অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছাইৰা নাছীম

ছাইৰা নাছীম (ইংৰাজী: Saira Naseem) বা ছাহিৰা নাছীম (ইংৰাজী: Sahira Naseem) এগৰাকী পাকিস্তানী গায়িকা৷ তেওঁ নব্বৈৰ দশকৰ পাকিস্তানী চলচ্চিত্ৰ উদ্যোগ বা ললীউডৰ নেপথ্য গায়িকা আছিল। তেওঁ চাৰি বাৰ শ্ৰেষ্ঠ নেপথ্য গায়কৰ নিগাৰ বঁটা লাভ কৰিছিল।

হালনাগাদ: ২১ জুলাই ২০২৫ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ছাইৰা নাছীম (ইংৰাজী: Saira Naseem) বা ছাহিৰা নাছীম (ইংৰাজী: Sahira Naseem) এগৰাকী পাকিস্তানী গায়িকা৷ তেওঁ নব্বৈৰ দশকৰ পাকিস্তানী চলচ্চিত্ৰ উদ্যোগ বা ললীউডৰ নেপথ্য গায়িকা আছিল। তেওঁ চাৰি বাৰ শ্ৰেষ্ঠ নেপথ্য গায়কৰ নিগাৰ বঁটা লাভ কৰিছিল।১

কৰ্মজীৱন

১৯৮৭ চনত মুক্তি পোৱা হাম ছে হেঁ জামানা নামৰ ছবিখনৰ জৰিয়তে নাছীমে গায়িকা জীৱন আৰম্ভ কৰিছিল। এ নায়াৰ, মুনীৰ হুছেইন, মাছুদ ৰানাৰ সৈতে ছবিখনৰ বাবে এটা সমবেত সংগীতত তেওঁ কণ্ঠদান কৰিছিল। তাৰ পিছত নেপথ্য কণ্ঠশিল্পী হিচাপে তেওঁৰ কেৰিয়াৰ আগবাঢ়ি যায় আৰু তেওঁ ৮১খন উৰ্দু আৰু পঞ্জাবী ছবিত ৫৫টা গীত গাইছিল। চলচ্চিত্ৰ গীতৰ উপৰিও তেওঁ কবিতা, গজল, নাট আদিও পৰিবেশন কৰে।২৩

বঁটা আৰু স্বীকৃতি

বৰ্ষবঁটাশ্ৰেণীফলাফলপ্ৰদানকাৰীতথ্যসূত্ৰ
১৯৯৫নিগাৰ বঁটাশ্ৰেষ্ঠ নেপথ্য গায়িকাজংগল কা কানুন (ছবি)১
১৯৯৬নিগাৰ বঁটাশ্ৰেষ্ঠ নেপথ্য গায়িকা (ছাজিয়া মজনুৰ সৈতে)চৌৰ মছায়ে ছৌৰ (ছবি)১
১৯৯৮নিগাৰ বঁটাশ্ৰেষ্ঠ নেপথ্য গায়িকাচোৰিয়া (ছবি)১
২০০০নিগাৰ বঁটাশ্ৰেষ্ঠ নেপথ্য গায়িকামেহেন্দি ৱালী হাথ (ছবি)১
২০২২ছুপাৰষ্টাৰ এৱাৰ্ডগায়কৰেডিঅ’ পাকিস্তান৪

তথ্যসূত্ৰ

  1. ↑ Pakistan's "Oscars"; The Nigar Awards. Desi Movies Reviews
  2. ↑ Lodhi, Adnan. (June 11, 2017). The fading out of Lollywood’s iconic playback singers. The Express Tribune
  3. ↑ (24 June 2021). سائرہ نسیم نے اداکاری کے میدان میں قدم رکھ دیا. Daily 92 News
  4. ↑ Radio Pakistan organizes colorful Diamond Jubilee Awards 2022. radio.gov.pk

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাইৰা নাছীম” প্ৰবন্ধৰ সংশোধন ৫২৫৭৪৯ (২১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।