কুম্বকোনম কে ভানুমতী ( Kumbakonam K. Bhanumathi; ১৯২২–২০০৬) তামিলনাডুৰ কুম্বকোনমৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী। ১৯৭৩ চনত ভাৰতনাট্যমৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰে।
জীৱন আৰু কৰ্ম
১৯২২ চনত বৰ্তমানৰ তামিলনাডুৰ কুম্বকোনমত এটা পৰম্পৰাগত নৃত্যশিল্পী পৰিয়ালত কুম্বকোনম কে ভানুমতীৰ জন্মগ্ৰহণ কৰিছিল।১ তেওঁৰ জন্ম হৈছিল দেৱদাসী পৰিয়ালত। ভানুমতীয়ে পাপনাসম বাদিভেলু নট্টুৱনাৰৰ পৰা ভাৰতনাট্যমৰ প্ৰশিক্ষণ লাভ কৰে আৰু তেওঁৰ অধীনত দহ বছৰ বয়সত তেওঁৰ প্ৰথম চৰণ প্ৰদৰ্শন কৰে। পিছলৈ তেওঁ শনমুখ সুন্দৰম নট্টুৱনাৰ২ আৰু মাইলাপুৰ গৌৰী আম্মালৰ৩ অধীনতো শিক্ষাগ্ৰহণ কৰে।
২০০৬ চনত ভানুমতীৰ মৃত্যু হয়।২
সন্মান
- ১৯৭৩: সংগীত নাটক একাডেমী বঁটা (ভাৰতনাট্যম)।
তথ্যসূত্ৰ
- ↑ Kumbakonam K. Bhanumathi. www.sangeetnatak.gov.in
- ↑ Information - Snippets - 2023. narthaki.com
- ↑ K. Bhānumathi. Oxford Reference
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুম্বকোনম কে ভানুমতী” প্ৰবন্ধৰ সংশোধন ৪৮৯৫৯৮ (৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।