চোত্তানীক্কাৰ ভগৱতী মন্দিৰ (Chottanikkara Bhagavathy Temple) কেৰালাৰ এৰ্ণাকুলাম জিলাৰ চোত্তানিক্কাৰা গাঁৱত অৱস্থিত ভগৱতী দেৱীৰ নামত উৎসৰ্গিত এটা হিন্দু মন্দিৰ।১২ কোচিন দেৱস্বম ব’ৰ্ডে মন্দিৰটো পৰিচালনা কৰে। ব’ৰ্ডৰ অধীনত থকা ৪০৯টা মন্দিৰৰ ভিতৰত এইটো অন্যতম গুৰুত্বপূৰ্ণ তীৰ্থস্থান।৩
মন্দিৰটোৰ প্ৰধান দেৱী হৈছে দিব্য মাতৃ, যাক ৰাজৰাজেশ্বৰী (আদিপৰাশক্তি) ৰূপে পূজা কৰা হয়। দিনটোৰ বিভিন্ন সময়ত তেওঁক তিনিটা ভিন্ন ৰূপত উপাসনা কৰা হয়। ৰাতিপুৱা ভাগত সৰস্বতী ৰূপত, দুপৰীয়া বেলা লক্ষ্মী ৰূপত আৰু সন্ধিয়া বেলা দুৰ্গা ৰূপত।১৪ দেৱীৰ মূৰ্তিৰ সৈতে একেটা বেদীতে মহাবিষ্ণুৰ মূৰ্তিও স্থাপিত হৈ আছে। সেইবাবে দুয়োকে একেলগে লক্ষ্মী-নাৰায়ণ, আম্মেনাৰায়ণ, দেৱীনাৰায়ণ আৰু ভদ্ৰনাৰায়ণ আদি নামেৰে অভিহিত কৰা হয়।১৫ একেটা বেদীতে ব্ৰহ্মা, শিৱ, গণপতি, সুব্ৰহ্মণ্য আৰু শাস্তাৰ মূৰ্তিও আছে। স্থাপত্যগতভাৱে মন্দিৰৰ মূল দেৱী স্বয়ম্ভূ অৰ্থাৎ ‘নিজে প্ৰকাশিত’ বুলি বিশ্বাস কৰা এটা লেতেৰাইট শিলাৰ গঠনৰূপে বিদ্যমান। এই পৱিত্ৰ শিলাখনক ৰুদ্ৰাক্ষ শিলা বুলি কোৱা হয়। ১৫
কিংবদন্তি
মন্দিৰটো যি অঞ্চলত অৱস্থিত, সেই অঞ্চলটো এসময়ত ঘন অৰণ্যৰে পৰিপূৰ্ণ আছিল। ৫ সেই অৰণ্যত কান্নাপ্পন নামৰ এজন জনজাতীয় লোক বাস কৰিছিল। তেওঁ দেৱী মহাকালীৰ একনিষ্ঠ ভক্ত আছিল আৰু প্ৰতি শুকুৰবাৰে দেৱীৰ পূজাৰ দিন হিচাপে গণ্য কৰা দিনটোত—আনুষ্ঠানিকভাৱে এটা ম’হ বলি দিছিল। এদিন তেওঁ অৰণ্যৰ ওচৰত এটা পোৱালি গৰু দেখা পালে। তেওঁ পোৱালিটোক ধৰি নিজৰ শিলৰ বেদীলৈ লৈ গ’ল। পোৱালিটোক বলি দিবলৈ লোৱাৰ ঠিক আগমুহূৰ্তত তেওঁৰ জীয়ৰী পাভিজামে তেওঁক বাধা দি বলি নিদিবলৈ অনুৰোধ কৰিলে। জীয়েকক বৰ ভালপোৱা কান্নাপ্পনে তাইৰ অনুৰোধ মানি পোৱালিটো তাইক পোহনীয়া জন্তু হিচাপে ৰাখিবলৈ দিলে। দুৰ্ভাগ্যবশতঃ কেইদিনমান পাছতে পাভিজামৰ মৃত্যু হ’ল। সম্ভৱতঃ সাপৰ দংশনৰ ফলত তেওঁৰ মৃত্যু হৈছিল। কান্নাপ্পন শোকত ভাগি পৰিল আৰু জীয়েকৰ মৃতদেহ সৎকাৰ কৰাৰ সিদ্ধান্ত ল’লে। কিন্তু আচৰিতভাৱে সৎকাৰৰ পূৰ্বেই তেওঁৰ জীয়েকৰ মৃতদেহ অন্তৰ্ধান হৈ গ’ল। ওচৰৰ এজন পুৰোহিতে তেওঁক এই ঘটনাৰ কাৰণ ব্যাখ্যা কৰিলে। তেওঁৰ মতে, কান্নাপ্পনে আগতে পোৱালি গৰুবোৰক সিহঁতৰ মাতৃৰপৰা জোৰকৈ আঁতৰাই আনি বলি দিছিল। সেই পাপৰ শাস্তি হিচাপেই জীয়েকৰ মৃত্যুৰ সময়ত তেওঁ একে ধৰণৰ পৰিণতিৰ সন্মুখীন হৈছিল। কান্নাপ্পনে পোৱালিটোক বিচাৰিবলৈ গৈ দেখিলে যে য’ত পোৱালিটোক বলি দিবলৈ বেদী স্থাপন কৰা হৈছিল, সেই ঠাইত এতিয়া এটা উজ্জ্বল শিলৰ বেদী দেখা গৈছে। পুৰোহিতে তেওঁক বুজাই দিলে যে সেই পোৱালিটোৱে দেৱতা ভগৱান বিষ্ণু আৰু লক্ষ্মীৰ ঐশ্বৰিক যুগলৰ প্ৰতীক আছিল। পুৰোহিতে কান্নাপ্পনক নিজৰ পাপ মোচনৰ বাবে প্ৰতিদিনে সেই বেদীৰ সন্মুখত প্ৰাৰ্থনা কৰিবলৈ পৰামৰ্শ দিলে।৬৫
চলচ্চিত্ৰ অভিযোজন
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Chottanikkara Bhagavathy. www.chottanikkarabhagavathy.org
- ↑ Experience the Chottanikkara Bhagavathy Temple Kochi. Incredible India
- ↑ About CDB - Cochin Devaswom Board. www.cochindevaswomboard.org
- ↑ Mangattu, Manu. (July 2013). Chottanikkara Temple – God's Abode in God's Own Country. ResearchGate
- ↑ admintest. (2024-07-11). Chottanikara – ecoheritage.cpreec.org
- ↑ Removing Evil Spirits at Chottanikkara Temple In Kerala. Indus Scrolls
- ↑ Chottanikkara Amma. www.malayalachalachithram.com
- ↑ Chottanikkara Amma. .nthwall.com
- ↑ Amme Naaraayana. www.malayalachalachithram.com
- ↑ Amme Naaraayana. malayalasangeetham.info
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চোত্তানীক্কাৰ ভগৱতী মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬২৭৩০০ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।