অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কুমুদিনী হাজং

কুমুদিনী হাজং (১৯২৯/১৯৩০ – ২৩ মাৰ্চ ২০২৪) এজনী বাংলাদেশী হাজং বিপ্লৱী, আদিবাসী আৰু ধৰ্মনিৰপেক্ষ অধিকাৰ কাৰ্যকৰ্তা আছিল। তেওঁ ব্ৰিটিছ ৰাজৰ সময়ছোৱাত হোৱা টঙ্ক আন্দোলনত অংশগ্ৰহণৰ বাবে পৰিচিত। তেওঁ ২০১৯ চনত সমাজ কল্যাণত অৱদানৰ বাবে বাংলা একাডেমি ফেলোশ্বিপ লাভ কৰে।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২৫ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কুমুদিনী হাজং (১৯২৯/১৯৩০ – ২৩ মাৰ্চ ২০২৪) এজনী বাংলাদেশী হাজং বিপ্লৱী, আদিবাসী আৰু ধৰ্মনিৰপেক্ষ অধিকাৰ কাৰ্যকৰ্তা আছিল। তেওঁ ব্ৰিটিছ ৰাজৰ সময়ছোৱাত হোৱা টঙ্ক আন্দোলনত অংশগ্ৰহণৰ বাবে পৰিচিত।১ তেওঁ ২০১৯ চনত সমাজ কল্যাণত অৱদানৰ বাবে বাংলা একাডেমি ফেলোশ্বিপ লাভ কৰে।

হাজং প্ৰায় ১৯৩০ চনত ময়মনসিংহ (বৰ্তমানৰ দুৰ্গাপুৰ উপজিলা, নেত্ৰকোনা)ৰ বাহেৰাটোলি গাঁৱত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আছিল অথিত চন্দ্ৰ ৰায় হাজং আৰু মাতৃ জনমণি হাজং।২

তেওঁ লঙ্কেশ্বৰ হাজঙৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁৰ পতিৰ ২০০০ চনত দেহাৱসান ঘটে।১ তেওঁলোকৰ তিনি পুত্ৰ আৰু দুজনী কন্যা আছিল।৩ ২৩ মাৰ্চ ২০২৪ তাৰিখে নিজৰ বাসগৃহত কুমুদিনীয়ে মৃত্যু বৰণ কৰে।১

পুৰস্কাৰ

  • বাংলা একাডেমি ফেলোশ্বিপ (২০১৯)৪
  • অনন্যা শীৰ্ষ ১০ পুৰস্কাৰ (২০০৩)৫

টোকা

  1. দ্য ডেইলী ষ্টাৰ বাতৰি কাকত অনুসৰি, তেওঁৰ মৃত্যু সময়ত বয়স ৯৪ বছৰ আছিল।

তথ্যসূত্ৰ

  1. ↑ (২৪ মাৰ্চ ২০২৪). টঙ্ক আন্দোলনৰ নেত্ৰী কুমুদিনী হাজং ৯৪ বছৰত দেহ ত্যাগ. The Daily Star
  2. ↑ আৰ্কাইভ কপি. kullagoraup.netrokona.gov.bd. kullagora Union
  3. ↑ টঙ্ক আন্দোলনৰ নেত্ৰী কুমুদিনী হাজং দেহ ত্যাগ কৰিলে. BSS
  4. ↑ ৪২তম বাংলা একাডেমি সাধাৰণ পৰিষদ বাৰ্ষিক সভা ২০১৯. banglaacademy.gov.bd. বাংলা একাডেমি
  5. ↑ (১৮ জানুৱাৰী ২০২২). bn:যেমন আছেন কুমুদিনী হাজং. Prothom Alo

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিবাংলাদেশৰ নাৰী অধিকাৰ কৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমুদিনী হাজং” প্ৰবন্ধৰ সংশোধন ৫৩৭২৯৮ (৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।