হেলনীয়া পাঠ্য'কোল্লাক্কাইল দেৱকী আম্মা' (: Kollakkayil Devaki Ammaজন্ম প্ৰায় ১৯৩৪); এগৰাকী ভাৰতীয় মহিলা যিয়ে গাড়ী দুৰ্ঘটনাৰ পিছত ধান খেতি কৰিবলৈ বাধাগ্ৰস্থ হোৱাৰ ফলত ঘৰৰ ওচৰৰ পথাৰত গছ ৰুবলৈ ধৰিলে। উদ্যান শস্যৰ প্ৰতি থকা প্ৰেম তেওঁৰ ককা দেউতাকৰ পৰা অনুপ্ৰাণিত হৈছিল।১২ তেওঁ গোপালকৃষ্ণ পিল্লাইক বিয়া কৰাইছিল, যিজন শিক্ষক আছিল আৰু পথাৰত ধান খেতি কৰিছিল।৩৪ ১৯৮০ চনত দেৱকী আম্মা এখন গুৰুতৰ গাড়ী দুৰ্ঘটনাত পতিত হয়, যাৰ ফলত তেওঁ তিনি বছৰ বিচনাত পৰি থাকে।৩১
অৰণ্য
দুৰ্ঘটনাৰ পৰা সুস্থ হৈ উঠাৰ পিছত দেৱকী আম্মাই ধাননি পথাৰত কাম কৰিব নোৱাৰাৰ বাবে পিছফালৰ বাৰীত গছ ৰোপণ কৰিবলৈ ধৰিলে। সময়ৰ লগে লগে এই প্ৰকল্পটো ৪.৫ একৰ অৰণ্যলৈ পৰিণত হয়।১ ইয়াত কৃষ্ণনাল, মেহগনি, আম, কস্তুৰী, পাইন, তৰা আৰু অমিতাকে ধৰি ৩,০০০ৰো অধিক গছ আছে।৩১ ইয়াৰ উপৰিও বিৰল প্ৰজাতিৰ আন বহুতো উদ্ভিদ আছে আৰু এই হাবিবোৰত আমুৰ ফাল্কন, ব্লুথ্ৰ'ট, ক'লা পাখিৰ ষ্টিল্ট, পেৰাডাইজ ফ্লাইকেচাৰ আৰু পান্নাৰ কপৌ আদি চৰাইৰ বিচৰণ ভূমিত পৰিনত হ’ল।৩১৫দেৱকী আম্মাই তিনি দশকৰো অধিক সময় ধৰি প্ৰায় একেৰাহে এককভাৱে বন পৰিচৰ্যা কৰি আহিছিল, য'ত তেওঁ গৰু, মহ, আৰু গাধৰ সহায় লৈ বৰষুণৰ পানী সংগ্ৰহ কৰিছিল।৫
বঁটা
দেৱকী আম্মাক আলাপ্পুঝা জিলাই সামাজিক বন বঁটা আৰু বিজ্ঞান ভাৰতীয়ে ভূমিত্ৰা পুৰুষৰ বঁটা প্ৰদান কৰে। কেৰেলা ৰাজ্যই তেওঁক হৰি ব্যক্তিৰ পুৰুষাৰ্থ প্ৰদান কৰে।৩ ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ ইন্দিৰা প্ৰিয়দৰ্শিনী বৃক্ষমিত্ৰ বঁটা৬ আৰু নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছে। পিছৰটো ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক দিছিল।৩
তথ্যসূত্ৰ
- ↑ A, Sam Paul. (4 May 2019). In 4.5 acres, she nurtures a dense forest. The Hindu
- ↑ Kesharwani, Sakshi. (5 September 2020). Devaki Amma – An unsung hero. Times of India
- ↑ Adil, Yashfeen. (24 September 2019). Kollakkayil Devaki Amma: The Woman Who Built A Forest. Feminism In India
- ↑ The woman who gave birth to a forest. Kerala Tourism
- ↑ Karelia, Gopi. (19 March 2019). Working for 40 Years, Kerala's 85-YO Devaki Amma Grew a Forest All By Herself!. The Better India
- ↑ The woman who gave birth to a forest, Kollakkayil Devaki Amma, Alappuzha, Personal Forest, Attraction, Kerala Tourism. Kerala Tourism
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোল্লাক্কাইল দেৱকী আম্মা” প্ৰবন্ধৰ সংশোধন ৪৯৩০৮৯ (১৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।