অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছেইলা আব্দুল্লা

ছেইলা আব্দুল্লা ( Shaila Abdullah) জন্ম: ১৯৭১ চন, এগৰাকী পাকিস্তানী-আমেৰিকান গ্ৰন্থকাৰ, লেখক আৰু ডিজাইনাৰ।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৬ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ছেইলা আব্দুল্লা ( Shaila Abdullah) জন্ম: ১৯৭১ চন, এগৰাকী পাকিস্তানী-আমেৰিকান গ্ৰন্থকাৰ, লেখক আৰু ডিজাইনাৰ।১

জীৱনী

ছেইলা আব্দুল্লাই বিভিন্ন বঁটা লাভ কৰিছে, তাৰ ভিতৰত ইংৰাজী ভাষাৰ বাবে পাত্ৰছ বুখাৰী বঁটা, গোল্ডেন কুইল বঁটা, ৰিডাৰ ভিউজ বঁটা, লিখিত কলা বঁটা আৰু হবছন ফাউণ্ডেশ্যনৰ অনুদান। বিয়ণ্ড দ্য কেয়েন ৱাল নামৰ অসাধাৰণ কল্পকাহিনীৰ বাবে তেওঁ বিশেষ জুৰী বঁটা লাভ কৰে, যিটো নৰুম্বেগা কল্পকাহিনী বঁটাৰ সৰ্বোচ্চ বঁটা আছিল।২৩

তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত আছে চেফ্ৰন ড্ৰিমছ, বিয়ণ্ড দ্য কেয়েন ৱাল আৰু তিনিখন শিশুৰ কিতাপ: ৰাণী ইন চাৰ্চ অৱ এ ৰেইনবো, মাই ফ্ৰেণ্ড চুহানা আৰু এ মেনুৱেল ফৰ মাৰ্কো।৪ বিশেষভাৱে সক্ষম শিশুৰ বাবেও তেওঁ কিতাপ লিখিছে।৪

২০১৪ চনৰ আৰম্ভণিতে ৱাশ্বিংটন আৰু লী বিশ্ববিদ্যালয়ৰ এটা গৱেষক দলে এটা অধ্যয়ন চলাইছিল য’ত তেওঁলোকে দেখিছিল যে, ছেইলা ৰচিত চেফ্ৰন ড্ৰিমছ নামৰ গ্ৰন্থখনৰ ৩,০০০ শব্দৰ উদ্ধৃতি পঢ়িলে এজন ব্যক্তি কম বৰ্ণবাদী হ’ব পাৰে।৫৬৭ উপন্যাসখনক মুক্ত শিক্ষা তথ্যকোষে ৫০খন প্ৰব্ৰজন সাহিত্যৰ ভিতৰত এখন হিচাপে উল্লেখ কৰিছিল।৮

তথ্যসূত্ৰ

  1. ↑ Meet 20 Super Women Who Are Earning Respect For Pakistan. Daily Pakistan Global
  2. ↑ Oh, Seiwoong. (2009). Encyclopedia of Asian-American Literature. পৃ. 4–5. ISBN 9781438120881
  3. ↑ Meet 20 Super Women Who Are Earning Respect For Pakistan. Daily Pakistan Global
  4. ↑ (April 9, 2015). Interview Shaila Abdullah Author of Children's Book About an Autistic Sibling, A Manual for Marco. Special Needs Book Review
  5. ↑ Study: Reading Literary Fiction Can Make You Less Racist. Pacific Standard
  6. ↑ Reading really does broaden the mind · IOL News
  7. ↑ (July 20, 2016). Reading Fiction May Boost Empathy
  8. ↑ (January 5, 2011). 50 Greatest Works of Immigration Literature. OEDB.org

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকনাৰীবাদ আৰু লোকগাথা ২০২৫পাকিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেইলা আব্দুল্লা” প্ৰবন্ধৰ সংশোধন ৫৭৮৭৬১ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।