ছাউথʼ ইণ্ডিয়া বেংক (চমুকৈ এছ.আই.বি) হৈছে ভাৰতৰ এখন ব্যক্তিগত খণ্ডৰ বেংক। ইয়াৰ মুখ্য কাৰ্যালয় কেৰালা ৰাজ্যৰ ত্ৰিশূৰত অৱস্থিত।১ এইখন বেংকৰ মুঠ ৯৩৩টা শাখা, ১৮টা ৰাজ্যিক কাৰ্যালয়, আৰু ১,২০০ তকৈ অধিক এ.টি.ম মেচিন আছে।২৩
ইতিহাস
১৯২৯ চনত কোম্পানী আইন অনুসৰি ছাউথʼ ইণ্ডিয়া বেংক পঞ্জীয়ন কৰা হয়। ১৯২৯ চনৰ ২৯ জানুৱাৰীত ত্ৰিশূৰত ইয়াৰ ব্যৱসায় আৰম্ভ হয়।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বিতীয় সূচীত অন্তৰ্ভুক্ত হৈ ১৯৪৬ চনৰ ৭ আগষ্টত অনুসূচিত বেংকত পৰিণত হয়। ১৯৫৭ চনৰ ১৭ জুনত আৰ বি আইৰ পৰা বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ৰ ২২ নং ধাৰাত অনুজ্ঞাপত্ৰ লাভ কৰা কেৰালাৰ ব্যক্তিগত খণ্ডৰ প্ৰথমটো বেংকত পৰিগণিত হয়।৪
পৰিচালনা সমিতি
- চেলিম গংগাধৰণ, অধ্যক্ষ
- মুৰালী ৰামকৃষ্ণন - পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া
- প্ৰদীপ এম গডবোলে - পৰিচালক
- এম জৰ্জ কোৰা - পৰিচালক
- ডাঃজন জোচেফ - পৰিচালক
- ফ্ৰান্সিছ আলাপাট - পৰিচালক
- আচল কুমাৰ গুপ্তা - পৰিচালক
- ভি জে কুৰিয়ান - পৰিচালক
- ৰঞ্জনা ছালগাওকাৰ - পৰিচালক
- ৰাম চন্দ্ৰ সাহা - পৰিচালক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাউথʼ ইণ্ডিয়া বেংক” প্ৰবন্ধৰ সংশোধন ৫২৮৩১৩ (২৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।