অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এমিলি আৰ্মষ্ট্ৰং

এমিলি মাৰ্চিয়া আৰ্মষ্ট্ৰং (Emily Marcia Armstrong; জন্ম: ৬ মে', ১৯৮৬) এগৰাকী আমেৰিকান গায়িকা আৰু গীটাৰিষ্ট। তেওঁ ডেড ছাৰাৰ সহ-প্ৰতিষ্ঠাপক আছিল৷ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত লিংকিন পাৰ্ক পুনৰ সংঘবদ্ধ হোৱা মুহূৰ্তত তেওঁ মুখ্য গায়িকা হিচাপে পৰিচিত হয়৷ বেণ্ডটোৰ এই পুনৰ্মিলন তেওঁলোকৰ দীৰ্ঘদিনীয়া মুখ্য…

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

এমিলি মাৰ্চিয়া আৰ্মষ্ট্ৰং (Emily Marcia Armstrong; জন্ম: ৬ মে', ১৯৮৬) এগৰাকী আমেৰিকান গায়িকা আৰু গীটাৰিষ্ট। তেওঁ ডেড ছাৰাৰ সহ-প্ৰতিষ্ঠাপক আছিল৷ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত লিংকিন পাৰ্ক পুনৰ সংঘবদ্ধ হোৱা মুহূৰ্তত তেওঁ মুখ্য গায়িকা হিচাপে পৰিচিত হয়৷ বেণ্ডটোৰ এই পুনৰ্মিলন তেওঁলোকৰ দীৰ্ঘদিনীয়া মুখ্য কণ্ঠশিল্পী চেষ্টাৰ বেনিংটনৰ মৃত্যুৰ সাত বছৰৰ পাছত হৈছে।

প্ৰাৰম্ভিক জীৱন

আৰ্মষ্ট্ৰঙৰ লছ এঞ্জেলছত জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ চাৰ্চ অৱ চাইন্টোলজিৰ বিশিষ্ট সদস্য আছিল আৰু তেওঁ চাইন্টোলজিষ্ট হিচাপে ডাঙৰ-দীঘল হৈছিল।১ ১১ বছৰ বয়সত তেওঁ গীত লিখিবলৈ আৰু গীটাৰ বজাবলৈ আৰম্ভ কৰিছিল, আৰু ১৫ বছৰ বয়সত গান গাবলৈ আৰম্ভ কৰিছিল।তেওঁ হাইস্কুল এৰিছিল৷ তেখেতে কয় যে তেওঁ ৰক বেণ্ডত থাকিব বিচাৰে আৰু আন একো কাম কৰাৰ কোনো আগ্ৰহ নাই।২ ২০১২ চনত এল পাছ' টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আৰ্মষ্ট্ৰঙে কয় যে সংগীতেই তেওঁক জীৱনত অনুপ্ৰাণিত কৰি ৰখা একমাত্ৰ বস্তু।৩

তথ্যসূত্ৰ

  1. ↑ Linkin Park's new singer: The Emily Armstrong controversy explained. BBC News
  2. ↑ Burger, David. (September 24, 2012). Song of the Day: X96 Big Ass Show performer Dead Sara's 'The Weatherman'. The Salt Lake Tribune
  3. ↑ Pullen, Doug. (May 22, 2012). Dead Sara Rocks Up a Storm on New CD. El Paso Times

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান কণ্ঠশিল্পীগীতিকাৰআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিকণ্ঠশিল্পীবাদ্যযন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমিলি আৰ্মষ্ট্ৰং” প্ৰবন্ধৰ সংশোধন ৫৭২৪৭৯ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।