খীৰা মৰল(১৬-১৭ শতিকা)ৰ প্ৰকৃত নাম আছিল ক্ষীৰদ সিং চৌধুৰী। বৰপেটাৰ সুন্দৰীদিয়াত তেওঁৰ জন্ম হৈছিল। তেওঁৰ দেউতাক আছিল বিজয় সিংহ। তেওঁ সুন্দৰীদিয়া অঞ্চলৰ মণ্ডল থকা হেতুকে সকলোৱে তেওঁক খীৰা মৰল বুলিয়েই জানিছিল। খীৰা মৰল শংকৰদেৱৰ ওচৰত শৰণ লৈছিল। সুন্দৰীদিয়ালৈ মহাপুৰুষ মাধৱদেৱ আহোঁতে তেৱেঁই মহাপুৰুষজনাৰ বাসস্থানৰ ব্যৱস্থা কৰি দিছিল। পিছলৈ সুন্দৰীদিয়া সত্ৰ খীৰা মৰলৰ মাটিতেই স্থাপন কৰা হৈছিল। সুন্দৰীদিয়া সত্ৰৰ ভকতসকলৰ বাবে প্ৰয়োজনীয় চাউল, খৰি আদি তেওঁ নিয়মীয়াকৈ যোগান ধৰিছিল। আতিৰাম বৰুৱা, প্ৰসন্নলাল চৌধুৰী খীৰা মৰলৰ উত্তৰ পুৰুষ১।
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খীৰা মৰল” প্ৰবন্ধৰ সংশোধন ২৩৪৫৭৯ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।