অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

খগেন্দ্ৰনাথ নাথ

খগেন্দ্ৰনাথ নাথ (২০ শতিকা)ৰ গোৱালপাৰা অঞ্চলৰ মানুহ। ভাৰতীয় মুক্তি আন্দোলনৰ তেওঁ অন্যতম যুঁজাৰু আছিল। তেওঁ ১৯২১ চনত বিদ্যালয় এৰি ভাৰতৰ স্বাধীনতাৰ বাবে অসহযোগ আন্দোলনত যোগ দিছিল। ইয়াৰ বাবে তেওঁ গ্ৰেপ্তাৰ হ'ব লগা হৈছিল।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২০ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

খগেন্দ্ৰনাথ নাথ (২০ শতিকা)ৰ গোৱালপাৰা অঞ্চলৰ মানুহ। ভাৰতীয় মুক্তি আন্দোলনৰ তেওঁ অন্যতম যুঁজাৰু আছিল। তেওঁ ১৯২১ চনত বিদ্যালয় এৰি ভাৰতৰ স্বাধীনতাৰ বাবে অসহযোগ আন্দোলনত যোগ দিছিল। ইয়াৰ বাবে তেওঁ গ্ৰেপ্তাৰ হ'ব লগা হৈছিল। ইয়াৰ পিছত ১৯২৬ চনৰ পাণ্ডু কংগ্ৰেছত স্বেচ্ছাসেৱক হিচাপে অংশগ্ৰহণ কৰিছিল আৰু ১৯২৮ চনত কলিকতা কংগ্ৰেছত গোৱালপাৰাক প্ৰতিনিধিত্ব কৰিছিল। ১৯৩০ চনত তেৰ মাহৰ বাবে খগেন্দ্ৰনাথ নাথক কাৰাবাসলৈ প্ৰেৰণ কৰা হৈছিল। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনতো তেওঁ এবছৰ কাৰাদণ্ড ভুগিব লগা হৈছিল। খগেন্দ্ৰনাথ নাথ ১৯৪৫ চনৰপৰা ১৯৫২ চনলৈ গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৪

সম্পৰ্কিত শ্ৰেণী

অসমৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খগেন্দ্ৰনাথ নাথ” প্ৰবন্ধৰ সংশোধন ২৫৫৫১১ (২২ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।