অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চেনালী ফোনচেকা

ৱান্নিয়াৰাচ্চিগে চেনালী কোশিলা ফোনচেকা (ইংৰাজী: Wanniarachchige Senali Koshila Fonseka; সিংহল: වන්නිආරච්චිගේ සෙනාලි කෝෂිලා ෆොන්සේකා;; জন্ম ১৮ ছেপ্টেম্বৰ, ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী যিয়ে শ্ৰীলংকাৰ চলচ্চিত্ৰ, মঞ্চ আৰু টেলিভিছনত অভিনয় কৰে।

হালনাগাদ: ১১ মে’ ২০২৬ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৱান্নিয়াৰাচ্চিগে চেনালী কোশিলা ফোনচেকা (ইংৰাজী ভাষা: Wanniarachchige Senali Koshila Fonseka; সিংহল ভাষা: වන්නිආරච්චිගේ සෙනාලි කෝෂිලා ෆොන්සේකා;; জন্ম ১৮ ছেপ্টেম্বৰ, ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী যিয়ে শ্ৰীলংকাৰ চলচ্চিত্ৰ, মঞ্চ আৰু টেলিভিছনত অভিনয় কৰে।১ তেওঁ পোনপ্ৰথমে চিৰি পাৰাকুম চলচ্চিত্ৰত চিৰিমল ইথানাৰ চৰিত্ৰত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত শ্ৰীলংকান টেলিভিছন ধাৰাবাহিক নাদাগামকাৰায়ো-ত পাতলী ওৰফে সুদু চুচীৰ চৰিত্ৰত কৰা অভিনয়ে তেওঁক অধিক জনপ্ৰিয় কৰি তোলে।২৩

ব্যক্তিগত জীৱন

চেনালী কোশিলা ফোনচেকাৰ জন্ম ১৯৯২ চনৰ ১৮ ছেপ্টেম্বৰত শ্ৰীলংকাৰ কলম্বোত হৈছিল।৪ তেওঁৰ পিতৃ উপালী ফোনচেকা শ্ৰীলংকাৰ বিখ্যাত অভিনেত্ৰী মালিনী ফোনচেকাৰ ভাতৃ আছিল, যাক সিংহলী চিনেমাৰ ৰাণী বুলি জনা যায়।৫

তেওঁ কলম্বোৰ বিশাখা বিদ্যালয়ত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁলোকৰ পৰিয়ালটো ইংলেণ্ডলৈ গুচি যায় আৰু তেওঁ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰপৰা বায়’মেডিকেল ছায়েন্সত উচ্চ শিক্ষা লাভ কৰে।৬ ২০২০ চনত ইংলেণ্ডত ক’ভিড-১৯ ৰ ফলত ফোনচেকাৰ পিতৃৰ মৃত্যু হয়।৭

টেলিভিছন ধাৰাবাহিক

বছৰটেলিড্ৰামাচৰিত্ৰতথ্যসূত্ৰ
২০১৪নাগিন (কালু চেৱানেল্লা)৮
২০১৭হাৰা কোটিয়াদিলী৯
২০১৮দুৱিলি আহাচা১০
২০২১নাদাগামকাৰায়োপাতলী১১

চলচ্চিত্ৰপঞ্জী

বছৰচলচ্চিত্ৰচৰিত্ৰতথ্যসূত্ৰ
২০১৩চিৰি পাৰাকুমচিৰিমল ইথানা১২
২০১৯বিজয়বা কোল্লায়ানীলামণি১৩
২০২১কাবাডীমালিথি
অঘোষিতএকা গেই চোকৰীদালুমালি১৪

তথ্যসূত্ৰ

  1. ↑ (19 August 2020). පළමුවරට මාලිනී-සෙනාලි එක්ව රඟන "මනුසත් විමන". සරසවිය
  2. ↑ 'Vijayaba Kollaya' on screen. The Sunday Times Sri Lanka
  3. ↑ Senali Fonseka - - Sinhala Cinema Database. films.lk
  4. ↑ නත්තල් සුබපැතුම් · සෙනාලි ෆොන්සේකා. www.lankadeepa.lk
  5. ↑ (18 October 2017). යොවුන් රංගන ශිල්පිනී සෙනාලි ෆොන්සේකා උපාධිය ගත් අවස්ථාව මෙන්න.. FAST NEWS
  6. ↑ JAYAWARDANA, Ruwini. Awaiting 'something special'!. Daily News
  7. ↑ කොවිඩ් මට මගේ තාත්තව නැති කළා. – සෙනාලි කිව්ව කතාව - ගගන. Radio Gagana
  8. ↑ (20 March 2019). විජයබා කොල්ලය කියන්නේ මහාර්ඝ මාණික්‍යයක්. සරසවිය
  9. ↑ Haara Kotiya, Its No Waste Of Time!. The Sunday Leader
  10. ↑ (19 June 2019). විජයබා කොල්ලය අගෝස්තු 1 දා. සරසවිය
  11. ↑ (1 January 2020). 2020 තිරයට එන අපේ චිත්‍රපට. සරසවිය
  12. ↑ (31 July 2019). අද රිදී තිරයට එන විජයබා කොල්ලය. සරසවිය
  13. ↑ (12 April 2021). ක්‍රීඩාව ඉක්මවා ගිය ආදරයක්. සරසවිය
  14. ↑ Jackson Anthony ready to unspool 'Eka Gei Sokari'. Daily Mirror

সম্পৰ্কিত শ্ৰেণী

শ্ৰীলংকাৰ চলচ্চিত্ৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেনালী ফোনচেকা” প্ৰবন্ধৰ সংশোধন ৬০৫৭৪৬ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।