অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ক্ৰান্তি গৌড়

ক্ৰান্তি গৌড় ( ইংৰাজী: Kranti Gaud; জন্ম: ১১ আগষ্ট ২০০৩) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত মধ্যপ্ৰদেশ আৰু মহিলা প্ৰিমিয়াৰ লীগত ইউ পি ৱাৰিয়ৰ্জক তেওঁ প্ৰতিনিধিত্ব কৰে।. ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দলটোৰ তেওঁ প্ৰতিনিধি আছিল।

হালনাগাদ: ৮ ছেপ্তেম্বৰ ২০২৬ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ক্ৰান্তি গৌড় ( ইংৰাজী: Kranti Gaud; জন্ম: ১১ আগষ্ট ২০০৩) এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। ঘৰুৱা ক্ৰিকেটত মধ্যপ্ৰদেশ আৰু মহিলা প্ৰিমিয়াৰ লীগত ইউ পি ৱাৰিয়ৰ্জক তেওঁ প্ৰতিনিধিত্ব কৰে।.১ ২০২৫ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপত জয়ী হোৱা ভাৰতীয় দলটোৰ তেওঁ প্ৰতিনিধি আছিল।

ঘৰুৱা কেৰিয়াৰ

গৌড়ে মধ্য প্ৰদেশৰ মহিলা ক্ৰিকেট দলৰ হৈ ঘৰুৱা ক্ৰিকেট খেলে২৷ তেওঁ বংগৰ বিৰুদ্ধে ২০২৪–২৫ বৰ্ষৰ ছিনিয়ৰ মহিলা ৱান ডে ট্ৰফীৰ ফাইনেলত ৪টা উইকেট দখল কৰে। ২ মধ্যপ্ৰদেশৰ ২৩ বছৰ অনুৰ্ধ দলৰ হৈও গৌড়ে খেলিছিল।২

২০২৪ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা তৃতীয়টো ডব্লিউ পি এল নিলামত গৌড়ক ইউ পি ৱাৰিয়ৰ্জে ১০ লাখ টকাত ক্ৰয় কৰিছিল।২ ২২ ফেব্ৰুৱাৰীত দিল্লী কেপিটেলছৰ বিৰুদ্ধে তেওঁ প্ৰথমটো ডব্লিউ পি এল উইকেট দখল কৰিছিল, যেতিয়া তেওঁ ডি চিৰ অধিনায়ক মেগ লেনিঙক ক্লিন বল কৰিছিল।৩ এই খেলখনত ২০২৩ চনত ইছি ৱঙৰ পিছতে ডব্লিউ পি এলত চাৰিটা উইকেট দখল কৰা দ্বিতীয়গৰাকী কনিষ্ঠ খেলুৱৈ হিচাপে তেওঁ পৰিগণিত হয়।৪৫

তথ্যসূত্ৰ

  1. ↑ Kranti Gaud. WPL
  2. ↑ How Kranti Goud's need for speed found her a place with the UP Warriorz. ESPNcricinfo
  3. ↑ WPL 2025: UP Warriorz’s Kranti Goud outpaces odds to make a mark. Sportstar
  4. ↑ Henry's onslaught, Harris and Goud's dream spells get Warriorz off the mark. ESPNcricinfo
  5. ↑ Stats - Henry smashes joint-fastest fifty in the WPL, Harris third to take a hat-trick. ESPNcricinfo

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰমধ্য প্ৰদেশৰ ব্যক্তিভাৰতীয় মহিলা ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰান্তি গৌড়” প্ৰবন্ধৰ সংশোধন ৬৩৪৬২৭ (৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।