খামুন ৰাজমন্ত্ৰী ফুকন আহোম ৰাজশাসনৰ ৰাজমন্ত্ৰী আছিল। তেওঁ টাই-আহোম জনগোষ্ঠী ৰজাঘৰৰ নাওবৈচা ফুকন-ও আছিল। তেওঁৰ দুই জীয়ৰীৰ ডাঙৰ জনীক আহোম ৰজা জয়দ্ধজ সিংহই বৰকুঁৱৰী আৰু সৰুজনীক পৰ্বতীয়া কুঁৱৰী কৰি চপাই লৈছিল। সেই কাৰণতেই জয়দ্ধজ সিংহই খামুন ৰাজমন্ত্ৰী ফুকনক ৰাজমন্ত্ৰীও পাতিছিল। খামুন ৰাজমন্ত্ৰী ফুকন ‘গড়গঞা শহুৰ’ নামেৰেও জনাজাত আছিল। ১৯৬৩ চনত মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত আহোম ৰজা আৰু মোগল সাম্ৰাজ্যৰ মাজত ঘিলাজাৰি ঘাটত হোৱা সন্ধিপত্ৰত খামুন ৰাজমন্ত্ৰী ফুকনে চহী কৰিছিল। জয়দ্ধজ সিংহৰ মৃত্যুৰ পিছত নিজে বা নিজৰ পৰিয়ালৰ কোনো লোকক আহোম স্বৰ্গদেউ পতাৰ অভিসাৰত তেওঁ লিপ্ত হৈছিল। সেই দোষতে ৰজা চক্ৰদ্ধজ সিংহই খামুন ৰাজমন্ত্ৰী ফুকন আৰু তেওঁৰ সমগ্ৰ পৰিয়ালৰ নিধন কৰিছিল১।
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খামুন ৰাজমন্ত্ৰী ফুকন” প্ৰবন্ধৰ সংশোধন ২৩৪৫৭৭ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।