অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৌটিল্য পণ্ডিত

কৌটিল্য পণ্ডিত হাৰিয়ানাৰ কাৰ্ণাল জিলাৰ কোহাণ্ড গাঁৱৰ এক বিস্ময় বালক। তেওঁ বৰ্তমান হাৰিয়ানাৰ পঞ্চকুলাত পৰিয়ালসহ বাস কৰে।

হালনাগাদ: ১৫ নৱেম্বৰ ২০২৪ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

কৌটিল্য পণ্ডিত হাৰিয়ানাৰ কাৰ্ণাল জিলাৰ কোহাণ্ড গাঁৱৰ এক বিস্ময় বালক। তেওঁ বৰ্তমান হাৰিয়ানাৰ পঞ্চকুলাত পৰিয়ালসহ বাস কৰে।

জীৱন

কৌটিল্য পণ্ডিতৰ ২০০৭ চনৰ ডিচেম্বৰৰ ২৪ তাৰিখে জন্ম হয়।১২ ২য় শ্ৰেণীত পঢ়া কৌটিল্যই দেউতাকে চলোৱা এচ-ডি হৰিত মডাৰ্ণ স্কুলত পঢ়িছিল। বৰ্তমান তেওঁ পঞ্চকুলাৰ ভাৰতীয় বিদ্যা ভৱনত পঢ়ে।৩

স্মৃতি শক্তি

২০১৪ত ৬ বছৰ বয়সৰ কৌটিল্যই৪ সাময়িকী, সাধাৰণ জ্ঞান আৰু ভৌগোলিক পৰিসংখ্যাৰ ক্ষেত্ৰত ভাল স্মৃতি শক্তি প্ৰদৰ্শন কৰে।৫ তেওঁ ২১৩ দেশৰ ভূগোল, জনমূৰি আয়, মুঠ ঘৰুৱা উৎপাদন আদিৰ বিষয়ে সহজে ক'ব পাৰে।৪ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানীসকলে শিশুটিৰ গুণ উপলব্ধি কৰিছে, আৰু তেওঁলোকে বালকটিৰ স্মৰণশক্তি পৰীক্ষা কৰিবলৈ বিচাৰিছে। মনোবিজ্ঞান শাখাৰ অধ্যক্ষৰ মতে "ল'ৰাটো এক বিস্ময় বালক আৰু তেওঁৰ বুধ্যংক প্ৰায় ১৩০, যি সেই বয়সত অতিকৈ দুৰ্লভ।৩ শিশুটিৰ গুণ দৰ্শোৱা কিছু দূৰদৰ্শনৰ অনুষ্ঠানৰ বাবে তেওঁ হাৰিয়ানা আৰু চুবুৰীয়া ৰাজ্যত "বিস্ময় বালক"ৰূপে জনাজাত হ'ল।৩ তেওঁক "গুগল বয়" বুলিও জনা যায়।৬

চিনাকি

হাৰিয়ানা চৰকাৰে শিশুটিক ১০লাখ টকাৰ পুৰস্কাৰ দিছে আৰু ভৱিষ্যতে সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাসো দিছে।৫ বাৰানসীৰ কাশী বিদ্বান পৰিষদে তেওঁক "বাল মনীষী"ৰ পুৰস্কাৰ দিছে।৬ তেওঁ ২০১৩ চনৰ ১৪ নৱেম্বৰত তেওঁ "কৌন বনেগা কড়'ৰপতি"লৈ যায়, য'ত অমিতাভ বচ্চন তেওঁৰ প্ৰতিভাৰে প্ৰভাৱিত হয়।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ For Haryana’s wonderkid, no question is tough enough. Tribuneindia.com
  2. ↑ नन्हे कौटिल्य को केबीसी से बुलावा, इसकी प्रतिभा जान दंग रह जाएंगे आप. दैनिक जागरण
  3. ↑ Joshi, Vishal. (25 September 2013). KU psychologists to study Karnal's 'memory prince'. The Hindustan Times
  4. ↑ Lohumi, Bhanu P. (25 September 2013). For Haryana’s wonderkid, no question is tough enough. The Tribune, Chandigadh
  5. ↑ I A N S. (8 October 2013). Haryana government awards boy wonder Rs 10 lakh
  6. ↑ (11 February 2014). गूगल ब्वाय कौटिल्य को मिली 'बाल मनीषी' उपाधि. Live hindustan.com
  7. ↑ (26 October 2013). Big B in awe of Kautilya on KBC. Hindustan Times

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৌটিল্য পণ্ডিত” প্ৰবন্ধৰ সংশোধন ৪৪৫০৯৯ (১৫ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।