অস্তিত্ববাদ (ইংৰাজী ভাষা: Existentialism) হৈছে এক দৰ্শনমূলক দৃষ্টিভংগী আৰু অনুসন্ধানৰ ধাৰা, যি অস্তিত্বৰ আপাত অযৌক্তিকতা বা দুৰ্বোধ্যতাৰ স্বত্বেও এক প্ৰামাণিক জীৱন যাপন কৰাৰ বাবে মানুহৰ ব্যক্তিগত সংগ্ৰামক অন্বেষণ কৰে। জীৱনৰ অৰ্থ, উদ্দেশ্য আৰু মূল্যবোধ পৰীক্ষা কৰাৰ ক্ষেত্ৰত অস্তিত্ববাদী চিন্তাধাৰাত প্ৰায়েই অস্তিত্বৰ সংকট, অস্তিত্ববাদী দুশ্চিন্তা, সাহস আৰু স্বাধীনতাৰ দৰে ধাৰণাসমূহ অন্তৰ্ভুক্ত হয়।১
অস্তিত্ববাদ ১৯ আৰু ২০ শতিকাৰ কেইবাজনো ইউৰোপীয় দাৰ্শনিকৰ সৈতে জড়িত, যিসকলে চিন্তাধাৰাৰ গভীৰ পাৰ্থক্য থকাৰ স্বত্বেও মানৱ সত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ ক্ষেত্ৰত একমত আছিল।২৩৪ বৰ্তমান অস্তিত্ববাদৰ সৈতে জড়িত ১৯ শতিকাৰ ব্যক্তিসকলৰ ভিতৰত দাৰ্শনিক চোৰেন কিয়েৰ্কেগাৰ্ড আৰু ফ্ৰেডৰিখ নিৎসেৰ লগতে ঔপন্যাসিক ফিয়দৰ দস্তয়েৱস্কী অন্যতম, যিসকল সকলোৱে যুক্তিবাদক সমালোচনা কৰিছিল আৰু জীৱনৰ অৰ্থৰ সমস্যাক লৈ চিন্তিত আছিল। অৱশ্যে, ২০ শতিকাৰ মাজভাগৰ আগলৈকে 'অস্তিত্ববাদ' শব্দটোৰ সৃষ্টি হোৱা নাছিল। এই সময়ছোৱাত এই ধাৰণাটো সমসাময়িক দাৰ্শনিক জঁ-পল ছাৰ্ত্ৰ, মাৰ্টিন হাইডেগাৰ, চিমন দ্য ব'ভোৱাৰ, কাৰ্ল যাছপাৰ্চ, গেব্ৰিয়েল মাৰ্চেল, পল টিলিক আৰু বিতৰ্কিতভাৱে আলবেৰ কেমুৰ সৈতে আটাইতকৈ বেছি জড়িত হৈ পৰিছিল।
বহুতো অস্তিত্ববাদীয়ে পৰম্পৰাগত প্ৰণালীবদ্ধ বা শৈক্ষিক দৰ্শনসমূহক শৈলী আৰু বিষয়বস্তুৰ ফালৰ পৰা অতিশয় বিমূৰ্ত আৰুবাস্তৱ মানৱ অভিজ্ঞতাৰ পৰা আঁতৰত থকা বুলি গণ্য কৰিছিল।৫৬ অস্তিত্ববাদী চিন্তাধাৰাৰ এক প্ৰাথমিক গুণ হৈছে প্ৰামাণিকতা (authenticity)।৭ অস্তিত্ববাদে দৰ্শনৰ বাহিৰেও আন বহুতো শাখা যেনে— ধৰ্মতত্ত্ব, নাটক, কলা, সাহিত্য আৰু মনোবিজ্ঞানক প্ৰভাৱিত কৰিছিল।৮
অস্তিত্ববাদী দৰ্শনে বিভিন্ন দৃষ্টিকোণ আঁকোৱালি লয়, কিন্তু ইয়াৰ কিছুমান অন্তৰ্নিহিত ধাৰণা একেই। এইবোৰৰ ভিতৰত অস্তিত্ববাদৰ এটা কেন্দ্ৰীয় নীতি হৈছে যে আত্ম-আৱিষ্কাৰ আৰু জীৱনৰ অৰ্থ নিৰ্ধাৰণৰ বাবে ব্যক্তিগত স্বাধীনতা, ব্যক্তিগত দায়িত্ব আৰু ইচ্ছাকৃত পচন্দ অপৰিহাৰ্য।৯
তথ্যসূত্ৰ
- ↑ Solomon 1974, পৃ. 1–2
- ↑ Crowell 2020
- ↑ Macquarrie, John. (1972). Existentialism. Penguin. পৃ. 14–15
- ↑ Honderich. (1995). Oxford Companion to Philosophy. Oxford University Press. পৃ. 259. ISBN 978-0-19-866132-0
- ↑ Breisach, Ernst. (162). Introduction to Modern Existentialism. Grove Press. পৃ. 5
- ↑ Kaufmann, Walter. (1956). Existentialism: From Dostoyevesky to Sartre. Meridian. পৃ. 12
- ↑ Flynn 2006, পৃ. xi
- ↑ Guignon, Charles B.; Pereboom, Derk. (2001). Existentialism: Basic Writings. Hackett Publishing. পৃ. xiii. ISBN 978-0-87220-595-6
- ↑ Kleinman, Paul. (2013). Philosophy 101: from Plato and Socrates to ethics and metaphysics, an essential primer on the history of thought. Adams Media. ISBN 978-1-4405-6767-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অস্তিত্ববাদ” প্ৰবন্ধৰ সংশোধন ৬৩১৩৪১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।