অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ল’কি

ল’কি বা লোকি (ইংৰাজী: Loki) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ অন্তৰ্গত এজন দেৱতা। ল’কি ফাৰ্বাউটি (Fárbauti) আৰু লাওফেই (Laufey)ৰ পুত্ৰ আৰু হেলব্লিণ্ডি (Helblindi) আৰু বাইলেইষ্ট্ৰ (Býleistr)ৰ ভাতৃ।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ৪৭১ শব্দ · ৩ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ল’কি বা লোকি (ইংৰাজী: Loki) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ অন্তৰ্গত এজন দেৱতা। ল’কি ফাৰ্বাউটি (Fárbauti) আৰু লাওফেই (Laufey)ৰ পুত্ৰ আৰু হেলব্লিণ্ডি (Helblindi) আৰু বাইলেইষ্ট্ৰ (Býleistr)ৰ ভাতৃ। ল’কিয়ে চিগিন (Sigyn)ক বিবাহ কৰাইছিল আৰু তেওঁলোকৰ দুজন পুত্ৰ হৈছে নাৰ্ফি (Narfi) বা নাৰি (Nari) আৰু ৱালি (Váli)। জটুন এংগ্ৰব্দা (jötunn Angrboða)ৰ ফালৰ পৰা ল’কি হেল (Hel), ফেনৰিৰ (Fenrir‌) আৰু জৰমুনগান্দ্ৰ (Jörmungandr)ৰ পিতৃ। ঘোঁৰাৰ ৰূপ ধাৰণ কৰি ল’কিয়ে আঠ ভৰিযুক্ত স্লেইপনিৰ (Sleipnir)ক গৰ্ভৱতী কৰি স্বডিলফেৰি (Svaðilfari)ক জন্ম দিয়ে।

দেৱতাৰ সৈতে ল’কিৰ সম্পৰ্ক ভিন্ন উৎসত ভিন্ন ধৰণেৰে পোৱা যায়; তেওঁ কেতিয়াবা দেৱতাক সহায় কৰে আৰু কেতিয়াবা তেওঁলোকৰ প্ৰতি অসৎ আচৰণ কৰে। ল’কিয়ে নিজৰ ৰূপ সলনি কৰিব পাৰে আৰু ছালমন (এবিধ মাছ), ঘোঁৰা, মাখি আৰু কেতিয়াবা এগৰাকী বৃদ্ধা মহিলা সম্ভৱতঃ প’ক (Þökk)ৰ ৰূপত দেখা দিয়ে। বাল্ড্ৰ দেৱতাৰ মৃত্যুৰ সময়ত ল’কিয়ে লোৱা ভূমিকাৰ লগে লগে দেৱতাৰ সৈতে ল’কিৰ ইতিবাচক সম্পৰ্কৰ অন্ত পৰে আৰু শেষত অডিনৰ বিশেষভাৱে জন্মগ্ৰহণ কৰা পুত্ৰ ৱালি (অডিনৰ পুত্ৰ)য়ে ল’কিক তেওঁৰ এজন পুত্ৰৰ নাড়ীৰ সৈতে বান্ধি ৰাখে; এদ্দা গদ্য (Prose Edda)ৰ মতে এই পুত্ৰ নাৰি বা নাৰ্ফিক ল’কিৰ আন এজন পুত্ৰ ৱালি (ল’কিৰ পুত্ৰ)য়ে হত্যা কৰে বুলিও কোৱা হয়। গদ্য এড্ডা আৰু কাব্যিক এড্ডা (Poetic Edda)ত উল্লেখ কৰা মতে ল’কিক বান্ধি ৰখাৰ সময়ত দেৱী স্কাডিয়ে তেওঁৰ ওপৰত এটা সাপ এৰি দিয়াৰ দায়িত্ব লয়। সাপটোৰ পৰা টোপাল টোপালকৈ ওলোৱা বিষবোৰ ল’কিৰ পত্নীয়ে এটা বাটিত সংগ্ৰহ কৰে; কিন্তু বাটিটো ভৰ্তি হ’লে খালী কৰিবলৈ যোৱাৰ সময়তে ল’কিৰ দেহত বিষবোৰ পৰি ল’কিৰ দেহ বিষালী কৰি তুলিছিল আৰু যাৰ ফলত ভূমিকম্প হৈছিল। ৰাগনৰক (Ragnarök)ৰ আৰম্ভণিৰ লগে লগে ল’কিয়ে নিজৰ বান্ধোনৰ পৰা মুক্ত হৈ জটনাৰ (jötnar)ৰ শক্তিৰ লগত দেৱতাৰ বিৰুদ্ধে যুদ্ধ কৰিব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে, সেই সময়ত তেওঁ হেইমডাল্লৰ (Heimdallr)ৰ সন্মুখীন হ’ব আৰু দুয়োজনে ইজনে সিজনক হত্যা কৰিব বুলিও কোৱা হয়।

পূৰ্বৰ পৰম্পৰাগত উৎস যেনে ত্ৰয়োদশ শতিকাত সংকলিত কাব্যিক এড্ডা, ত্ৰয়োদশ শতিকাত স্নোৰী ষ্টাৰলুচনে (Snorri Sturluson) লিখা গদ্য এড্ডা আৰু হেইমস্ক্ৰিংলা (Heimskringla), নৰৱেৰ ৰুণ কবিতা, স্কাল্ডৰ কবিতা (poetry of skalds) আৰু স্কাণ্ডিনেভিয়ান (Scandinavian) লোককথাত ল’কিৰ উল্লেখ আছে। ল’কিক হয়তো স্নেপটান ষ্টোন (Snaptun Stone), কিৰ্কবে ষ্টিফেন ষ্টোন (Kirkby Stephen Stone) আৰু গছফৰ্থ ক্ৰছ (Gosforth Cross)ত চিত্ৰিত কৰা হৈছে। নৰ্ছ পৌৰাণিক কাহিনীত ল’কিৰ উৎপত্তি আৰু ভূমিকা সম্পৰ্কে পণ্ডিতসকলে ভিন্ন মত পোষণ কৰে, কিছুমানে তেওঁক এজন ছলনাময়ী দেৱতা বুলি অভিহিত কৰিছে। আধুনিক জনপ্ৰিয় সংস্কৃতিৰ বিভিন্ন মাধ্যমতো ল’কিক চিত্ৰিত বা উল্লেখ কৰা হৈছে।

আধুনিক জনপ্ৰিয় সংস্কৃতি

১৯ শতিকাৰ জনপ্ৰিয় সংস্কৃতিত ল’কিক বিভিন্ন ধৰণেৰে চিত্ৰিত কৰা হৈছিল। ষ্টেফান আৰ্ভিডচেনৰ মতে, "ঊনবিংশ শতিকাৰ সময়ছোৱাত ল’কি সম্পৰ্কে ভিন্ন ধাৰণাই গঢ় লৈছিল। কেতিয়াবা তেওঁক ক’লা চুলিৰ নৰ্ডিক এচিৰৰ পঞ্চম বাহিনীৰ এজন হিচাপে উপস্থাপন কৰা হৈছিল, কিন্তু কেতিয়াবা তেওঁক সংস্কৃতিৰ বাহক নৰ্ডিক প্ৰমিথিউছ হিচাপে বৰ্ণনা কৰা হৈছিল"।১

ৰিচাৰ্ড ৱেগনাৰৰ ৰিং অৱ দ্য নিবেলুঙ (Ring of the Nibelung)ত ল’কিক উপস্থাপন কৰা হৈছিল।২

মাৰ্ভেল কমিক্স আৰু টম হিডলষ্টনে অভিনয় কৰা মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছত এজন খলনায়ক হিচাপে ল’কিক উপস্থাপন কৰা হৈছে, যিয়ে ধাৰাবাহিকভাৱে ছুপাৰহিৰো থৰৰ সৈতে সংঘাতত লিপ্ত হয়।৩

ল’কি হৈছে নীল গেইমেনৰ উপন্যাস আমেৰিকান গডছ (American Gods)ৰ এটা কেন্দ্ৰীয় চৰিত্ৰ৪ আৰু গেইমেনৰ কমিক দ্য ছেণ্ডমেন (The Sandman)ৰ কেইটামান খণ্ডৰো গুৰুত্বপূৰ্ণ চৰিত্ৰ।৫

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Arvidsson 2006, পৃ. 154
  2. ↑ (2013). The Nibelungen Tradition: An Encyclopedia. Routledge. ISBN 978-0815317852
  3. ↑ Arnold, Martin. (2011). Thor: Myth to Marvel. A&C Black. ISBN 978-1441135421
  4. ↑ Hill, Mark. (2005). Neil Gaiman's American Gods: An Outsider's Critique of American Culture. University of New Orleans
  5. ↑ Cetiner-Oktem, Zuleyha. (2008). The Sandman as a Neomedieval Text. ImageTexT: Interdisciplinary Comics Studies

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিনৰ্ছ শ্ৰুতিকথাপৌৰাণিক কথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ল’কি” প্ৰবন্ধৰ সংশোধন ৪৯৪৬৪২ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।