হেফেইস্ত'ছ বা হেফেইষ্টাচ (Hephaestus) হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা। তেওঁ কমাৰ, ধাতুশিল্প, ভাস্কৰ, নিৰ্মাণ শিল্প আৰু শিল্পী, স্থাপত্যবিদ্যা, অগ্নি আৰু আগ্নেয়গিৰিৰ অধিষ্ঠাতা।১ ভালকান হৈছে তেওঁৰ ৰোমান সমকক্ষ দেৱতা। হেফেইষ্টাচৰ পিতৃ-মাতৃ সম্পৰ্কে দ্বিমত আছে। কোনো কোনো উৎসৰ মতে দেৱৰাজ জ্যুচ আৰু হীৰা তেওঁৰ পিতৃ-মাতৃ। অন্য কিছু সূত্ৰৰ মতে তেওঁক হীৰাই অকলেই ধাৰণ কৰি জন্ম দিছিল। আখ্যান অনুসৰি, শাৰীৰিক বিসংগতিৰ বাবে তেওঁক হীৰা অথবা জ্যুচে অলিম্পাচ পৰ্বতৰ পৰা নিৰ্বাসন দিয়ে।২৩৪
কমাৰশিল্পৰ দেৱতা হিচাপে হেফেইষ্টাচেই অলিম্পাচৰ দেৱ-দেৱীসকলৰ অস্ত্ৰ-শস্ত্ৰসমূহ নিৰ্মাণ কৰিছিল। এথেন্সকে ধৰি গ্ৰীচৰ ঔদ্যোগিক কেন্দ্ৰসমূহত হেফেইষ্টাচৰ উপাসনা কৰা হৈছিল। লেমন'চ নামৰ ঠাই হেফেইষ্টাচ পন্থাৰ কেন্দ্ৰস্থল আছিল।১ তেওঁৰ চিহ্নসমূহৰ ভিতৰত হাতুৰী, বঁটালি আৰু দুখন জিভাই প্ৰধান।
আখ্যানসমূহ
হেফেইষ্টাচে নিৰ্মাণ কৰা সামগ্ৰী
অলিম্পাচত হেফেইষ্টাচৰ নিজা প্ৰাসাদ আছে আৰু তাতেই তেওঁৰ কাৰখানা অৱস্থিত।৫ দেৱ-দেৱীসকলৰ অধিকাংশৰে অস্ত্ৰ-শস্ত্ৰসমূহৰ নিৰ্মাণকৰ্তা হৈছে হেফেইষ্টাচ। তেওঁ হাৰ্মিচৰ পাখিলগা শিৰোস্ত্ৰাণ আৰু পাদুকা, এজিচৰ বক্ষবৰ্ম, এফ্ৰোডাইটিৰ কমৰবন্ধনী, ইৰ'চৰ ধনু-কাঁড় আদি নিৰ্মাণ কৰিছিল। পৰৱৰ্তী কালৰ ৰচনাসমূহৰ মতে তেওঁক এই কাৰ্যত চাইক্লপচসকলে সহায় কৰিছিল।৬৭
হেফাষ্টিয়াচে কিছুসংখ্যক অ'ট'মেটন বা স্বয়ংচালিত যন্ত্ৰ সাজিছিল আৰু ইয়াৰ ভিতৰত ট্ৰাইপদ বা ত্ৰিপদী কিছু যন্ত্ৰও আছিল যি ঘূৰা-ফুৰা কৰিব পাৰিছিল। কোনো কোনো আখ্যানৰ মতে প্ৰমিথিউচে হেফেইষ্টাচৰ পৰাই জুই চুৰ কৰি নি মানৱ জাতিক দিছিল।৮ দেৱতাসকলে মানৱক উপহাৰ দিয়া আদিনাৰী পেণ্ড'ৰা আৰু তেওঁৰ পাত্ৰসমূহো হেফেইষ্টাচে নিৰ্মাণ কৰিছিল। তেওঁ অলিম্পাচৰ সকলোবোৰ সিংহাসনৰ সৃষ্টিকৰ্তা আছিল।৬
হোমাৰৰ শ্লোকসমূহত উল্লেখ আছে যে হেফেইষ্টাচৰ গতি সৃষ্টি কৰিব পৰা শক্তি আছিল। ৯ তেওঁ এল্কিনুচৰ প্ৰাসাদৰ দ্বাৰত সোণৰ সিংহ আৰু কুকুৰসমূহ এনেদৰে সাজিছিল যাতে ইহঁতে অনুপ্ৰৱেশকাৰীসকলক কামুৰিব পাৰে।১০
অলিম্পাচৰ পৰা পতন
গ্ৰীক কিংবদন্তিৰ এটা ভাগৰ মতে হীৰাই ভৰিৰ কিছু বিসংগতিৰ বাবে হেফেইষ্টাচক অলিম্পাচৰ পৰা নিৰ্বাসন দিছিল। তেওঁ আহি সমুদ্ৰত পৰাৰ পিছত একিলিচৰ মাতৃ থেটিচে তেওঁক ডাঙৰ-দীঘল কৰে।৩
অন্য আখ্যানসমূহৰ মতে জ্যুচক মাতৃ হীৰাৰ কাষলৈ অহাত বাধা দিয়াৰ বাবে জ্যুচে হেফেইষ্টাচক অলিম্পাচৰ পৰা বহিষ্কাৰ কৰে। তেওঁ সম্পূৰ্ণ এদিন এৰাতি খহি আহি লেমন'চ নামৰ দ্বীপত পতিত হয় আৰু তাতেই এক প্ৰাচীন জনগোষ্ঠীৰ সহায়ত শিল্পবিদ্যাত পাৰ্গত হৈ উঠে।৪ অৱশ্যে পিছলৈ হেফেইষ্টাচৰ অলিম্পাচলৈ প্ৰত্যাৱৰ্তন ঘটে।
তথ্যসূত্ৰ
- ↑ Walter Burkert, Greek Religion 1985: III.2.ii
- ↑ Graves, Robert. (1955). The Greek Myths: 1. Penguin Books. পৃ. 51. ISBN 0736621121
- ↑ Homeric Hymn to Apollo 316–321; Homer, Iliad 395–405
- ↑ হোমাৰ, ইলিয়াড 1.590–594; Valerius Flaccus, ii, 8.5;, i, 3 § 5. Apollodorus confounds the two occasions on which Hephaestus was thrown from Olympus
- ↑ Il. xviii. 370, &c
- ↑ Graves, Robert. (1960). Greek Gods and Heroes. Dell Laurel-Leaf. পৃ. 150
- ↑ Virg. Aen. viii. 416, &c
- ↑ West. (1979). The Prometheus Trilogy. The Journal of Hellenic Studies. পৃ. 130–148
- ↑ ইলিয়াড, XVIII 372ff
- ↑ ইলিয়াড, VIII: Nigel Spivey (1997): The Greek art. Phaidon Press Limited, p.9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেফেইষ্টাচ” প্ৰবন্ধৰ সংশোধন ৬৩১৪০০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।