অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছৈয়দ হাদী মহাক্কেক

ছৈয়দ হাদী মহাক্কেক (ফাৰ্চী: سید هادی محقق; জন্ম ১৯৭৯) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।

হালনাগাদ: ৩০ মে’ ২০২৬ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ছৈয়দ হাদী মহাক্কেক (ফাৰ্চী ভাষা: سید هادی محقق; জন্ম ১৯৭৯) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।১

কেৰিয়াৰ

১৯৭৯ চনত ইৰানৰ দেহদাশটত জন্মগ্ৰহণ কৰা মহাক্কেকে অটোম’বাইল মেকানিক্স অধ্যয়ন কৰিছিল। তেওঁ ১৯৯০ চনত এজন থিয়েটাৰ অভিনেতা আৰু পৰিচালক হিচাপে নিজৰ কলাত্মক জীৱন আৰম্ভ কৰে আৰু ২০০০ চনত দূৰদৰ্শনৰ বাবে এজন অভিনেতা, ডিজাইনাৰ আৰু সহকাৰী পৰিচালক হিচাপে কাম কৰে। ২০১০ চনত তেওঁ দূৰদৰ্শনৰ বাবে চলচ্চিত্ৰ নিৰ্মাণ আৰম্ভ কৰে। ২০১৩ চনত তেওঁ নিজৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ বাৰ্ডো নিৰ্মাণ কৰে, যিখন চলচ্চিত্ৰই ২০১৩ চনৰ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ ইচফাহান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।১২ তেওঁৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ইমমৰ্টেল (২০১৫) এগৰাকী বৃদ্ধা মহিলাৰ কাহিনীৰ ওপৰত আধাৰিত আছিল, কিন্তু যিহেতু ইৰানত মহিলাৰ শৰীৰ প্ৰদৰ্শন কৰাৰ অনুমতি নাই, সেয়েহে ইয়াক এজন বৃদ্ধ মানুহৰ কাহিনীলৈ ৰূপান্তৰ কৰা হৈছিল। এই চলচ্চিত্ৰখনে বিভিন্ন চলচ্চিত্ৰ উৎসৱত বহুতো বঁটা বুটলিছিল।৩

চলচ্চিত্ৰপঞ্জী

বছৰচলচ্চিত্ৰকৃতিত্বদৈৰ্ঘ্যটোকা
পৰিচালকলেখক
২০১০ব্ৰাদাৰ্ছ অৱ মাই লেণ্ড৪৯০ মিনিটটেলিভিছন ড্ৰামা
২০১২এ লুক ইণ্টু দা স্কাই৪২ মিনিটতথ্যচিত্ৰ
ইট মে’ অলচো হেপেন টু ইউ৪৫ মিনিটচুটি কল্পকাহিনীমূলক ছবি
২০১৩বাৰ্ডো৫৮৫ মিনিটপূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ
২০১৫ইমমৰ্টেল৯৪... মিনিটপূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ
২০১৮হিয়েৰ৮২ মিনিটপূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ
২০২২চেণ্ট অৱ ৱিণ্ড৯০ মিনিটপূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ

বঁটা আৰু সন্মান

  • ২০১৩: শিশু আৰু কিশোৰ-কিশোৰীসকলৰ ইচফাহান চলচ্চিত্ৰ উৎসৱ: শ্ৰেষ্ঠ পৰিচালক (বাৰ্ডো)২

তথ্যসূত্ৰ

  1. ↑ Kamol, Ershad. (29 December 2015). Hadi wants to create new trend in Iranian cinema. New Age
  2. ↑ Seyed Hadi Mohaghegh. GAIFF
  3. ↑ (12 October 2015). "Bardou" (Bardou). payvand.com
  4. ↑ (29 December 2015). "Bardou" (Bardou). Noori Pictures
  5. ↑ (29 December 2015). Bardou (2013). Zlín Film Festival

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিচলচ্চিত্ৰ পৰিচালকচিত্ৰনাট্য লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছৈয়দ হাদী মহাক্কেক” প্ৰবন্ধৰ সংশোধন ৬০৯৯২৭ (৩০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।