চ’ নাম-জু (কোৰিয়ান: 조남주, জন্ম ১৯৭৮) এগৰাকী দক্ষিণ কোৰিয়ান লেখিকা আৰু গ্ৰন্থকাৰ। তেওঁ ২০১৬ চনত লিখা উপন্যাস কিম জি-ইয়ং, বৰ্ন ১৯৮২ (Kim Ji-young, Born 1982)-ৰ বাবে বিশেষভাৱে পৰিচিত। এই কিতাপখনৰ এক মিলিয়নৰো অধিক কপি বিক্ৰী হৈছে আৰু দক্ষিণ কোৰিয়াত নাৰীবাদী আন্দোলন গতিশীল কৰাত ই প্ৰভুত অৱদান আগবঢ়াইছে।১
ব্যক্তিগত জীৱন
নাম-জুৰ জন্ম হৈছিল ১৯৭৮ চনত দক্ষিণ কোৰিয়াত।১ তেওঁ বুচন (Bucheon)-ত ডাঙৰ হৈছিল আৰু পাঁচ বছৰ বয়সত নিজৰ পৰিয়ালৰ সৈতে চিয়ললৈ (Seoul) স্থানান্তৰ হৈছিল।১২ নাম-জুৰ মাতৃ গৰ্ভৱতী অৱস্থাত থাকোঁতে, তেওঁৰ পিতৃয়ে তেওঁৰ খুৰাকক (যাৰ পাঁচ গৰাকী কন্যা আছিল) প্ৰতিশ্ৰুতি দিছিল যে সন্তানটি ল'ৰা হ'লে খুৰাকৰ ওচৰত পালনৰ বাবে দিব।৩অৱশেষত, তেওঁ নিজৰ জন্মদাতা মাতৃ-পিতৃৰ ওচৰতে ডাঙৰ হয়।২
শিশু অৱস্থাত, নাম-জুৱে পঢ়িবলৈ বহুত ভাল পাইছিল, কিন্তু কিতাপ কিনিবলৈ তেওঁৰ হাতত ধন নাছিল, আৰু চিয়লৰ দৰিদ্ৰ প্ৰান্তীয় অঞ্চলত থকা স্থানীয় গণ-পুথিভঁৰালসমূহ সক্ৰিয় অৱস্থাত নাছিল।২ তেওঁ পুথিভঁৰালত থকা সকলো কিতাপ ধাৰলৈ আনি বাৰে বাৰে পঢ়িছিল|২
নাম-জুৱে মাধ্যমিক, উচ্চ মাধ্যমিক আৰু মহাবিদ্যালয়ত মাত্ৰ ছোৱালীৰ বাবে নিৰ্দিষ্ট বিদ্যালয়ত অধ্যয়ন কৰিছিল।৪ তেওঁ ইৱা মহিলা বিশ্ববিদ্যালয়(Ewha Womans University) ৰ পৰা সমাজবিদ্যাৰ ডিগ্ৰী লাভ কৰে।৫ ৩বৰ্তমান নাম-জু নিজৰ পৰিয়ালৰ সৈতে চিয়লত বসবাস কৰে।৩
কৰ্মজীৱন
নাম-জুৱে টেলিভিছনত চিত্ৰনাট্যকাৰ ৰূপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।৬ তেওঁ প্ৰায় এটা দশক ধৰি এটা সম্প্ৰচাৰ সংস্থাত সাম্প্ৰতিক ঘটনা সম্পৰ্কীয় টিভি অনুষ্ঠানৰ বাবে লেখা প্ৰস্তুত কৰিছিল।২৫৪ তেওঁ নিজৰ সন্তানক লালন-পালন কৰিবলৈ কামৰ পৰা বিৰতি লৈছিল, তাৰ পিছত পুনৰ লেখক হিচাপে কামলৈ উভতি আহিছিল। তেওঁৰ জনপ্ৰিয় উপন্যাস কিম জি-ইয়ং, বৰ্ন ১৯৮২ (Kim Ji-Young, Born 1982 ) প্ৰকাশৰ আগেয়ে তেওঁ দুখন উপন্যাস প্ৰকাশ কৰিছিল।২ ২০২৩ চনৰ ভিতৰত তেওঁ মুঠ ১০খন কিতাপ প্ৰকাশ কৰিছে অথবা চুক্তিবদ্ধ হৈছে।
কিম জি-ইয়ং বৰ্ন ১৯৮২ (Kim Ji-Young, Born 1982)
নাম-জুৱে তেওঁৰ তৃতীয় উপন্যাস কিম জি-ইয়ং, বৰ্ন ১৯৮২ (Kim Ji-Young, Born 1982 )২০১৬ চনত প্ৰকাশ কৰে।৬ মূলত কোৰিয়ান ভাষাত লিখা এই কিতাপখন ১৮ টাতকৈ অধিক ভাষালৈ অনুবাদ কৰা হৈছে আৰু ইতিমধ্যে ইয়াৰ ১০ লাখতকৈ অধিক কপি বিক্ৰী হৈছ৭৩
এই কিতাপখন ২০১৬ চনত দক্ষিণ কোৰিয়াৰ মি টু (MeToo) আন্দোলনৰ সৈতে একে সময়ত প্ৰকাশিত হৈছিল আৰু ই এক নাৰীবাদী চৰ্চাৰ সূচনা কৰি দেশজুৰি চলি অহা লিংগ বৈষম্য সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা চলাইছিল।৫ এই উপন্যাসখন কেৱল এটা কাহিনী নহয়, ই সাংস্কৃতিক প্ৰতিবেদন (reportage) আৰু এক সামাজিক বিশ্লেষণ হিচাপেও ইয়াক গণ্য কৰা হয়।৫
এই সংক্ষিপ্ত উপন্যাসখনে এগৰাকী সাধাৰণ কোৰিয়ান মহিলাৰ জীৱনচৰিত—শৈশৱৰ পৰা কৰ্মজীৱন আৰু মাতৃত্বলৈকে—উন্মোচিত কৰিছে। কিম জি-ইয়ং নামটো কোৰিয়ান সমাজত ৰাম, হৰি,যদু, মধুৰ সমতুল্য, অৰ্থাৎ এক সাধাৰণ নাম।৩২ কিতাপখনৰ মুখ্য চৰিত্ৰ এগৰাকী ৩৩ বছৰীয়া গৃহিণী। তেওঁ কোৰিয়ান সমাজত থকা লিঙ্গ বৈষম্য আৰু মাতৃত্ব সম্পৰ্কীয় আশা-আকাংক্ষাৰ ফলত মানসিক চাপত পৰি যায়।৭ কিতাপখনত পাদটীকা (footnotes) সহ সত্য পৰিসংখ্যা (statistics) অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে দক্ষিণ কোৰিয়াৰ লিঙ্গ বৈষম্য উদঙাই দিয়ে।৫
নাম-জুৱে ২০১৫ চনত কেৱল তিনি মাহৰ ভিতৰত উপন্যাসখন লিখি সম্পূৰ্ণ কৰিছিল।৫৮ কিতাপখনত তেওঁৰ নিজস্ব জীৱন আৰু অভিজ্ঞতাৰ প্ৰতিফলন আছে—দশকজুৰি কাম কৰাৰ পিছত তেওঁ নিজৰ সন্তান প্ৰতিপালনৰ বাবে চাকৰি এৰি দিছিল, কিন্তু পুনৰ কৰ্মজীৱনলৈ উভতি অহাটো দুষ্কৰ হৈ পৰিছিল।৫ এই সময়তে তেওঁ নিজৰ সমাজ বিজ্ঞান (sociology) ডিগ্ৰিৰ জ্ঞান ব্যৱহাৰ কৰি সমাজত উপলভ্য তথ্যপাতি সংগ্ৰহ কৰি কিতাপখন লিখিবলৈ আৰম্ভ কৰে।৫
এই কিতাপখনৰ ওপৰত ভিত্তি কৰি ২০১৯ চনত কোৰিয়াত এক চলচ্চিত্ৰ সংস্কৰণ মুক্তি পায়, য’ত জাং ইউ-মি(Jung Yu-mi ) এ মুখ্য চৰিত্ৰ কিম জি-ইয়ং (Kim Ji-Young)ৰৈ ৰূপত অভিনয় কৰে। ছবিখনে উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।২৯
তথ্যসূত্ৰ
- ↑ Statesman, New. (2022-11-23). Cho Nam-joo Q&A: "I want to live without colliding with humans". New Statesman
- ↑ (2020-01-17). Cho Nam-joo: the novelist inspiring east Asia’s #MeToo movement. Financial Times
- ↑ Williams, Holly. (2020-02-15). South Korean author Cho Nam-joo: ‘My book is braver than I am’. The Guardian
- ↑ (2017-09-05). Bringing to light the subtle sexism in modern Korea: Cho Nam-joo’s book reflects the discrimination many women face daily. Korea JoongAng Daily
- ↑ Alter, Alexandra. (2020-04-08). The Heroine of This Korean Best Seller Is Extremely Ordinary. That’s the Point.. The New York Times
- ↑ Scribner snaps two novels and a short story collection from Cho Nam-Joo. The Bookseller
- ↑ Hong, Euny. (2020-04-14). In This Korean Best Seller, a Young Mother Is Driven to Psychosis. The New York Times
- ↑ Hu, Elise. (April 19, 2020). South Korean Bestseller 'Kim Jiyoung, Born 1982' Gives Public Voice To Private Pain. NPR
- ↑ Eun-byel, Im. (2018-11-28). (Newsmaker) Feminist book ‘Kim Ji-young, Born 1982’ becomes million seller. The Korea Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চ’ নাম-জু” প্ৰবন্ধৰ সংশোধন ৪৮৬৩৯৫ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।