অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছিলভিয়া ৰত্নাস্বামী

ছিলভিয়া ৰত্নাস্বামী, জন্ম আনুমানিক ১৯৭৬ চন, এগৰাকী বেলজিয়াম–ভাৰতীয় কম্পিউটাৰ বিজ্ঞানী। ডিষ্ট্ৰিবিউটেড হেচ টেবুল (ডি এইচ টি)ৰ অন্যতম উদ্ভাৱক হিচাপে তেওঁ বেছিকৈ পৰিচিত।

হালনাগাদ: ৩০ আগষ্ট ২০২৬ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ছিলভিয়া ৰত্নাস্বামী, জন্ম আনুমানিক ১৯৭৬ চন, এগৰাকী বেলজিয়াম–ভাৰতীয় কম্পিউটাৰ বিজ্ঞানী। ডিষ্ট্ৰিবিউটেড হেচ টেবুল (ডি এইচ টি)ৰ অন্যতম উদ্ভাৱক হিচাপে তেওঁ বেছিকৈ পৰিচিত। তেওঁৰ ডক্টৰেট ডিচাৰ্টেচনে মূল ডিএইচটিসমূহৰ ভিতৰত অন্যতম কন্টেন্ট-এড্ৰেছেবল নেটৱৰ্কৰ প্ৰস্তাৱ দিছিল আৰু এই কামৰ বাবে তেওঁ ২০১৪ চনত এচিএম গ্ৰেচ মাৰে হপাৰ বঁটা লাভ কৰে।১ বৰ্তমান বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা।

জীৱন আৰু কেৰিয়াৰ

১৯৯৭ চনত পুনে বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক শাখাত স্নাতক ডিগ্ৰী লাভ কৰে ৰত্নস্বামীয়ে।২ তাৰ পিছত স্কট শ্বেংকাৰৰ৩ পৰামৰ্শৰ ভিত্তিত তেওঁ ইউ চি বাৰ্কলেত ডক্টৰেট ডিগ্ৰীৰ কাম আৰম্ভ কৰে আৰু এই সময়ছোৱাত তেওঁ বাৰ্কলে, কে.এ.ৰ আন্তঃৰাষ্ট্ৰীয় কম্পিউটাৰ বিজ্ঞান প্ৰতিষ্ঠানত৩ কাম কৰে। ২০০২ চনত ইউ চি বাৰ্কলেৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।৩

ডক্টৰেট ডিগ্ৰীৰ থিছিছৰ বাবে তেওঁ ডিজাইন আৰু প্ৰণয়ন কৰিছিল যিটো শেষত চাৰিটা মূল বিতৰিত হেচ টেবুলৰ ভিতৰত আছিল এটা, সেইটো কন্টেন্ট ঠিকনাযোগ্য নেটৱৰ্ক (CAN) হিচাপে পৰিচিত হৈছিল।৪৫

২০১১ চনলৈকে ৰত্নাস্বামী ইণ্টেল লেবছৰ মুখ্য গৱেষক আছিল, তাৰ পিছত তেওঁ ইউ চি বাৰ্কলেত সহকাৰী অধ্যাপিকা হিচাপে কাম আৰম্ভ কৰিছিল।৬ শেহতীয়া বছৰবোৰত ৰত্নাস্বামীয়ে ৰুটব্ৰিক্স চফ্টৱেৰ ৰাউটাৰকে ধৰি প্ৰগ্ৰেমেবল নেটৱৰ্কৰ ওপৰত গৱেষণা কেন্দ্ৰীভূত কৰিছে আৰু নেটৱৰ্ক ফাংচন ভাৰ্চুৱেলাইজেচন (NFV)ৰ অগ্ৰণী কাম কৰিছে।৭ ২০১৬ চনত তেওঁ এনএফভি প্ৰযুক্তিৰ বাণিজ্যিকীকৰণৰ বাবে নেফেলি নেটৱৰ্কছৰ সহ-প্ৰতিষ্ঠাপক হয়।৮

তেওঁৰ পিতৃ বিখ্যাত ৰসায়নবিদ পল ৰত্নাস্বামী।

তথ্যসূত্ৰ

  1. ↑ (2014). ACM Grace Murray Hopper Award. ACM
  2. ↑ New Faculty - EECS at UC Berkeley. eecs.berkeley.edu
  3. ↑ Sylvia Ratnasamy. A Scalable Content Addressable Network. eecs.berkeley.edu
  4. ↑ Ratnasamy. (2001). A Scalable Content-Addressable Network. In Proceedings of ACM SIGCOMM 2001
  5. ↑ Hwang, Kai; Fox, Geoffrey C.; Dongarra, Jack. (October 31, 2011). Section 8.6: Bibliographic Notes and Homework Problems. Distributed and Cloud Computing: From Parallel Processing to the Internet of Things, 1st Edition. Morgan Kaufmann
  6. ↑ People. span.cs.berkeley.edu
  7. ↑ Scales, Ian. (2019-04-05). NFV needs to lose a few pounds of complexity: introducing 'Lean NFV'. Telecom TV
  8. ↑ Wagner, Mitch. (2019-05-30). Startup Cuts Network Clutter With 'Lean NFV'. Light Reading

সম্পৰ্কিত শ্ৰেণী

মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিলভিয়া ৰত্নাস্বামী” প্ৰবন্ধৰ সংশোধন ৬৩৩৫০৭ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।