অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কোহিৰাম দাস

কোহিৰাম দাস (Kuhiram Das) এজন শিক্ষাবিদ, সমাজসেৱক, মুক্তি যুঁজাৰু, লিখক আৰু অভিধান প্ৰণেতা আছিল।

হালনাগাদ: ৪ মাৰ্চ ২০২৫ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কোহিৰাম দাস (Kuhiram Das) এজন শিক্ষাবিদ, সমাজসেৱক, মুক্তি যুঁজাৰু, লিখক আৰু অভিধান প্ৰণেতা আছিল।১

জন্ম আৰু শিক্ষা

জন্মস্থান বৰপেটা জিলাৰ সৰ্থেবাৰী। প্ৰাথমিক শিক্ষা সৰ্থেবাৰীত লাভ কৰে। ১৯০৩ খ্ৰীষ্টাব্দত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দৰ্শনত অনাৰ্চসহ বি. এ. ডিগ্ৰী লাভ কৰে।

সাহিত্যিক অৱদান

'চেতনা', 'বাঁহী', 'জয়ন্তী', 'পখিলা' আদি আলোচনীৰ পাতত সাহিত্য-চৰ্চা কৰিছে। 'ভাৰতৰ ধৰ্ম গুৰুসকল' আৰু 'হজৰত মহম্মদৰ জীৱন চৰিত' নামৰ দুখন গ্ৰন্থ ৰচনা কৰিছে। 'চন্দ্ৰকান্ত অভিধান'ৰ শব্দ সংকলন কাৰ্যত সহযোগিতা আগবঢ়াইছিল। কামৰূপী অভিধান এখনৰ সংকলনৰ কাম সমাপ্ত কৰে যদিও সেইখন অপ্ৰকাশিত হৈ ৰয়। সাহিত্য-চৰ্চা কৰাৰ লগতে দেশৰ হকেও কাম কৰি যায়। তেওঁ মুক্তি যুঁজাৰু হিচাপে প্ৰখ্যাত আছিল।২ ১৯৩৩ চনত তেওঁ মহাজনৰ শোষণৰ পৰা কঁহাৰ সকলক মুক্ত কৰি কাঁহ শিল্পৰ উন্নতিৰ উদ্দেশ্যে “অসম সমবায় কঁহাৰ সংঘ” নামৰ এটা সংগঠনৰ জন্ম দিছিল৷৩

তথ্যসূত্ৰ

  1. ↑ অতুল চন্দ্ৰ বৰুৱা. চন্দ্ৰকান্ত অভিধানৰ কোহিৰাম দাস. ভোৰতাল, স্মৃতিগ্ৰন্থ, অসম সাহিত্য সভাৰ ৬১তম সৰ্থেবাৰী অধিবেশন. পৃ. 174-178
  2. ↑ দত্তবৰুৱা, মঞ্জু, সম্পা.(২০১২), অসম লেখক কোষ, তৃতীয় খণ্ড, অসম সাহিত্য সভা, পৃ.৩৪
  3. ↑ সৰ্থেবাৰী- হস্ত-নিৰ্মিত কাঁহ শিল্পৰ বাবে বিখ্যাত নগৰ

সম্পৰ্কিত শ্ৰেণী

অসমৰ স্বাধীনতা সংগ্ৰামীঅসমৰ সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোহিৰাম দাস” প্ৰবন্ধৰ সংশোধন ৪৮৬৪৭৯ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।