অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কুমুদ গোস্বামী

কুমুদ গোস্বামী এগৰাকী অসমীয়া গল্পকাৰ, সম্পাদক আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব। ষাঠিৰ দশকত গল্প, কবিতা আৰু উপন্যাসেৰে সাহিত্য চৰ্চা আৰম্ভ কৰা কুমুদ গোস্বামী শেষৰ ফালে গল্পকাৰ ৰূপে বিশেষ পৰিচিতি লাভ কৰে। ১৯৪৮ চনত কামৰূপ জিলাৰ পলাশবাৰীত কুমুদ গোস্বামীৰ জন্ম হৈছিল।

হালনাগাদ: ৪ ছেপ্তেম্বৰ ২০২২ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কুমুদ গোস্বামী এগৰাকী অসমীয়া গল্পকাৰ, সম্পাদক আৰু অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব।১ ষাঠিৰ দশকত গল্প, কবিতা আৰু উপন্যাসেৰে সাহিত্য চৰ্চা আৰম্ভ কৰা কুমুদ গোস্বামী শেষৰ ফালে গল্পকাৰ ৰূপে বিশেষ পৰিচিতি লাভ কৰে।

১৯৪৮ চনত কামৰূপ জিলাৰ পলাশবাৰীত কুমুদ গোস্বামীৰ জন্ম হৈছিল। ১৯৬৩ চনত কৃতিত্বৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈ তেওঁ কটন কলেজত নামভৰ্তি কৰে আৰু কটনৰপৰাই সু-খ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। পঢ়া শেষ কৰি তেওঁ অসম প্ৰকাশন পৰিষদৰ সাহিত্য সচিব ৰূপে কৰ্মজীৱন আৰম্ভ কৰে আৰু পিছলৈ অনুষ্ঠানটোৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰে। তেওঁৰ কিছুবছৰ প্ৰকাশ (আলোচনী) আলোচনীৰ সম্পাদক আছিল। প্ৰান্তশ্ৰী, শিক্ষা আৰু সঁফুৰা আলোচনীও তেওঁ সম্পাদনা কৰিছিল।১

গ্ৰন্থপঞ্জী

গল্প সংকলন

  • দুৱাৰ (১৯৭৪)
  • ঘনচিৰিকাৰ বাহ (১৯৭৬)
  • প্ৰাৰ্থনা (১৯৮০)
  • ৰাতিৰ চৰাই (১৯৯০)

উপন্যাস

  • পান্থশালা (১৯৭৫)
  • উল্কাৰ পোহৰ (১৯৮৩)
  • অনিৰুদ্ধ (২০০৪)

তথ্যসূত্ৰ

  1. ↑ শোণিত বিজয় দাস, মুনীন বায়ন. (২০০৬). কথা বৰণ্য ১০০. কথা. পৃ. ২৬০. ISBN 81-89148-14-1

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমীয়া গল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমুদ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৩৩২৩৭৯ (৪ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।