কৃষ্ণ ভূঞা অসমৰ এগৰাকী গল্পকাৰ৷১ তেখেত আৱাহন যুগৰ প্ৰধান গল্পকাৰসকলৰ মাজৰ এজন আছিল৷
জন্ম আৰু বংশ পৰিচয়
তেখেতৰ জন্ম ১৯১৪ চনত, যোৰহাট চহৰত। পিতৃ নৰেন্দ্ৰ নাথ ভূঞা, তেখেত আছিল চৰকাৰী হাইস্কুলৰ শিক্ষক। মাতৃৰ নাম ধনদা ভূঞা।
শিক্ষা
- ১৯৩২ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ।
- আই এ– যোৰহাট কলেজ, ১৯৩৪
- বি এ- কটন কলেজ
- এম এ- কলিকতা বিশ্ববিদ্যালয়
জীৱিকা
চৰকাৰী চাকৰি। সমবায় বিভাগৰ যুটীয়া পঞ্জীয়ক হিচাপে অৱসৰ গ্ৰহণ। ৷২
বিবাহ
যোৰহাটৰ স্বৰ্গীয় যোগেশ্বৰ দুৱৰাৰ প্ৰথমা কন্যা শ্ৰীমতী আশালতা ভূঞাৰ সৈতে ১৯৪৪ চনত বিবাহ পাশত আবদ্ধ হয়। ৷৩
প্ৰকাশিত গ্ৰন্থ
- ৰামধেনুৰ ৰং (গল্প সংকলন, ১৯৬২)
- উত্তৰ মেঘ (উপন্যাস, ১৯৮৪),
- ফুল আৰু জাবৰ (গল্প সংকলন, ১৯৮৮)
- বিয়া যাৰ নহ'ল (গল্প' সংকলন)
- নাম স্থিৰ নোহোৱা ষোল্লটা গল্পৰ এটা সংকলন
- ধনেশ্বৰ চফতহঁতৰ বাবে (উপন্যাস)
অপ্ৰকাশিত পাণ্ডুলিপি
- অংকীয়া নাটিকা পাঁচখন, অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত
- হালধীয়া চৰাই (কবিতাৰ সংকলন)
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণ ভূঞা” প্ৰবন্ধৰ সংশোধন ৩২৩৭১০ (৯ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।