ছাৰা আলেকজেণ্ড্ৰি ( Sara Alexandri) ৰাছিয়াত জন্মগ্ৰহণ কৰা এগৰাকী শিল্পী আছিল, যিয়ে তৈল চিত্ৰকলাৰ বাবে পৰিচিত আৰু তেওঁ ইটালীত প্ৰশিক্ষণ লোৱাৰ পিছত নিজৰ কেৰিয়াৰৰ বেছিভাগ সময় ইংলেণ্ডত কটায়। তেওঁৰ জন্ম হৈছিল, ২২ অক্টোবৰ ১৯১৩ চন আৰু মৃত্যু হৈছিল ২৮ এপ্ৰিল ১৯৯৩ চনত।
জীৱনী
আলেকজেণ্ড্ৰিৰ জন্ম হৈছিল তেতিয়াৰ ৰাছিয়ান সাম্ৰাজ্যৰ এটা অংশ খেৰচনত আৰু তেওঁ পেলেষ্টাইনত শিক্ষা গ্ৰহণ কৰিছিল।১ ১৯৩৬ চনৰ পৰা ১৯৪০ চনৰ ভিতৰত প্ৰথমে ৰয়েল ইনষ্টিটিউট ডি আৰ্টেত আৰু তাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৬ আৰু ১৯৪৭ চনৰ ভিতৰত ৰয়েল একাডেমী অৱ ফাইন আৰ্টছত শিল্প অধ্যয়ন কৰে।২ ছাৰাই ইংলেণ্ডত বাস কৰি প্ৰথমে বাথত, তাৰ পিছত ছেইণ্ট লিঅ'নাৰ্ডছ-অন-ছিত বাস কৰিবলৈ লয়। আলেকজেণ্ড্ৰিয়ে ব্ৰিটেইন আৰু বিদেশৰ বহুতো স্থানত তৈল চিত্ৰ আৰু প্ৰাকৃতিক দৃশ্য, ফুল আৰু আকৃতিৰ বিষয়ৰ জলৰঙী চিত্ৰ প্ৰদৰ্শন কৰে।২১ ইয়াৰ ভিতৰত উল্লেখযোগ্য স্থান লণ্ডনৰ ৰয়েল একাডেমী, ৰয়েল ছ'চাইটি অৱ ব্ৰিটিছ আৰ্টিষ্ট, উইমেনছ ইণ্টাৰনেশ্যনেল আৰ্ট ক্লাব আৰু ব্ৰিষ্টলৰ ৰয়েল ৱেষ্ট অৱ ইংলেণ্ড একাডেমী আৰু পেৰিছ চেলুন আদি আছিল।১২৩
আলেকজেণ্ড্ৰিয়ে মাইকেল পাৰ্কিন্সক বিয়া কৰায় আৰু তেওঁলোকে ছেইণ্ট লিঅ'নাৰ্ডছ-অন-ছিত বাস কৰে।৪ ১৯৯৩ চনৰ ২৮ এপ্ৰিলত ৭৯ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৫৬
তথ্যসূত্ৰ
- ↑ David Buckman. (2006). Artists in Britain Since 1945 Vol 1, A to L. Art Dictionaries Ltd. ISBN 0-953260-95-X
- ↑ Grant M. Waters. (1975). Dictionary of British Artists Working 1900–1950. Eastbourne Fine Art
- ↑ (2018). Index, Aj-Al. The RA Summer Exhibitions: A Chronicle, 1769-2018
- ↑ (2008). Who's Who in Art: Volume 33. Art Trade Press. পৃ. 1. ISBN 9780904722420
- ↑ Sara Perkins b. 1913 / DOR Q2/1993 in HASTINGS AND ROTHER. GRO Index
- ↑ Sara Perkins. England & Wales, National Probate Calendar (Index of Wills and Administrations), 1858–1995
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৰা আলেকজেণ্ড্ৰি” প্ৰবন্ধৰ সংশোধন ৬৩০৮৪৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।