অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উৰ্মিলা সত্যনাৰায়ণ

উৰ্মিলা সত্যনাৰায়ণ ( Urmila Satyanarayana ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। ভাৰতনাট্যমৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা সেৱাৰ বাবে ২০২৩ চনত তেওঁক সংগীত নাটক একাডেমী বঁটাৰে পুৰস্কৃত কৰা হয়।

হালনাগাদ: ১ মে’ ২০২৬ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

উৰ্মিলা সত্যনাৰায়ণ ( Urmila Satyanarayana ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। ভাৰতনাট্যমৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা সেৱাৰ বাবে ২০২৩ চনত তেওঁক সংগীত নাটক একাডেমী বঁটাৰে পুৰস্কৃত কৰা হয়। ১

জীৱন আৰু কৰ্ম

উৰ্মিলা সত্যনাৰায়ণক বিশিষ্ট গুৰু ‘পদ্মশ্ৰী’ কে.এন. দণ্ডায়ুথাপানী পিল্লাই, ২ কলাইমামণি কে.জে. সৰসা আৰু পদ্ম ভূষণ কলানিধি নাৰায়ণনৰ ওচৰত নৃত্যৰ শিক্ষা গ্ৰহণ কৰে।। মূলতঃ ভাৰতনাট্যমৰ তেওঁৰ আৰমণ্ডীৰ (ভাৰতনাট্যমৰ এক অৱস্থান) বাবে তেওঁ পৰিচিত।

৫ বছৰ বয়সৰ পৰাই ভাৰতনাট্যমৰ শিক্ষা গ্ৰহণ কৰা উৰ্মিলাই ১০ বছৰ বয়সত মঞ্চত প্ৰদৰ্শন কৰিছিল। ৰাষ্ট্ৰীয় ৩ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰি ২০২৩ চনত তামিলনাডু ৰাজ্যৰ কলাইমামণি বঁটা আৰু সংগীত নাটক অকাডেমী বঁটাকে ধৰি বহুতো বঁটাৰে সন্মানিত হৈছে।

উৰ্মিলাই ১৯৯৬ চনত চেন্নাইৰ কিলপওক গাৰ্ডেনত নাট্য সংকল্প ৪ নামৰ নৃত্য বিদ্যালয় আৰম্ভ কৰে। এই প্ৰতিষ্ঠানটোৱে ভৰতনাট্যম শিল্পী গঠনত নৃত্য, কৰ্ণাটকী সংগীত আৰু যোগৰ তাত্বিক জ্ঞানত গুৰুত্ব আৰোপ কৰে। ৫

সন্মান

তথ্যসূত্ৰ

  1. ↑ Urmila Satyanarayana - exponent of Bharata Natyam. artindia.net
  2. ↑ Krishnamurthy, Akhila. (2017-11-30). Urmila on her dance journey. The Hindu
  3. ↑ Urmila Sathyanarayanan Entertainment Photo Classical da... Times Of India
  4. ↑ Krishnamurthy, Akhila. (2023-12-15). Dancers gear up for their Margazhi release. The Hindu
  5. ↑ U, Aparna. (2023-12-27). 'Thadathagai - The Eternal Queen of Madurai': Telling the tale of a queen. The New Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰ্মিলা সত্যনাৰায়ণ” প্ৰবন্ধৰ সংশোধন ৬০৩৭৬৮ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।