জয়ন্তী পাটনায়ক (Jayanti Patnaik, ৭ এপ্ৰিল ১৯৩২ – ২৮ ছেপ্টেম্বৰ ২০২২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী আছিল।১ তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল। ১৯৯২ চনৰ ৩ ফেব্ৰুৱাৰীৰ পৰা ১৯৯৫ চনৰ ৩০ জানুৱাৰীলৈকে তেওঁৰ কাৰ্যকাল আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি৷ ২৩৪
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯৩২ চনত উৰিষ্যাৰ গঞ্জাম জিলাৰ আস্কাত জয়ন্তী পাটনায়কে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ নিৰঞ্জন পাটনায়ক। আস্কাৰ হৰিহৰ হাইস্কুলত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল। কটকৰ উটকাল বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শৈলাবালা মহিলা মহাবিদ্যালয়ৰ পৰা জয়ন্তী পাটনায়কে সমাজ কৰ্মত স্নাতকোত্তৰ (এম.এ.) অধ্যয়ন কৰিছে। তেওঁ মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল চাইন্সেছত উচ্চতৰ অধ্যয়ন সম্পন্ন কৰে।১
১৯৫৩ চনত ৰাজনীতিবিদ জানকী বল্লভ পাটনায়কৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়, যি পিছলৈ ওড়িশাৰ মুখ্যমন্ত্ৰী হয়৷ দম্পতীটোৰ এজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান জন্ম হয়।
তথ্যসূত্ৰ
- ↑ Biographical Sketch: Member of Parliament, 12th Lok Sabha Parliament of India
- ↑ Jayanti Patnaik. School of Media and Cultural Studies, Tata Institute of Social Sciences, Mumbai
- ↑ Brief History. ৰাষ্ট্ৰীয় মহিলা আয়োগ
- ↑ List of chairpersons of NCW. ৰাষ্ট্ৰীয় মহিলা আয়োগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্তী পাটনায়ক” প্ৰবন্ধৰ সংশোধন ৪৭৮৩৮৫ (১৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।