অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কে এছ সৌন্দৰাম

কে এছ সৌন্দৰাম (K S Soundaram; জন্ম-২ জুন ১৯৪৬) সৰ্বভাৰতীয় আন্না দ্ৰাবিদা মুনেত্ৰ কাঝাগমৰ এগৰাকী কবি, গৱেষক আৰু ৰাজনীতিবিদ৷ তেওঁ দশম লোকসভাত তিৰুচেংগোড়ক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৫ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

কে এছ সৌন্দৰাম (K S Soundaram; জন্ম-২ জুন ১৯৪৬) সৰ্বভাৰতীয় আন্না দ্ৰাবিদা মুনেত্ৰ কাঝাগমৰ এগৰাকী কবি, গৱেষক আৰু ৰাজনীতিবিদ৷ তেওঁ দশম লোকসভাত তিৰুচেংগোড়ক প্ৰতিনিধিত্ব কৰিছিল।

প্ৰাথমিক জীৱন

১৯৪৬ চনৰ ২ জুনত ইৰোড জিলাত জন্মগ্ৰহণ কৰা কে এছ সৌন্দৰমে তিৰুচিৰাপল্লীৰ সীতালক্ষ্মী ৰামাস্বামী মহাবিদ্যালয়,পি এছ জি কলা আৰু বিজ্ঞান মহাবিদ্যালয় আৰু ভাৰতীয় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ এম.এ., এম.ফিল. আৰু পি এইচ ডি. ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাৰ বিষয়বস্তু আছিল-কলিথোগাইৰ নাটকীয় দিশ।১

কৰ্মজীৱন

সৌন্দৰাম তামিল সাহিত্যত গৱেষণামূলক কামৰ বাবে পৰিচিত।১১৯৭২ চনত সৰ্বভাৰতীয় আন্না দ্ৰাবিদা মুনেত্ৰ কাঝাগম (AIADMK)ৰ সদস্য হোৱাৰ লগতে এম.জি. ৰামচন্দ্ৰন আৰু জে জয়ললিতাক তেওঁৰ প্ৰেৰণা হিচাপে লৈছিল।২ ১৯৯১ চনত ভাৰতীয় সাধাৰণ নিৰ্বাচনত তিৰুচেংগোড সমষ্টিৰ পৰা এ আই এ ডি এম কেৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰি ৫,২১,৫৮০ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী দ্ৰাবিদা মুনেত্ৰ কাঝাগমৰ কে পি ৰামালিংগমে ২,০৭,০৯৯ টা ভোট লাভ কৰে।৩তেওঁৰ ভোটৰ সংখ্যা আছিল এগৰাকী প্ৰাৰ্থীয়ে লাভ কৰা সৰ্বাধিক ভোট আৰু সেই সাধাৰণ নিৰ্বাচনৰ বাবে তেওঁৰ ৩,১৪,৪৮১ টা ভোটৰ বিজয়ৰ ব্যৱধান দক্ষিণ ভাৰতৰ সৰ্বাধিক ভোট আছিল।১

ব্যক্তিগত জীৱন

১৯৬৯ চনৰ ৯ জুনত সৌন্দৰমে অধ্যাপক আৰ অৰুমুগামৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১

তথ্যসূত্ৰ

  1. ↑ Members Bioprofile: Soundaram, Dr. (Smt.) K.S.. লোকসভা
  2. ↑ Jain, C. K. (1993). Women parliamentarians in India. Surjeet Publications. পৃ. 335
  3. ↑ Statistical Report on General Elections, 1991 to the Tenth Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 365

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে এছ সৌন্দৰাম” প্ৰবন্ধৰ সংশোধন ৪৭৯১৪৩ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।