অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ছেলেনে

ছেলেনে (/sɪˈliːniː/; প্ৰাচীন গ্ৰীক: Σελήνη; ইংৰাজী: Selene, অৰ্থাৎ "চন্দ্ৰ") প্ৰাচীন গ্ৰীক পৌৰাণিক কাহিনী আৰু ধৰ্ম অনুসৰি চন্দ্ৰক প্ৰতিনিধিত্ব কৰা দেৱী আৰু ব্যক্তিত্ব।

হালনাগাদ: ১০ মাৰ্চ ২০২৫ ২০৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ছেলেনে (/sɪˈliːniː/; প্ৰাচীন গ্ৰীক: Σελήνη; ইংৰাজী: Selene, অৰ্থাৎ "চন্দ্ৰ")১ প্ৰাচীন গ্ৰীক পৌৰাণিক কাহিনী আৰু ধৰ্ম অনুসৰি চন্দ্ৰক প্ৰতিনিধিত্ব কৰা দেৱী আৰু ব্যক্তিত্ব। তেওঁক মেনে (MEH-neh) নামেৰেও জনাজাত৷ পৰম্পৰাগতভাৱে তেওঁ টাইটান দেৱতা হাইপেৰিয়ান আৰু থেইয়াৰ কন্যা আৰু সূৰ্য্য দেৱতা হেলিঅ'ছ আৰু পুৱাৰ দেৱী ইঅ’ছৰ ভগ্নী। তেওঁ নিজৰ চন্দ্ৰৰথত উঠি আকাশৰ ওপৰেৰে পৰিভ্ৰমণ কৰে। জ্যুচ, পান, মৰ্ত্যলোকৰ এণ্ডিমিয়ানকে ধৰি বিভিন্ন জনক তেওঁৰ প্ৰেমিকৰ ৰূপত উপস্থাপন কৰা হয়। উত্তৰ-ধ্ৰুপদী যুগত ছেলেনেক প্ৰায়ে আৰ্টিমিচৰ সৈতে চিনাক্ত কৰা যায়, ঠিক যেনেকৈ তেওঁৰ ভাতৃ হেলিঅ'ছক এপ'ল'ৰ সৈতে চিনাক্ত কৰা হয়।২ ছেলেনে আৰু আৰ্টিমিচ হেকেটৰ সৈতেও জড়িত আৰু তিনিওকে চন্দ্ৰ আৰু চন্দ্ৰ দেৱী হিচাপে গণ্য কৰা হৈছিল যদিও কেৱল ছেলেনেকহে চন্দ্ৰৰ ব্যক্তিত্ব হিচাপে গণ্য কৰা হৈছিল।

ৰোমান ধৰ্ম আৰু পৌৰাণিক কাহিনীত তেওঁৰ সমতুল্য দেৱী লুনা।৩

কিংবদন্তি

প্ৰতিদিনে আকাশেদি নিজৰ ৰথ চলাই পৰিভ্ৰমণ কৰা সূৰ্য্য দেৱতা হেলিঅ'ছৰ দৰেই ছেলেনেও আকাশেদি নিজৰ ৰথ চলাই পৰিভ্ৰমণ কৰে বুলি কোৱা হয়। হোমাৰ বা হেচিয়ড কাব্যত কিন্তু ছেলেনেৰ ৰথৰ বিষয়ে কোনো উল্লেখ নাই৷

মৰ্ত্যৰ সুদৰ্শন এণ্ডিমিয়নৰ সৈতে প্ৰেমৰ বাবে ছেলেনে বেছিকৈ পৰিচিত। সপ্তম শতিকাৰ শেষৰ ফালে – খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ আৰম্ভণিৰ কবি ছাফোৱে আপাত দৃষ্টিত ছেলেনে আৰু এণ্ডিমিয়নৰ কথা উল্লেখ কৰিছিল। কিন্তু কাহিনীটোৰ প্ৰথম বিৱৰণ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ ৰোডছৰ এপ'লনিয়াছৰ আৰ্গ'ন'টিকাৰ পৰা আহিছে, য'ত ছেলেনেৰ "উন্মাদ আবেগ" আৰু লেটমাছ পৰ্বতৰ এটা গুহাত "সুন্দৰ এণ্ডিমিয়ন"ক লগ কৰিবলৈ যোৱাৰ কথা কোৱা হৈছে৷

তথ্যসূত্ৰ

  1. ↑ A Greek–English Lexicon s.v. σελήνη
  2. ↑ Hard, p. 46; Oxford Classical Dictionary, s.v. Selene; Morford, pp. 64, 219–220; Smith, s.v. Selene
  3. ↑ Smith, s.v. Selene; Kerényi, pp. 196–197; Oxford Classical Dictionary, s.v. Selene; Hard, p. 46; Morford, pp. 64, 219–221

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেলেনে” প্ৰবন্ধৰ সংশোধন ৪৯০১৬৪ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।