ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আন-নাহল
আন-নাহল (الْنَّحْل; an-nahl অৰ্থ: মৌ-মাখি) হৈছে কোৰআনৰ ১৬তম অধ্যায় (ছূৰা), যাৰ ১২৮টা শ্লোক (আয়াত) আছে। ইয়াৰ ৬৮ আয়াতত উল্লেখ কৰা মৌ-মাখিৰ নামেৰে নামকৰণ কৰা হৈছে, আৰু ইয়াত উদ্যোগৰ তুলনা আৰু মৌ মাখিৰ মানুহৰ উদ্যোগৰ সৈতে খাপ খোৱা।
-
আল-ইছৰা
আল-ইছৰা’ (الإسراء, al-isrāʼ; অৰ্থ: নিশাৰ যাত্ৰা) হৈছে কোৰআনৰ সপ্তদশ অধ্যায় (ছূৰা), যাৰ ১১১টা শ্লোক (আয়াত) অছে। ইছৰাত ১ নং আয়াতত নবী মুহাম্মাদ (ছাঃ)ৰ "নিশাৰ যাত্ৰা"ৰ বিষয়ে উল্লেখ কৰিছে। এই ছূৰাটো আল-মুচাব্বিহাট ছূৰা শৃংখলাৰ অংশ কিয়নো ই আল্লাহৰ মহিমাৰে আৰম্ভ হয়।
-
আল-কাছাছ
আল-কাছাছ (القصص, ’al-qaṣaṣ; অৰ্থ: গল্প) হৈছে পবিত্ৰ কোৰআনৰ ২৮ নং ছূৰা (অধ্যায়) য'ত ৮৮টা আয়াত (শ্লোক) আছে। ইবনে কাথিৰৰ টোকা অনুসৰি এই অধ্যায়টোৰ নাম ২৫ নং আয়াতৰ পৰা লোৱা হৈছে য’ত আল-কাছাছ শব্দটো পোৱা গৈছে। আভিধানিকভাৱে কাছাছৰ অৰ্থ হ’ল পৰিঘটনাবোৰক সঠিক ক্ৰমত সম্পৰ্কিত কৰা।
-
আল-হিজৰ
আল-হিজৰ (الحِجْرْ) হৈছে কোৰআনৰ পঞ্চদশ অধ্যায় (ছূৰা)। ইয়াত ৯৯টা শ্লোক (আয়াত) আছে। প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিৰ সন্দৰ্ভত (আচবাব আল-নুজুল), ই হৈছে পূৰ্বৰ মক্কান ছূৰা, যাক পয়গম্বৰ মুহাম্মাদে ১২ অধ্যায়ৰ অলপ পিছতে, ইউছুফৰ দ্বাৰা মক্কাত তেওঁৰ অন্তিম বছৰত গ্ৰহণ কৰা বুলি বিশ্বাস কৰা হয়।
-
আশ-শু’আৰা
আশ-শু‘আৰা’ (الشعراء, ’ash-shu‘arā’; meaning: কবি) হৈছে পৱিত্ৰ আল-কোৰআনৰ ২৬ তম ছূৰা যাৰ ২২৭টা আয়াত আছে। ইয়াৰ বেছিসংখ্যক আয়াতেই সৰু। ছূৰাটোৰ ২২৪ নং আয়াতত “আশ-শু’আৰা” শব্দটোৰপৰা ছূৰাৰ নামকৰণ কৰা হৈছে।
-
ইউছুফ (ছূৰা)
ইউছুফ (يوسف, Yūsuf; "ইউছুফ"ৰ আৰবী সমাৰ্থক) কোৰআনৰ দ্বাদশ অধ্যায় (ছূৰা) আৰু ইয়াত ১১১টা আয়াত (পদ) আছে। ইয়াৰ আগতে ছূৰা হুদ আৰু তাৰ পিছত আছে আৰ-ৰ'দ (বজ্ৰপাত)।
-
ইউৰিনম (অ'চেনিড)
ইউৰিনম (/jʊˈrɪnəmiː/; প্ৰাচীন গ্ৰীক: Εὐρυνόμη, ইংৰাজী: Eurynome) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত এগৰাকী দেৱী৷ ধ্ৰুপদী পেলোপনেছাছৰ নেডা আৰু লাইমেক্স নামৰ নদীৰ সংগমৰ ওচৰৰ এখন অভয়াৰণ্যত তেওঁক পূজা কৰা হৈছিল। জলপৰী সদৃশ মূৰ্তি এটাই তেওঁক প্ৰতিনিধিত্ব কৰিছিল।
-
ইব্ৰাহিম (ছূৰা)
ইব্ৰাহিম (إبراهيم, Ibrāhīm; বা "অব্ৰাহাম"ৰ আৰবী সমাৰ্থক) হৈছে কোৰআনৰ চতুৰ্দশ অধ্যায় (ছূৰা)। ই ৫২টা শ্লোক (আয়াত)ৰ সৈতে গঠিত। ছূৰাত গুৰুত্ব দিয়ে যে এজন ব্যক্তিৰ হৃদয়ৰ ভিতৰত কি ঘটিছে সেয়া কেৱল আল্লাহহে জানে, যাৰ অৰ্থ হৈছে আমি ইজনে সিজনৰ কথাক সৎ বিশ্বাসেৰে গ্ৰহণ কৰিব লাগিব (১৪:৩৮)।
-
উদ্ধৱ
উদ্ধৱ (পৱনয়াধি হিচাপেও জনাজাত) হিন্দু ধৰ্মৰ পুৰাণিক শাস্ত্ৰসমুহত বৰ্ণিত এক উল্লেখযোগ্য চৰিত্ৰ। উদ্ধৱ ভগৱান বিষ্ণুৰ শ্ৰীকৃষ্ণ অৱতাৰত তেওঁৰ পৰামৰ্শদাতা আৰু পৰম বান্ধৱ হিচাপে চিত্ৰায়িত হৈছে।
-
ঐতৰেয় ব্ৰাহ্মণ
ঐতৰেয় ব্ৰাহ্মণ ( ऐतरेय ब्राह्मण) প্ৰাচীন ভাৰতীয় পৱিত্ৰ গীতৰ সংকলন ঋগবেদৰ শ্বাকাল শাখাৰ ব্ৰাহ্মণ। এই গ্ৰন্থখন পৰম্পৰা অনুসৰি মহীদাস ঐতৰেয়ৰ বুলি কোৱা হয়।
-
কাল সংহতি
কাল সংহতি অসমৰ বৈষ্ণৱ সত্ৰসমূহৰ এক বিভাগ। মাধৱদেৱৰ প্ৰয়াণৰ পিছত এই সংহতিৰ প্ৰতিষ্ঠা কৰিছিল তেওঁৰ শিষ্য গোপালদেৱে।
-
কালৰাত্ৰি
কালৰাত্ৰি হৈছে নৱদুৰ্গাৰ অন্যতম তথা দেৱী দুৰ্গাৰ সপ্তম ৰূপ। দেৱী দুৰ্গা বিষয়ক প্ৰাচীনতম সাহিত্য মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত (৮১-৯৩) কালৰাত্ৰিৰ প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। তেওঁক দেৱীৰ কালী, চামুণ্ডা আদি সংহাৰী ৰূপসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়।
-
কিইভ পেচাৰ্ছক লাভ্ৰা
কিইভ পেচাৰ্ছক লাভ্ৰা বা কিয়েভো-পেচাৰ্ছকা লাভ্ৰা (Kyiv Pechersk Lavra) , যাক কিয়েভৰ গুহা-মঠ বুলিও জনা যায়, হৈছে পূবৰ খ্ৰীষ্টান ধৰ্মৰ এক ঐতিহাসিক লাভ্ৰা বা বৃহৎ মঠ। এই মঠটো কিয়েভ চহৰৰ পেচাৰ্ছকী জিলাত অৱস্থিত আৰু মঠটোৰ নামৰপৰাই জিলাখনৰ নামকৰণ কৰা হৈছে।
-
কেথলিক গিৰ্জা
কেথলিক গিৰ্জা, যাক প্ৰায়ে ৰোমান কেথলিক গিৰ্জা বুলিও কোৱা হয়, হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ খ্ৰীষ্টান গিৰ্জা। ২০২৫ চনৰ অনুসৰি বিশ্বজুৰি ১২৭.২ কোটিৰ পৰা ১৪০.৬ কোটিলৈ বাপ্তিস্ম গ্ৰহণ কৰা কেথলিক বিশ্বাসী আছে।
-
ক্ৰতু
ক্ৰতু হিন্দু ধৰ্মত সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাৰ মানসপুত্ৰৰ অন্যতম। তেওঁ এজন ঋষিও, যি দুটা ভিন্ন যুগত আবিৰ্ভাৱ হৈছিল। ব্ৰহ্মাৰ মনৰ পৰা উৎপত্তি হোৱা বুলি বিশ্বাস কৰা প্ৰথম মনু সপ্তৰ্ষিসকলৰ যুগৰ সাত মহান ঋষিৰ ভিতৰত তেওঁক এজন বুলি গণ্য কৰা হয়।
-
গাণ্ডীৱ
গাণ্ডীৱ (সংস্কৃত- गाण्डीव) মহাকাব্য মহাভাৰতৰ অন্যতম পাণ্ডৱ অৰ্জুনৰ এক ঐশ্বৰিক ধনু। এই ধনু ব্ৰহ্মাই নিৰ্মাণ কৰিছিল।
-
গায়ত্ৰী মন্ত্ৰ
বৈদিক হিন্দু ধৰ্মত গায়ত্ৰী মন্ত্ৰ এটি অতি গুৰুত্বপূৰ্ণ মন্ত্ৰ। প্ৰচলিত বিশ্বাস অনুসৰি, গায়ত্ৰী মন্ত্ৰ বেদৰ আন আন মন্ত্ৰৰ দৰেই "অপৌৰষেয়" (অৰ্থাৎ কোনো মানুহৰ দ্বাৰা ৰচিত নহয়) আৰু বৈদিক হিন্দুসকলে ব্ৰহ্মৰ্ষিৰ ওচৰত প্ৰকাশ কৰা বুলি বিশ্বাস কৰে (গায়ত্ৰী মন্ত্ৰৰ ক্ষেত্ৰত ব্ৰহ্মৰ্ষি হ'ল বিশ্বমিত্ৰ)।
-
চাইন′পে (শ্ৰুতিকথা)
চাইন′পে (/sɪˈnoʊpi/; প্ৰাচীন গ্ৰীক: Σινώπη, ইংৰাজী: Sinope) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম। তেওঁক কৃষ্ণ সাগৰৰ চিন′পে চহৰৰ এটা উপনাম বুলি ভবা হয়।
-
চীনা বৌদ্ধ ধৰ্ম
চীনা বৌদ্ধ ধৰ্ম বা হান বৌদ্ধ ধৰ্ম (পৰম্পৰাগত চীনাত: 漢傳佛教, সৰলীকৃত চীনাত: 汉传佛教, পিন্যিনত: 汉传佛教) মহাযান বৌদ্ধ ধৰ্মৰ এক চীনা ৰূপ। চীনা বৌদ্ধ ধৰ্মই চীনা সংস্কৃতিত এক বিশেষ প্ৰভাৱ পেলাইছে, কলাৰ পৰা ৰাজনীতি, সাহিত্য, দৰ্শন, চিকিৎসা আৰু ভৌতিক সংস্কৃতিত। চীনা বৌদ্ধ ধৰ্ম চীনৰ মূলভূমিত সৰ্ববৃহৎ সংগঠিত ধৰ্ম।
-
ছালাম
ছালামঃ (ছালাম, سلام, Salam, সালাম) ছালাম আৰবী শব্দ। ইয়াৰ অৰ্থ হৈছে শান্তি, প্ৰশান্তি কল্যাণ, দুআ, আৰাম, আনন্দ, তৃপ্তি। ছালাম এটা সম্মানজনক অভ্যৰ্থনামূলক অভিনন্দন সুলভ শান্তিময় উচ্চমৰ্যাদা সম্পন্ন পৰিপূৰ্ণ ইছলামী অভিবাদন।
-
জাম্বৱতী
জাম্বৱতী (जाम्बवती) কালানুক্ৰমিকভাৱে হিন্দু দেৱতা কৃষ্ণৰ দ্বিতীয় অষ্টভাৰ্যা। ভালুক-ৰজা জাম্বৱন্তৰ একমাত্ৰ কন্যা। চুৰি হোৱা স্যামন্তকৰ মণিটো উদ্ধাৰৰ বাবে কৃষ্ণই তেওঁৰ পিতৃ জাম্বৱন্তক পৰাস্ত কৰি জাম্বৱতীক বিয়া কৰায়।
-
জিহাদ
জিহাদ (; جهاد jihād ) শব্দৰ উৎপত্তি হৈছে আৰবী ভাষাৰ "জাহাদা" আৰু "জোহাৰ" শব্দৰ পৰা, যাৰ অৰ্থ হৈছে নিজকে ভাল আদৰ্শবান ব্যক্তি হিচাপে গঢ় দিবলৈ বা বেয়া চৰিত্ৰ সংশোধনৰ বাবে কৰা আত্মপ্ৰচেষ্টা। ইয়াৰ ওপৰিও সমাজৰ যিকোনো বিশৃংখলকাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰাকো আৰবী ভাষাত জিহাদ কৰা বুজায়।
-
জ্যোতিৰ্লিংগ
জ্যোতিৰ্লিংগ ( Jyotirlinga) বা জ্যোতিৰ্লিংগম হিন্দু দেৱতা শিৱৰ ভক্তিমূলক প্ৰতিনিধিত্ব। এই শব্দটো জ্যোতি (‘উজ্জ্বলতা’) আৰু লিংগ (‘চিন’)ৰ সংস্কৃত যৌগ। শিৱ মহাপুৰাণত (শিৱ পুৰাণ বুলিও কোৱা হয়) ভাৰতৰ ৬৪টা আদি জ্যোতিৰ্লিংগ মন্দিৰৰ কথা উল্লেখ আছে।
-
তাহা
তা-হা (; طه) হৈছে কোৰআনৰ ২০ তম অধ্যায় (ছূৰা) যাৰ ১৩৫টা আয়াত (আয়াত) আছে। ইয়াক "তাহা" নাম দিয়া হৈছে কিয়নো অধ্যায়টো আৰবী হৰফ মুকাত্তʿআত (বিতৰণ কৰা আখৰ)ৰ সৈতে আৰম্ভ হয়: طه (তাহা) যাক নবী মুহাম্মাদৰ এটা নাম বুলি বিশ্বাস কৰা হয়।
-
তাৰকাসুৰ
তাৰকাসুৰ হিন্দু পৌৰাণিক কাহিনীৰ এক শক্তিশালী অসুৰ। তেওঁ অসুৰ বজ্ৰাংগ আৰু তেওঁৰ পত্নী বজ্ৰংগীৰ পুত্ৰ। তাৰকাৰ তিনিজন পুত্ৰ আছিল: তৰাক্ষ, বিদ্যুন্মালি আৰু কমলাক্ষ, যিসকলক ত্ৰিপুৰাসুৰ বুলি জনা যায়। তেওঁক কাৰ্তিকে বধ কৰে।
-
ত্ৰিপুৰ সুন্দৰী
ত্ৰিপুৰ সুন্দৰী (त्रिापुरी) এগৰাকী হিন্দু দেৱী। ৰাজাৰাজেশ্বৰী, শোদাশী, কামাক্ষী, ললিতা আদি নামেৰেও তেওঁ পৰিচিত। পৰম দেৱী মহাদেৱীৰ এটা প্ৰধান স্বৰূপ হিচাপে তেওঁৰ পূজা কৰা হয়। হিন্দু ধৰ্মত দেৱীমুখী সম্প্ৰদায়ৰ মাজত প্ৰধানকৈ শক্তিবাদত এই দেৱীৰ পূজা হয়। দশ মহাবিদ্যাৰ ভিতৰতো তেওঁ অন্যতম।
-
দুষ্যন্ত
দুষ্যন্ত (Dushyanta, दुष्यन्त) শাস্ত্ৰীয় ভাৰতীয় সাহিত্য আৰু ভাৰতীয় ইতিহাসৰ (খ্ৰীষ্টপূৰ্ব ৫০০০ বছৰ পূৰ্বে) এগৰাকী ৰজা। তেওঁ শকুন্তলাৰ স্বামী আৰু সম্ৰাট ভৰতৰ পিতৃ আছিল। তেওঁক মহাভাৰত আৰু কালিদাসৰ নাটক অভিজ্ঞানম শকুন্তলমত পোৱা যায়। সংস্কৃতত তেওঁৰ নামৰ অৰ্থ “দৈত্য ধ্বংসকাৰী।”
-
দেৱদাস (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
দেৱদাস শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: দেৱদাস, শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ এখন বঙালী উপন্যাস, প্ৰথমবাৰৰ বাবে ১৯১৭ চনত প্ৰকাশিত আৰু বহুবাৰ চলচ্চিত্ৰ হিচাপে অভিযোজিত। দেৱদাস (১৯২৮ চনৰ চলচ্চিত্ৰ), উপন্যাসখনৰ নিৰ্বাক চলচ্চিত্ৰ অভিযোজন। নৰেশ মিত্ৰৰ দ্বাৰা পৰিচালিত।
-
দেৱীমাহাত্ম্যম্
দেৱীমাহাত্ম্যম (Sanskrit:देवीमाहात्म्यम्),হৈছে সনাতন হিন্দু ধৰ্মৰ এখন অন্যতম গ্ৰন্থ;এই পুথিখনৰ অন্য জনপ্ৰিয় নামসমূহ হ'ল:দূৰ্গা সপ্তশতী আৰু শ্ৰীশ্ৰী চণ্ডী।
-
দৈত্যগুৰু শুক্ৰাচাৰ্য্য
শুক্ৰাচাৰ্য্য (সংস্কৃত: शुक्राचार्य) হৈছে হিন্দু পুৰাণৰ এজন অন্যতম প্ৰসিদ্ধ ঋষি আৰু দৈত্যগুৰু। তেওঁ দৈত্য আৰু অসুৰসকলৰ গুৰু হিচাপে প্ৰসিদ্ধ আৰু মৃতসঞ্জীৱনী বিদ্যাৰ অধিকাৰী বুলি কোৱা হয়।