মাণ্ডে বুৰুং (ইংৰাজী: Mande Burung)ভাৰতীয় লোককথাত বৰ্ণনা কৰা এবিধ বান্দৰ সদৃশ কিংবদন্তিমূলক জীৱ। এই জীৱবোৰ উত্তৰ-পূব ভাৰতৰ দুৰ্গম গাৰো পাহাৰৰ মেঘালয় উপক্ৰান্তীয় অৰণ্যত বাস কৰে বুলি বিশ্বাস কৰা হয়৷ মেঘালয়ৰ স্থানীয় ভাষাত মাণ্ডে বুৰুং মানে হৈছে “অৰণ্য মানৱ”৷১
লোককথাত এই জীৱবোৰ সাধাৰণতে বৃহৎ, নোমাল দ্বিপদ মানৱ সদৃশ বুলি বৰ্ণনা কৰা হয়৷২ মেঘালয়ৰ গাৰো জনগোষ্ঠী লোকসকলৰ বেছিভাগেই খ্ৰীষ্টান হোৱাৰ বিপৰীতে কিছুমানে প্ৰকৃতি ধৰ্ম পালন কৰে৷ তেওঁলোকে মাণ্ডে বুৰুঙৰ অস্তিত্বত বিশ্বাস কৰে আৰু এই জীৱটোৰ লগত জড়িত বহুতো লোককথা আৰু কিংবদন্তি মৌখিক ভাবে চৰ্চা কৰে।৩ স্থানীয় তথ্য অনুসৰি এগৰাকী মহিলা মাণ্ডে বুৰুঙে গাঁৱৰ মানুহক অপহৰণ কৰি স্তনপান কৰাই দিয়াৰ কাহিনী শুনা যায়। এই প্ৰাণীটোৰ সৈতে মিল থকা বিভিন্ন জীৱ বিশ্বজুৰি বিভিন্ন আঞ্চলিক নামেৰে পোৱা যায়, যেনে তিব্বত আৰু নেপালৰ য়েটি,৪ বাংলাদেশৰ বান-মানুছ, চীনৰ মূল ভূখণ্ডৰ য়েৰেন, আৰু আমেৰিকাৰ প্ৰশান্ত মহাসাগৰীয় উত্তৰ-পশ্চিম অঞ্চলৰ আৰু কানাডাৰ সকলো প্ৰদেশকে তথা সকলো ব্ৰিটিছ কলম্বিয়াৰ বিগফুট আদি।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাণ্ডে বুৰুং” প্ৰবন্ধৰ সংশোধন ৫৮৪৫২৩ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।