অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কেণ্ডিচ বুচাৰ

কেণ্ডিচ বুচাৰ (ইংৰাজী: Candice Boucher) এগৰাকী দক্ষিণ আফ্ৰিকান মডেল আৰু অভিনেত্ৰী। ২০১০ চনত বুচাৰ প্লেবয় আৰু স্পৰ্টছ ইলাষ্ট্ৰেটেড আলোচনীৰ বেটুপাতত স্থান লাভ কৰিছিল। ২০১১ চনত তেওঁ বলিউডৰ ছবি আজানত অভিনয় কৰিছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ১০৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কেণ্ডিচ বুচাৰ (ইংৰাজী ভাষা: Candice Boucher) এগৰাকী দক্ষিণ আফ্ৰিকান মডেল আৰু অভিনেত্ৰী। ২০১০ চনত বুচাৰ প্লেবয় আৰু স্পৰ্টছ ইলাষ্ট্ৰেটেড আলোচনীৰ বেটুপাতত স্থান লাভ কৰিছিল। ২০১১ চনত তেওঁ বলিউডৰ ছবি আজানত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু মডেলিং

কেণ্ডিচ বুচাৰৰ জন্ম দক্ষিণ আফ্ৰিকাৰ ডাৰবানত হৈছিল। সোতৰ বছৰ বয়সত তেওঁ বন্ধু-বান্ধৱীৰ অনুৰোধত হাইস্কুলৰ বাৰ্ষিক সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।১ তেওঁ প্ৰতিযোগিতাত জয়ী হয় আৰু এজন স্থানীয় ফটোগ্ৰাফাৰৰ সৈতে ফটো শ্বুট কৰাৰ সুযোগ পায়। ফটোগ্ৰাফাৰজনে বুচাৰৰ ফটোবোৰ দক্ষিণ আফ্ৰিকাৰ মডেলিং সংস্থা 'মডেলছ ইণ্টাৰনেচনেল'লৈ প্ৰেৰণ কৰে। কোম্পানীটোৱে বুচাৰৰ সৈতে যোগাযোগ কৰি তেওঁক কামৰ প্ৰস্তাৱ দিয়ে।

কৰ্মজীৱন

হাইস্কুলৰ শিক্ষা সমাপ্ত কৰি বুচাৰ মডেলিং কেৰিয়াৰ আগবঢ়াই নিবলৈ কেপ টাউনলৈ গুচি যায়।১ বুচাৰ কচম’পলিটান আলোচনীৰ কভাৰ মডেল হোৱাৰ লগতে এফ এইচ এম, জি কিউ, ফিলা, স্পিড’, স্পৰ্টছ ইলাষ্ট্ৰেটেড আৰু এল আলোচনীৰ বাবে মডেলিং কৰিছে।

২০০৯ চনত বুচাৰ 'গেছ' (Guess) নামৰ ব্ৰেণ্ডটোৰ নতুন মডেল হিচাপে নিৰ্বাচিত হয়। ২০১০ চনৰ এপ্ৰিল মাহত তেওঁ প্লেবয়ৰ বেটুপাতত স্থান পায়। কেনিয়াত কৰা এই ফটো শ্বুটটোৰ শিৰোনাম আছিল "আনড্ৰেছড ইন আফ্ৰিকা।" ইয়াৰ কেইমাহমানৰ পিছত অক্টোবৰত তেওঁ স্পৰ্টছ ইলাষ্ট্ৰেটেডৰ বেটুপাতত স্থান লাভ কৰে।২ ২০১১ চনত তেওঁ শচীন জে যোশীৰ সৈতে আজান ছবিত অভিনয় কৰে।৩

চলচ্চিত্ৰপঞ্জী

বৰ্ষশীৰ্ষকচৰিত্ৰটোকা
২০১১আজানআফ্ৰিনচলচ্চিত্ৰত অভিষেক

ব্যক্তিগত জীৱন

বুচাৰ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক মহানগৰ চহৰত বাস কৰে।৪

তথ্যসূত্ৰ

  1. ↑ Muhlenberg, Dylan. (20 May 2011). Candice Boucher chats about beauty · IOL. Independent Online
  2. ↑ Candice Boucher: Sports Illustrated's Swimwear cover. Biz Community
  3. ↑ Khan, Rubina A. (17 May 2011). She did it at Cannes, but can Candice Boucher sizzle up Bollywood. Firstpost
  4. ↑ Ndebele, Gabisile. (24 March 2010). SA model on Playboy cover. Times Live

সম্পৰ্কিত শ্ৰেণী

দক্ষিণ আফ্ৰিকাৰ ব্যক্তিঅভিনেত্ৰীমডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেণ্ডিচ বুচাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৮২৯২ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।