অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছালমা নিয়াজী

ছালমা নিয়াজী (Salma Niazi, জন্ম-২০০১) এগৰাকী আফগান সাংবাদিক আৰু দ্য আফগান টাইমছৰ প্ৰতিষ্ঠাপক। তালিবানৰ পৰা পলায়ন কৰি তেওঁ নিৰ্বাসনৰ সময়ত সাংবাদিকতাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

হালনাগাদ: ১ মাৰ্চ ২০২৫ ১৪০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ছালমা নিয়াজী (Salma Niazi, জন্ম-২০০১) এগৰাকী আফগান সাংবাদিক আৰু দ্য আফগান টাইমছৰ প্ৰতিষ্ঠাপক। তালিবানৰ পৰা পলায়ন কৰি তেওঁ নিৰ্বাসনৰ সময়ত সাংবাদিকতাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।১২

আফগানিস্তানৰ লঘমান প্ৰদেশৰ এখন গাঁৱত ছালমা নিয়াজীয়ে জন্মগ্ৰহণ কৰিছিল৷ ১৬ বছৰ বয়সলৈকে তেওঁ নিজৰ প্ৰদেশৰ একমাত্ৰ মহিলা সাংবাদিক আছিল, আৰু সংবাদ মাধ্যমত মহিলাৰ প্ৰতিনিধিত্বৰ পোষকতা কৰিছিল।১৩

কৰ্মজীৱন

নিয়াজীয়ে কিশোৰ অৱস্থাতে সাংবাদিকতা জীৱন আৰম্ভ কৰিছিল। স্থানীয় ৰেডিঅ’ত কাম কৰিছিল, আফগান মহিলাৰ অধিকাৰৰ কণ্ঠস্বৰ হৈ পৰিছিল। তেওঁৰ কামৰ ভিতৰত লিংগ বৈষম্য, শিক্ষা, সমাজত মহিলাৰ ভূমিকা আদি বিষয়ৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰা আছিল।৪

আফগান টাইমছ

২০২১ চনত তালিবানে আফগানিস্তানত পুনৰ নিয়ন্ত্ৰণ লাভ কৰাৰ পিছত মহিলা সাংবাদিকৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পোৱা বাধা আৰু ভাবুকিৰ পৰা হাত সাৰিবলৈ নিয়াজীয়ে পাকিস্তানলৈ পলায়ন কৰে। মহিলাৰ অধিকাৰৰ পোষকতা অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ হৈ তেওঁ ২০২১ চনৰ আগষ্ট মাহত দ্য আফগান টাইমছ প্ৰতিষ্ঠা কৰে।৫ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত এই অনলাইন প্লেটফৰ্মে পাষ্টো আৰু ইংৰাজী দুয়োটা ভাষাতে বাতৰি প্ৰদান কৰে।৬৭৮

তথ্যসূত্ৰ

  1. ↑ Female Afghan journalists continue their fight from abroad. Nikkei Asia
  2. ↑ Afghan female journalists in exile and founders of 'The Afghan Times' talk career and challenges. www.aipsmedia.com
  3. ↑ TG24, Sky. (2024-06-20). Come continua la lotta delle donne afghane: la storia di Salma. tg24.sky.it
  4. ↑ (2023-03-08). Being a woman under Taliban rule is like being 'sentenced to death in slow motion'. ABC News
  5. ↑ Saeedullah Safi: Three years ago Afghanistan fell to the Taliban and we had to flee the country we loved. The Irish Times
  6. ↑ Asia/Pacific, I. U. F. (2023-05-29). The current situation of women workers in Afghanistan – a report by The Afghan Times for IUF Asia/Pacific. IUF Asia-Pacific
  7. ↑ (2024-09-12). The Taliban will go to any lengths to silence Afghan women — but we will have our voices heard. ABC Religion & Ethics
  8. ↑ (2025-01-07). Zeta - The Afghan Times, the media that gives women a voice against the Taliban. Zeta

সম্পৰ্কিত শ্ৰেণী

আফগান মহিলা সমাজকৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছালমা নিয়াজী” প্ৰবন্ধৰ সংশোধন ৪৮৪৩৮২ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।