ৰক্তবীজ ( रक्तबीज, ) হিন্দু ধৰ্মৰ এটা অসুৰ। পুৰাণ অনুসৰি তেওঁ শুম্ভ আৰু নিশুম্ভৰ সৈতে দুৰ্গাৰ দুয়োটা ৰূপ কালি আৰু চণ্ডী দেৱীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ৰক্তবীজে শিৱৰ পৰা এটা বৰ লাভ কৰিছিল যিটোৰ মতে তেওঁৰ শৰীৰৰ পৰা এটোপাল তেজ যুদ্ধক্ষেত্ৰত পৰিলেই সেই তেজৰ পৰা আৰু বহুতো ৰক্তবীজৰ সৃষ্টিহৈ শত্ৰুৰ লগত যুঁজিব। আন এক তথ্যত কোৱা হৈছে যে তেওঁ এজন ব্ৰহ্মচাৰী আছিল। তেওঁ এইক্ষেত্ৰত ইমানেই সত্য আছিলযে তেওঁৰ তেজত বীৰ্য্য বৈ গৈছিল, এই তেজ ইমানেই শক্তিশালী আছিল যে এই তেজৰ পৰা নতুন ৰক্তবীজৰ জন্ম হৈছিল। এই ৰক্তবীজৰ প্ৰতিজনেই শক্তি, ৰূপ আৰু অস্ত্ৰৰ ক্ষেত্ৰতো আনবোৰৰ দৰেই হ’ব। ১

কিংবদন্তী
মূল
পুৰাণ অনুসৰি, দানু নামৰ এজন অসুৰ ৰজা আছিল। তেওঁৰ দুই পুত্ৰ ৰম্ভ আৰু কৰম্ভই সন্তান জন্ম দিয়াৰ আশীৰ্বাদৰ বাবে পঞ্চনাডত তপ কৰিছিল। ৰম্ভ আৰু কৰম্ভই ক্ৰমে পঞ্চাগ্নিৰ মাজত বহি আৰু হ্ৰদৰ পানীৰ মাজত থিয় হৈ মালৱত যক্ষৰ ওচৰত ধ্যান কৰিছিল। ইন্দ্ৰ এই বিষয়ে গম পাই, তেওঁলোকক হত্যা কৰাৰ সিদ্ধান্ত লয়, প্ৰথমে ঘঁৰিয়ালৰ ছদ্মবেশে কৰম্ভক ভৰিত কামুৰি টানি লৈ ডুবিয়াই হত্যা কৰে। তাৰ পিছত ইন্দ্ৰই ৰম্ভক হত্যা কৰিবলৈ তেওঁৰ ওচৰলৈ গৈছিল কিন্তু অগ্নিদেৱে তেওঁক ৰক্ষা কৰিছিল। ভাতৃৰ মৃত্যুত ক্ষুব্ধ হৈ ৰম্ভই তেওঁৰ মূৰ কাটি বলিদান হিচাপে আগবঢ়োৱাৰ সিদ্ধান্ত লয়। যেতিয়া তেওঁ এনে কৰিবলৈ ওলাইছিল, সেইসময়ত অগ্নি উপস্থিত হৈছিল আৰু তেওঁক কৈছিল যে আত্মহত্যা আন লোকক হত্যা কৰাতকৈও বেয়া, ইয়াক এক ডাঙৰ পাপ বুলি নিন্দা কৰি, আৰু তেওঁ যি ইচ্ছা তেওঁক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই অনুসৰি, ৰম্ভই অগ্নিক এটি অধিক প্ৰবল পুত্ৰ সন্তানৰবাবে অনুৰোধ কৰিছিল, যিজনে ত্ৰিজগত জয় কৰিব পাৰিব। আনকি দেৱতা আৰু অসুৰসকলৰ দ্বাৰাও পৰাজিত নহ'ব। ইয়াৰোপৰি ৰম্ভই লগতে বিচাৰিছিল যে তেওঁৰ পুত্ৰজন বায়ুৰ দৰে শক্তিশালী হওক, ব্যতিক্ৰমীভাৱে ধুনীয়া আৰু ধনুৰ্বিদ্যাত দক্ষ হওক। অগ্নিয়ে ৰম্ভক আশীৰ্বাদ দিছিল যে তেওঁৰ ইচ্ছা অনুসৰি তেওঁ কামনা কৰা মহিলা গৰাকীৰ পৰা এনে এটা পুত্ৰ সন্তান হ'ব। ঘৰলৈ উভতি অহাৰ পথত তেওঁ মহিষী নামৰ এজনী ধুনীয়া ম'হ দেখিছিল আৰু এই ম'হজনীক তেওঁ বিয়া কৰাইছিল। আন ম'হৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ গৰ্ভধাৰণ কৰা ম'হজনীক তেওঁ পাতাললৈ লৈ গৈছিল। এদিন আন এটা ম'হে ৰম্ভৰ পত্নীৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল আৰু যুঁজখনত ৰম্ভক ম'হটোৱে শিঙৰে বিদ্ধ কৰি হত্যা কৰিছিল। পিছত ৰম্ভৰ সৈন্যই সেই ম'হটোক হত্যা কৰে। ৰম্ভৰ পত্নীয়ে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইত জাপ দি মৃত্যুবৰণ কৰিছিল। অগ্নিৰ কেন্দ্ৰৰ পৰাই অতি শক্তিশালী মহিষাসুৰৰ জন্ম হৈছিল। ৰম্ভও মহিষাসুৰৰ সৈতে ৰক্তবীজ নামেৰে জুইৰ পৰা ওলাই আহিছিল। ৰক্তবীজে শিৱৰ পৰা এটা বৰ লাভ কৰিছিল। সেই অনুসৰি যদি তেওঁৰ শৰীৰৰ পৰা এটোপাল তেজ যুদ্ধক্ষেত্ৰত পৰিলেই সেই তেজৰ পৰা আৰু বহুতো ৰক্তবীজৰ সৃষ্টিহৈ শত্ৰুৰ লগত যুঁজিব॥২
যুদ্ধ
দেৱী মাহাত্ম্যৰ অষ্টম অধ্যায়ত স্বৰ্গৰ পৰা দেৱসকলক বঞ্চিত কৰা অসুৰ শুম্ব আৰু নিশুম্ভৰ বিৰুদ্ধে হোৱা যুদ্ধৰ অংশ হিচাপে ৰক্তবীজৰ সৈতে দুৰ্গাৰ যুদ্ধৰ বৰ্ণনা কৰা হৈছে। ধুম্ৰলোচন, চণ্ড আৰু মুণ্ডাৰ মৃত্যুৰ পিছত, শুম্ভই ৰক্তবীজক যুদ্ধ কৰিবলৈ পঠিয়াইছিল। ৰক্তবীজ আহত হৈছিল, কিন্তু তেওঁৰ তেজৰ টোপালবোৰ মাটিত পৰি আন অসংখ্য ৰক্তবীজৰ সৃষ্টি হৈছিল, সেয়েহে দুৰ্গা আৰু মাতৃকাসকলে তেওঁলোকক পৰাস্ত কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিব লগাত পৰিছিল। অৱশেষত দুৰ্গাই কালীক নিম্নলিখিত নিৰ্দেশনাৰে আহ্বান কৰিছিলঃ ৩
হে চামুণ্ডা! তোমাৰ মুখখন সোনকালে মেলি দিবা, আৰু মই ৰক্তবীজক অস্ত্ৰৰে আঘাত কৰাৰ লগে লগে তুমি ৰক্তবীজৰ শৰীৰৰ পৰা যেতিয়াই তেজ নিৰ্গত হ'ব তেতিয়াই সেই তেজ তুমি পান কৰি পেলাবা। নিমিষতে মই চোকা কাঁড়, ত্ৰিশূল, তৰোৱাল আৰু মুশলৰ দ্বাৰা তেজৰ পৰা উদ্ভৱ হোৱা সেই দনাৱবোৰক বধ কৰিম; আৰু তেতিয়া তুমি নিজৰ ইচ্ছামতে সেইবোৰৰ সকলোকে গ্ৰাস কৰিব পাৰিবা, তাৰ পিছত এই যুদ্ধক্ষেত্ৰত নিজৰ ইচ্ছামতে ঘূৰি ফুৰিব পাৰিবা। হে বৃহৎ নেত্ৰৰ অধিকাৰিণী! তুমি গোটেই তেজৰ টোপালবোৰ এনেদৰে পান কৰি পেলাবা যাতে ইয়াৰ এটোপালো ওলাই নাযায় আৰু মাটিত পৰিব নোৱাৰে।
— পঞ্চম খণ্ড, ২৯ সৰ্গ
অৱশেষত, ৰক্তবীজৰ পৰা ওলোৱা তেজৰ প্ৰতিটো টোপাল কালীয়ে পান কৰিছিল, আৰু ৰক্তবীজক দুৰ্গাই তেওঁৰ তৰোৱালেৰে শিৰশ্ছেদ কৰিছিল।
লগতে চাওক
- মহিষাসুৰ
- সুম্ভ আৰু নিসুম্ভ
- ৰম্ভ (আসুৰ)
- চণ্ড আৰু মুণ্ড
বাহ্যিক সংযোগসমূহ
- On the description of the war of Raktabija
- On the killing of Raktabija
- Dictionary of Hindu Lore and Legend by Anna Dhallapiccola
- Devi Mahatmya, Chapter 9000.
তথ্যসূত্ৰ
- ↑ www.wisdomlib.org. (2019-01-28). Story of Raktabīja. www.wisdomlib.org
- ↑ www.wisdomlib.org. (2019-01-28). Story of Mahiṣa. www.wisdomlib.org
- ↑ www.wisdomlib.org. (2013-05-15). On the killing of Raktabīja (Chapter 29). www.wisdomlib.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰক্তবীজ” প্ৰবন্ধৰ সংশোধন ৪৩৯১১১ (১৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।