ত্ৰিত্ব মঠ (Trinity Monastery, Chernihiv) উত্তৰ-পূব ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰত অৱস্থিত এটা প্ৰাক্তন অৰ্থডক্স অৰ্থডক্স খ্ৰীষ্টান মঠ।১
বিৱৰণ
বলডীনি হ’ৰীত২৩৪ থকা মূল ইলিয়া ভৱিষ্যদ্বক্তাৰ মঠটো ১১শ শতিকাত ছেইণ্ট পেচেৰস্কৰ এন্থনীয়ে প্ৰতিষ্ঠা কৰা বুলি ধাৰণা কৰা হয়। ১২৩৯ চনৰ ৰুছৰ মংগোল আক্ৰমণৰ পিছত মঠটো পৰিত্যক্ত হয়। ১৪শ শতিকাত ই জৰাজীৰ্ণ হৈ পৰে। ইয়াৰ কিছু অংশ ধ্বংস কৰা হয় আৰু কিছুমান সুৰংগ তথা গীৰ্জাৰ সৈতে থকা মন্দিৰ মাটিৰে পুতি পেলোৱা হয়। সেই সময়ৰপৰা এখন সৰু গীৰ্জা বৰ্তমানলৈকে সংৰক্ষিত হৈ আছে।
নতুন ত্ৰিত্ব মঠটো ইয়াৰ ওচৰতে ১৬৪৯ চনত বিচপ লাজাৰ বাৰানোভিচে প্ৰতিষ্ঠা কৰে। একে বছৰতে চেৰ্নিহিভৰ কৰ্ণেল ষ্টেপান পোবোদাইলে দিয়া ধনেৰে ইয়াক পুনৰ নিৰ্মাণ কৰা হয়। ১৭শ শতিকাত এই স্থান চেৰ্নিহিভৰ আৰ্চবিশপসকলৰ মুখ্য কাৰ্যালয় আছিল। ওচৰৰ নোভহোৰোদ-ছিভেৰস্কি চহৰত বাৰানোভিচে সেই সময়ত বিৰল হিচাপে গণ্য হোৱা এটা মুদ্ৰণালয় প্ৰতিষ্ঠা কৰিছিল। পিছত তেওঁ মুদ্ৰণালয়টো ত্ৰিত্ব মঠলৈ স্থানান্তৰ কৰে। মঠৰ ওচৰৰ মুদ্ৰণালয়টো খোদাই শিল্পৰ প্ৰকাশৰ বাবে বিখ্যাত আছিল। মঠটোৰ পুথিভঁৰালত ১১,০০০ৰো অধিক কিতাপ থকাৰ বাবে ই বিশেষভাৱে পৰিচিত আছিল।
মঠটোৰ কেথেড্ৰেল বা মুখ্য গীৰ্জা ১৬৭৯ চনৰপৰা ১৬৯৫ চনৰ ভিতৰত ভিলনোৰ নিৰ্মাণশিল্পী য়োহান বাপ্টিষ্ট ছাউয়াৰৰ নক্সা অনুসৰি নিৰ্মাণ কৰা হৈছিল। গীৰ্জাটোৰ সাতটা নাচপতিৰ আকৃতিৰ গম্বুজ আছে। ইয়াক ইউক্ৰেইনীয় বেৰোক স্থাপত্যৰ অন্যতম শ্ৰেষ্ঠ নিদৰ্শন বুলি গণ্য কৰা হয়। এই স্থাপত্যশৈলী হেটমেন ইভান মাজেপাৰ পৃষ্ঠপোষকতাত বিকশিত হৈছিল।
১৭৮৬ চনত মঠটো বন্ধ কৰাৰ পাছত ত্ৰিত্ব কেথেড্ৰেলত ব্যাপক পৰিৱৰ্তন কৰা হয়। এই পৰিৱৰ্তনৰ ফলত চাৰিটা গম্বুজ আৰু বেৰক শৈলীৰ অধিকাংশ অলংকাৰ হেৰাই যায়। ১৯৪২ চনত ইয়াত নাৰী মঠ স্থাপন কৰা হয়। ১৯৬২ চনলৈকে মঠটো নাৰীসকলৰ ধৰ্মীয় প্ৰতিজ্ঞাৰ স্থান হিচাপে চলি থাকে। বৰ্তমানৰ ৰূপটো ১৯৮০-ৰ দশকৰ পুনৰ্নিৰ্মাণৰ ফল। ১৯৯১ চনৰপৰা ইয়াত এটা স্থানীয় বিচপৰ আসন আছে।
১৬৭৯ চনত নোভহোৰোদ-ছিভেৰস্কিৰ মুদ্ৰণালয়টো মঠলৈ স্থানান্তৰ কৰা হয়। আৰ্চবিশপ লাজাৰ বাৰানোভিচৰ উদ্যোগত, চেৰ্নিহিভৰ কৰ্ণেল ভাছিল ডুনিন-বৰ্কোভস্কিৰ ধনেৰে আৰু হেটমেন ইভান মাজেপাৰ সহায়ত ১৬৭৯ চনৰপৰা ১৬৮৯ চনৰ ভিতৰত পৱিত্ৰ ত্ৰিত্বৰ মহান কেথেড্ৰেল নিৰ্মাণ কৰা হয়। ১৬৯৫ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হয়। ইয়াৰ পিছৰেপৰা মঠটোক ত্ৰিত্ব-ইলিনস্কি মঠ বুলি কোৱা হয়।
১৭৮৬ চনত মঠটো বন্ধ কৰি বিচপৰ বাসভৱনলৈ ৰূপান্তৰ কৰা হয়। ছোভিয়েট শাসনৰ সময়ত মঠটো গীৰ্জাৰ কেন্দ্ৰ হিচাপে বিলুপ্ত কৰা হয়।
নিৰ্মাণসমূহৰ ভিতৰত তলত দিয়া ভৱনসমূহ বৰ্তমানলৈ সংৰক্ষিত হৈ আছে আৰু নিজ নিজ উদ্দেশ্যত ব্যৱহৃত হয়—
- ইলিয়া গীৰ্জা (১২শ শতিকাৰ দ্বিতীয়াৰ্ধ); ৫৬
- পৱিত্ৰ ত্ৰিত্ব কেথেড্ৰেল (স্থপতি ইভান বাপ্টিষ্টাৰ নিৰ্মাণ); ৭৮৯১০
- ভেদেনস্কি ভোজনালয় গীৰ্জা (১৬৭৭–১৬৭৯); ১১১২১৩
- ঘণ্টা স্তম্ভ (১৭৭৫)।
মঠৰ চৌহদত পৱিত্ৰ ত্ৰিত্ব কেথেড্ৰেলৰ ওচৰত লিওনিদ ইভানোভিচ গ্লিবভৰ সমাধি আছে। ইয়াৰপৰা অলপ দূৰত বলডীনি হ’ৰীত মিখাইলো কট্সিউবিনস্কিৰ সমাধি আছে।
যাতায়াত
- ট্ৰলিবাছ নং ৮।
- বাছ বা মাৰ্শ্ৰুট টেক্সি নং ২৭।
বাহ্যিক সংযোগ
- Vlasenko, Petro. Troitsko-Ilinskiy Monastyr, 11th-18th centuries. Monuments of architecture of the Ukrainian SSR. পৃ. 274
- Klymenko, Serhiy. Troitsko-Illinskyi monastyr. Photo tour: Chernihiv; 2002, 2004, and 2006
তথ্যসূত্ৰ
- ↑ Trinity-Elias Monastery. www.ukraine-kiev-tour.com
- ↑ БОЛДИНІ ГОРИ – Чернігів стародавній. oldchernihiv.com
- ↑ (4 August 2016). Ukraine's caves are hidden treasures - Aug. 04, 2016
- ↑ Болдині гори
- ↑ Trinity-Elias Monastery. itinery.com.ua
- ↑ uk:Іллінська церква Чернігова – унікальна пам'ятка домонгольської доби давньої Русі. risu.ua
- ↑ ТРОЇЦЬКИЙ СОБОР. oldchernihiv.com
- ↑ Свято-Троїцький кафедральний собор (м. Чернігів). chernihiv-sob.church.ua
- ↑ Свято-Троїцький собор (к. ХVІІ ст.). chernihivregion.travel
- ↑ Троїцький собор м.Чернігів Джерело: nauua.org. nauua.org
- ↑ Чернігів. Троїцький монастир. castles.com.ua
- ↑ Введенська церква. samsobi.com.ua
- ↑ Введенська церква. ukrainaincognita.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিত্ব মঠ, চেৰ্নিহিভ” প্ৰবন্ধৰ সংশোধন ৬৩৩৫১৭ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।