এন পি ঝান্সি লক্ষ্মী (N. P. Jhansi Lakshmi; ২০ অক্টোবৰ ১৯৪১ – ১৯ ডিচেম্বৰ ২০১১) অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ৰাজনীতিবিদ আছিল৷ তেওঁ অষ্টম লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু অন্ধ্ৰ প্ৰদেশ বিধানসভাত এটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰাথমিক জীৱন
১৯৪১ চনৰ ২০ অক্টোবৰত বিশাখাপট্টনমত চি. মেট্ৰিকলৈকে শিক্ষা গ্ৰহণ কৰে।১
কৰ্মজীৱন
তেওঁ নৱগঠিত তেলেগু দেশম পাৰ্টিৰ সদস্য হিচাপে ১৯৮৩ চনৰ অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত চিত্তুৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ এন পি ভেংকটেশ্বৰ চৌদাৰীক ১৬,৪৩৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।২
পিছৰ বছৰত চিত্তুৰৰ পৰা অষ্টম লোকসভাৰ সাধাৰণ নিৰ্বাচনত তেওঁ ৩,৩২,৫৪৩ টা ভোট লাভ কৰি জয়ী হয়।৩ তেওঁ মহিলা আৰু শিশু কল্যাণ কাৰ্যসূচীৰ আঞ্চলিক সংগঠক আৰু কস্তুৰবা শতবাৰ্ষিকী সমিতিৰ সম্পাদিকা আছিল।১লক্ষ্মীয়ে কাৰ্যকাল সম্পূৰ্ণ নকৰি লোকসভাৰ পৰা পদত্যাগ কৰে।৪
ব্যক্তিগত জীৱন
১৯৫৬ চনৰ ৯ ডিচেম্বৰত ঝান্সী লক্ষ্মীয়ে এন পি বীৰৰাঘাভুলু নাইডুক বিয়া কৰায় আৰু দুয়োৰে দুজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান জন্ম হয়।১ ২০১১ চনৰ ১৯ ডিচেম্বৰত হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। দহ দিন আগতে তেওঁ হৃদযন্ত্ৰ বিকাৰত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল৷৫
তথ্যসূত্ৰ
- ↑ Members Bioprofile: Jhansi Lakshmi, Smt. N. P.. লোকসভা
- ↑ Statistical Report on General Election, 1983 to the Legislative Assembly of Andhra Pradesh. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 159
- ↑ Statistical Report on the General Elections, 1984 to the Eighth Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 25
- ↑ Jai, Janak Raj. (2003). Presidents of India, 1950-2003. Regency Publications. পৃ. 210. ISBN 978-81-87498-65-0
- ↑ (21 December 2011). Former MLA Dies. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এন পি ঝান্সী লক্ষ্মী” প্ৰবন্ধৰ সংশোধন ৪৭৬৫৬৮ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।