অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হিন্দুত্ব

হিন্দুত্ব (ইংৰাজী: Hindutva) হৈছে এক হিন্দু জাতীয়তাবাদী ৰাজনৈতিক আদৰ্শ। ১৯২৩ চনত বিনায়ক দামোদৰ সাভাৰকাৰৰ দ্বাৰা প্ৰণয়ন কৰা এই আদৰ্শক মূলতঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS), বিশ্ব হিন্দু পৰিষদ (VHP), শাসকীয় ভাৰতীয় জনতা পাৰ্টী (BJP) আৰু অন্যান্য সংগঠনসমূহৰ দ্বাৰা সমৰ্থন কৰা হয়, যিবোৰক…

হালনাগাদ: ১৬ জুলাই ২০২৬ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

হিন্দুত্ব (ইংৰাজী ভাষা: Hindutva) হৈছে এক হিন্দু জাতীয়তাবাদী ৰাজনৈতিক আদৰ্শ।১২৩ ১৯২৩ চনত বিনায়ক দামোদৰ সাভাৰকাৰৰ দ্বাৰা প্ৰণয়ন কৰা এই আদৰ্শক মূলতঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS), বিশ্ব হিন্দু পৰিষদ (VHP), শাসকীয় ভাৰতীয় জনতা পাৰ্টী (BJP)৪৫ আৰু অন্যান্য সংগঠনসমূহৰ দ্বাৰা সমৰ্থন কৰা হয়, যিবোৰক সামূহিকভাৱে সংঘ পৰিয়াল বুলি জনা যায়।৬৭

ইউৰোপীয় ফেচীবাদৰ ধাৰণা আৰু তত্ত্বসমূহ ধাৰ কৰি, আন্তঃযুদ্ধৰ সময়ছোৱাত আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিন্দুত্ব আন্দোলন ইটালীয় ফেচীবাদ আৰু নাজীবাদৰ সৈতে জড়িত আছিল।৮ হিন্দুত্বক সোঁপন্থী চৰমপন্থীৰ এক প্ৰকাৰ৮ আৰু ধ্ৰুপদী অৰ্থত "প্ৰায় ফেচীবাদী" বুলি বৰ্ণনা কৰা হৈছে, যি একজাতীয় সংখ্যাগৰিষ্ঠতা আৰু সাংস্কৃতিক আধিপত্যৰ ধাৰণা মানি চলে।৯ কিছুমান বিশ্লেষকে হিন্দুত্বক ফেচীবাদৰ সৈতে একাকাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনায় আৰু মত প্ৰকাশ কৰে যে হিন্দুত্ব হৈছে ৰক্ষণশীলতা বা জনগোষ্ঠীয় জাতীয়তাবাদৰ এক চৰম ৰূপ। কিছুমান পণ্ডিতে ইয়াক এটা বিচ্ছিন্নতাবাদী আদৰ্শ বুলিও বৰ্ণনা কৰিছে।১০১১

হিন্দুত্বৰ সমৰ্থকসকলে, বিশেষকৈ ইয়াৰ প্ৰাৰম্ভিক তত্ত্ববিদসকলে হিন্দু ৰাষ্ট্ৰৰ ধাৰণাটোক ন্যায্যতা প্ৰদান কৰিবলৈ ৰাজনৈতিক বাকচাতুৰী আৰু কেতিয়াবা ভুল তথ্যৰ আশ্ৰয় লৈছে। এই আন্দোলনক প্ৰায়েই হিন্দু ধৰ্মীয় আৱেগক ব্যৱহাৰ কৰি সাম্প্ৰদায়িক ভিত্তিত মানুহক মেৰুকৰণ কৰা আৰু ৰাজনৈতিক লাভালাভৰ বাবে হিন্দু ধৰ্মৰ সামগ্ৰিক আৰু বহুত্ববাদী চৰিত্ৰক বিকৃত কৰাৰ বাবে সমালোচনা কৰা হয়।১২

তথ্যসূত্ৰ

  1. ↑ Haokip, Jangkholam. (2014). Can God Save My Village?: A Theological Study of Identity among the Tribal People of North-East India with a Special Reference to the Kukis of Manipur. Langham Monographs. পৃ. 35. ISBN 978-1-78368-981-1
  2. ↑ Gregory, Derek; Johnston, Ron; Pratt, Geraldine. (2011). The Dictionary of Human Geography. John Wiley & Sons. পৃ. 1–. ISBN 978-1-4443-5995-4
  3. ↑ (2011). Oxford English Dictionary Online. Oxford University Press
  4. ↑ (4 December 2004). The Hindutva road. Frontline
  5. ↑ Krishna 2011, পৃ. 324
  6. ↑ Ross, M.H. (2012). Culture and Belonging in Divided Societies: Contestation and Symbolic Landscapes. Book collections on Project MUSE. University of Pennsylvania Press. পৃ. 34. ISBN 978-0-8122-0350-9
  7. ↑ Sweetman, W.; Malik, A. (2016). Hinduism in India: Modern and Contemporary Movements. SAGE Publications. পৃ. 109. ISBN 978-93-5150-231-9
  8. ↑ Leidig, Eviane. (17 July 2020). Hindutva as a variant of right-wing extremism. Patterns of Prejudice. পৃ. 215–237
  9. ↑ Frykenberg 2008, পৃ. 178–220: "This essay attempts to show how — from an analytical or from an historical perspective — Hindutva is a melding of Hindu fascism and Hindu fundamentalism."
  10. ↑ Parel, Anthony. (2000). Gandhi, Freedom, and Self-rule. Lexington Books. পৃ. 133. ISBN 978-0-7391-0137-7
  11. ↑ Varadarajan, Siddharth. (2002). Gujarat, the Making of a Tragedy. Penguin Books. পৃ. 20. ISBN 978-0-14-302901-4
  12. ↑ (8 April 2017). Hindutuva vs Hinduism

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিন্দুত্ব” প্ৰবন্ধৰ সংশোধন ৬১৭৫৩৯ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।