্ৰীয় অক্ষৰ আৰম্ভণি বিন্দু হিচাপে আছে আৰু আনটো মূৰত আছে মায়াদেৱী মন্দিৰ। পেগোডাৰপৰা মন্দিৰলৈ দূৰত্ব প্ৰায় ৩.২ কিলোমিটাৰ।১ স্তুপত থকা চিৰিৰে তিনিটা ভিন্ন স্তৰলৈ যাব পাৰি। স্তুপটো বগা ৰঙৰ আৰু মজিয়াখন শিলেৰে পকী কৰা হৈছে। ইয়াত চাৰিটা দিশলৈ মুখ কৰি বুদ্ধৰ চাৰিটা বৃহৎ সোণৰ মূৰ্তি আছে।

স্তুপৰ গুৰিৰ ওচৰত এজন জাপানী সন্ন্যাসী (উনাটক নৱতামে)ৰ কবৰ আছে, যিজনক ওচৰতে ভাৰতৰপৰা অহা ডকাইতে গুলীয়াই হত্যা কৰিছিল।২৩

স্তুপৰ উত্তৰ অঞ্চলটো মূলতঃ কৰ্চন চৰাইৰ বাসস্থানৰ বাবে সংৰক্ষিত।৪

তথ্যসূত্ৰ

  1. ↑ World Peace Pagoda- World Heritage Journeys Buddha
  2. ↑ World Peace Pagoda · Nepal Attractions. Lonely Planet
  3. ↑ Castleman, Seth. Pilgrims, Peace, and Politics: Lumbini, Birthplace of Gautama Buddha. Tricycle: The Buddhist Review
  4. ↑ Lumbini hosts sarus crane festival to raise awareness on the endangered bird

সম্পৰ্কিত শ্ৰেণী

বৌদ্ধ মঠ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব শান্তি পেগোডা, লুম্বিনি” প্ৰবন্ধৰ সংশোধন ৫৭১৪০৫ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।