অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৰুণা শুক্লা

কৰুণা শুক্লা (Karuna Shukla, ১ আগষ্ট ১৯৫০ – ২৭ এপ্ৰিল ২০২১) ভাৰতৰ চতুৰ্দশ লোকসভাৰ সদস্য আছিল।

হালনাগাদ: ১৭ ফেব্ৰুৱাৰী ২০২৫ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কৰুণা শুক্লা (Karuna Shukla, ১ আগষ্ট ১৯৫০ – ২৭ এপ্ৰিল ২০২১) ভাৰতৰ চতুৰ্দশ লোকসভাৰ সদস্য আছিল।

জীৱনী

ছত্তীশগড়ৰ জাঞ্জগীৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি ২০১৩ চনলৈকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিক দলৰ সদস্য হিচাপে কৰ্মৰত শুক্লাই ২০০৯ চনৰ নিৰ্বাচনত কোৰবাৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰণ দাস মহন্তৰ হাতত পৰাস্ত হৈছিল৷ মহন্ত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আছিল।

২০১৩ চনৰ ২৫ অক্টোবৰত দলটো "ক্ষমতাৰ ৰাজনীতিৰ কবলত থকা বুলি অভিযোগ উঠিছে" বুলি উল্লেখ কৰি তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰে।১২

কৰুণা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ভতিজী আছিল।

বিজেপিৰ সৈতে ৩২ বছৰীয়া ঘনিষ্ঠতাৰ অন্ত পেলোৱাৰ পিছত ২০১৪ চনৰ ২৭ ফেব্ৰুৱাৰীত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ছত্তীশগড়ৰ বিলাসপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। ১৭৬,৪৩৬ ভোটৰ ব্যৱধানত বিজেপিৰ লখান লাল সাহুক তেওঁ পৰাস্ত কৰে।

২০১৮ চনৰ ছত্তীশগড় বিধানসভাৰ নিৰ্বাচনত ৰাজনন্দগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু পৰাস্ত হৈছিল। তেওঁক প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী ৰমন সিঙে পৰাস্ত কৰে।

২০২১ চনৰ ২৭ এপ্ৰিলত ক'ভিড-১৯ত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।৩

তথ্যসূত্ৰ

  1. ↑ Atal Bihari Vajpayee's niece Karuna Shukla joins Congress, slams Narendra Modi
  2. ↑ (26 October 2013). AB Vajpayee's niece Karuna Shukla quits BJP - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ Atal Bihari Vajpayee’s niece, former MP, Karuna Shukla dies of Covid-19

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰুণা শুক্লা” প্ৰবন্ধৰ সংশোধন ৪৭৮৭০২ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।